Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষত উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষত উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষত উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষত উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ কয় যে পাটনা বিশ্ববিদ্যালয় ভ্ৰমণ কৰা আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল মাজত থাকিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে কয় “বিহাৰৰ এই ভূমিক মই প্ৰণাম জনাইছোঁ। এই বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা বহু শিক্ষাৰ্থীয়ে দেশৰ বাবে অপৰিসীম বৰঙণি আগবঢ়াইছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই কথা নিৰীক্ষণ কৰিছে সমগ্ৰ দেশতে অসামৰিক সেৱাৰ শীৰ্ষ পদত কৰ্মৰত অধিকাংশই পাটনা বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা। প্ৰধানমন্ত্ৰীয়ে কয়, “দিল্লীত মই বহু কেইজন বিষয়াৰ সৈতে বাৰ্তালাপ কৰিছো, তাৰ অধিকাংশই বিহাৰৰ।”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ উন্নতিৰ দিশত কৰা কাম প্ৰশংসনীয়। কেন্দ্ৰীয় চৰকাৰে পুব ভাৰতৰ উন্নয়নত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলিও তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰ “জ্ঞান” আৰু “গংগা” দুয়োটাৰে আশীষধন্য। এয়াই বিহাৰৰ সুকীয়া বৈশিষ্ট্য। তেওঁ কয় যে গতানুগতিক শিক্ষাৰ বিপৰীতে আমাৰ বিশ্ববিদ্যালয়সমূহে উদ্ভাৱনশীল শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বায়নৰ এই যুগত আমি বিশ্বৰ পৰিৱৰ্তনশীলতা আৰু প্ৰতিযোগিতামুলক ভাৱধাৰাক বুজিব লাগিব। এই ক্ষেত্ৰত ভাৰতে বিশ্বত স্থান নিগাজী কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক বৰ্তমান সময়ত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ নতুনত্ব সমাধানৰ পথ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। তেওঁ কয় যে তেওঁলোকে যি শিকে, সেয়া ব্যৱহাৰ কৰাৰ বাবে আৰু ষ্টাৰ্ট-আপ খণ্ডৰ জৰিয়তে সমাজৰ বাবে শিক্ষাৰ্থীসকলে যথেষ্ট কাম কৰিব পাৰে।

পাটনা বিশ্ববিদ্যালয় পৰা বিমান বন্দৰ অভিমুখে ৰাওনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী, বিহাৰৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে বিহাৰৰ যাদুঘৰ পৰিদৰ্শন কৰে, য’ত ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ কৰা আছে।

***

AKT/AK/DB