প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ মুছৌৰীত থকা লালবাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমী চমুকৈ LBSNAA ত উপস্থিত হয় আৰু ইয়াৰে ৯২ তম ফাউণ্ডেশ্যন কোৰ্ছৰ ৩৬০ গৰাকী প্ৰশিক্ষাৰ্থী বিষয়াক লগ কৰে আৰু তেওঁলোকৰ সৈতে মত-বিনিময়ো কৰে৷ প্ৰধানমন্ত্ৰীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ LBSNAA লৈ আহিছে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ সৈতে চাৰিটা গোটত পৃথকে পৃথকে মত-বিনিময় কৰে৷ ভিন্নসুৰী বিষয়ৰ ওপৰত কৰা এই প্ৰায় চাৰিঘণ্টাজোৰা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থী বিষয়াসকলক তেওঁলোকৰ নিজ নিজ ধাৰণাসমূহ নিসংকোচে, নিৰ্ভয়ে তেওঁৰ সমূখত দাঙি ধৰিবলৈ আহ্বান জনায়৷ প্ৰশাসন, ব্যৱস্থাপনা, প্ৰযুক্তি আৰু সিদ্ধান্ত গ্ৰহণ তথা নীতি নিৰ্ধাৰণ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থী বিষয়াসকলক প্ৰশাসনৰ বিভিন্ন সমস্যা তথা বিষয়সমূহৰ ওপৰত গভীৰ অধ্যয়ণ কৰিবলৈ আহ্বান জনায়, যাতে তেওঁলোকে সেইবিষয়বোৰ ভালদৰে উপলব্ধি কৰিব পাৰে৷ এক জাতীয় দৃষ্টিভঙ্গী সৃষ্টি কৰাৰ বাবে এই বিষয়সমূহৰ ওপৰত যে গুৰুত্ব প্ৰদান কৰিব লাগিব তাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷ এই আলোচনাই এক সুন্দৰ জ্ঞান বিনিময় অনুষ্ঠানৰ ৰূপ লয়গৈ৷
প্ৰধানমন্ত্ৰীয়ে একাডেমীখনৰ অধ্যাপকসকলৰ সৈতেও মত বিনিময় কৰে, এই বাৰ্তালাপৰ সময়তেই এই একাডেমীখনত কিদৰে শিক্ষাদান কৰা হৈছে, ভাৰতৰ অসামৰিক সেৱাৰ এই বিষয়াসকলক সুপ্ৰশিক্ষিত কৰি তুলিবলৈ কিকি কৰা হয় সেই আটাইবোৰ দিশ প্ৰধানমন্ত্ৰীক স্পষ্ট ৰূপত অৱগত কৰোৱা হয়৷
প্ৰধানমন্ত্ৰীয়ে LBSNAA ত থকা অত্যাধুনিক গান্ধী স্মৃতি গ্ৰন্থাগাৰলৈও যায়৷ একাডেমীৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলে পৰিৱেশন কৰা এক চমু সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে প্ৰধানমন্ত্ৰীয়ে৷
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে একাডেমীত উপস্থিত হৈয়েই চৰ্দাৰ বল্লভভাই পেটেল আৰু পূৰ্ব প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিমূৰ্তিত পূস্পাঞ্জলি অৰ্পন কৰে৷
উল্লেখ্য যে আজি হৈ যোৱা মত-বিনিময়ৰ সময়ত কেবিনেট সচিব শ্ৰী পি. কে. সিনহা আৰু LBSNA ৰ সঞ্চালক শ্ৰীমতী উপমা চৌধুৰীও উপস্থিত থাকে৷
******
AKT/NT/Rang
Interacted with officer trainees of the 92nd Foundation Course at the Lal Bahadur Shastri National Academy of Administration in Mussoorie. pic.twitter.com/4gZeXSO6ts
— Narendra Modi (@narendramodi) October 26, 2017
We had good discussions on administration, good governance, technology and policy-making.
— Narendra Modi (@narendramodi) October 26, 2017
Officers shared their own experiences, which were very constructive. https://t.co/vJgPTzlbib
— Narendra Modi (@narendramodi) October 26, 2017
At LBSNAA, paid tributes to Sardar Patel, who painstakingly built our administrative framework. pic.twitter.com/GU6MvKmiIg
— Narendra Modi (@narendramodi) October 26, 2017
Paid tributes to Lal Bahadur Shastri ji, an experienced administrator and great leader after whom the Academy in Mussoorie is named. pic.twitter.com/ifWor8Xb8n
— Narendra Modi (@narendramodi) October 26, 2017