আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত ভাৰত আৰু লিথুৱানিয়াৰ মাজৰ বন্দী প্ৰত্যাৰ্পন চুক্তি স্বাক্ষৰ আৰু সমৰ্থনৰ বাবে যাৱতীয় অনুমোদন জনোৱা হৈছে৷
উল্লেখ্য যে এই চুক্তিখনে ভাৰতত বন্দী জীৱন কটাই থকা লিথুৱানিয়াৰ উগ্ৰপন্থী, অৰ্থনৈতিক অপৰাধী আৰু অন্যান্য অপৰাধী আৰু লিথুৱানিয়াত বন্দীত্ব কটাই থকা ভাৰতীয় উগ্ৰপন্থী, অৰ্থনৈতিক অপৰাধী আৰু অন্যান্য অপৰাধীৰ প্ৰত্যাৰ্পনৰ বাবে এক ন্যায়িক পৰিকাঠামো প্ৰদান কৰিব৷
এই চুক্তিখন ভাৰতত কোনো অপৰাধ কৰি পলাতক অৱস্থাত থকা লিথুৱানিয়াৰ কোনো অপৰাধী তথা উগ্ৰপন্থীৰো প্ৰত্যাৰ্পনৰ ক্ষেত্ৰত সহায়ক বিবেচিত হ’ব৷ ই সৰ্বাত্মক ৰূপত অপৰাধীক ন্যায় প্ৰদান কৰি সমাজত শান্তি সুনিশ্চিত কৰাত সহায় কৰিব৷
******
AKT/VBA/SH/Rang