Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

IALA লৈ বেচৰকাৰী সংস্থাৰ পৰা আন্তঃচৰকাৰী সংস্থাৰ মৰ্যাদা : কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি দেশৰ কেন্দ্ৰীয় কেবিনেটে ইণ্টাৰনেশ্যনেল এছ’চিয়েশ্যন অৱ মেৰিন এইডছ টু নেভিগেশ্যন এণ্ড লাইট হাউচ অথৰিটি (IALA)ক বেচৰকাৰী সংস্থাৰ পৰা আন্তঃচৰকাৰী সংস্থালৈ উন্নীত কৰাৰ সিদ্ধান্তলৈ যাৱতীয় অনুমোদন আগবঢ়াইছে৷

এই প্ৰস্তাৱৰ দ্বাৰা ‘বন্দৰসমূহৰ সুৰক্ষা, মিতব্যয়ীতা আৰু দক্ষতাপূৰ্ণ ৰূপায়ণ’ সম্ভৱপৰ হৈ উঠিব৷ ইয়াৰ দ্বাৰা এই সংস্থাটো আন্তঃৰাষ্ট্ৰীয় মেৰিটাইম সংস্থা (IMO) আৰু ইণ্টাৰনেশ্যনেল হাইড্ৰ’গ্ৰাফিক অৰ্গেনাইজেশ্যন (IHO) ৰ সমপৰ্যায়ৰ হৈ পৰিব৷

পটভূমি –

১৯৫৭ চনত ফৰাচী আইনৰ অধীনত প্ৰতিষ্ঠিত এই IALA ৰ মুখ্য কাৰ্যালয় আছে ছেইণ্ট জাৰ্মেইনেন লায়েত৷ ৮৩ খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক সংসদে পৰিচালনা কৰে এই সংস্থাটো৷ IALA কাউন্সিলত আছে ২৪ টা ৰাষ্ট্ৰীয় সদস্য আৰু ভাৰত ইয়াৰ অন্যতম কাউন্সিল সদস্য, ভাৰতে ইয়াত প্ৰতিনিধিত্ব কৰে নৌ মন্ত্ৰালয়ৰ অধীনৰ ডিৰেক্ট’ৰেট জেনেৰেল অৱ লাইটহাউছেছ এণ্ড লাইটশ্বিপ(DGLL)ৰ মাধ্যমেৰে৷ লাইটহাউচ আইন ১৯২৭ অনুসৰি DGLL এ আন্দামান-নিকোবৰ আৰু লাক্ষাদ্বীপকে ধৰি ভাৰতীয় সমূদ্ৰতীঁৰত সাধাৰণ পৰ্যায়ত নৌচালনাৰ গতিবিধি অনু সৰণ কৰাত সহায় কৰে৷

বিগত ২০১৪ চনৰ মে’ মাহত স্পেইনত অনুষ্ঠিত ইয়াৰ দ্বাদশ অধিবেশনত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এই সংস্থাটোক ইয়াৰ বেচৰকাৰী সংস্থাৰ মৰ্যাদাৰ পৰা উন্নীত কৰি আন্তঃচৰকাৰী সংস্থাৰ ৰূপ দিলে আগন্তুক ২১ শতিকাত দেশৰ বাবে লাভজনক বিবেচিত হ’ব৷


******

AKT/VBA/SH/Rang