Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছুইছ কনফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃত্তিৰ অসমীয়া অনুবাদ (৩১ আগষ্ট, ২০১৭)

ছুইছ কনফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃত্তিৰ অসমীয়া অনুবাদ (৩১ আগষ্ট, ২০১৭)


মাননীয় ৰাষ্ট্ৰপতি মহোদয়া আৰু বিশিষ্ট অতিথিবৃন্দ,

সংবাদমাধ্যমৰ সদস্যসকল,

ৰাষ্ট্ৰপতি মহোদয়া আৰু তেওঁৰ লগত অহা প্রতিনিধিবৃন্দক ভাৰতত আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত।

মাননীয় অধ্যক্ষ মহোদয়া,

আপোনালোকৰ বাবে ভাৰত নতুন চিনাকী নহয়। অতীতত আপুনি কেইবাবাৰো ভাৰত ভ্ৰমণৰ বাবে আহিছে। কিন্তু ৰাষ্ট্ৰপতি হিচাপে আপোনাৰ এই ভাৰত ভ্ৰমণ এনে এক সময়ত মিলিছে যেতিয়া ভাৰতে স্বাধীনতাৰ ৭০সংখ্যক বৰ্ষপূর্তি পালন কৰিছে। এই বছৰতে ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত মৈত্রী সম্পর্কৰো সাত দশক পূর্ণ হ’বলৈ গৈ আছে। ২০১৬ত ছুইজাৰলেণ্ড ভ্ৰমণৰ সময়ত যি আপ্যায়ন আৰু আন্তৰিকতা মই পাইছিলো, সেই একেধৰণৰ অভিজ্ঞতা যে আপুনিও মনত লৈ যাব, সেই ক্ষেত্ৰত মই নিশ্চিত।

দুয়ো দেশে সকলো পর্যায়ত এই গভীৰ সম্পর্কক অটুট ৰাখিবলৈ আগ্রহী, সেই লৈ মই অতিশয় আনন্দিত।

বন্ধুসকল,

আজি আমি দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়বোৰক লৈ বিস্তৃত আলোচনাত মিলিত হৈছো। এই ভ্ৰমণৰ জৰিয়তে আমাৰ বলিষ্ঠ দ্বিপাক্ষিক সম্পর্ক সুদূৰপ্রসাৰী হৈ উঠিব বুলিও মই অনুভৱ কৰোঁ।

নিৰস্ত্রীকৰণ আৰু ভৌগোলিক প্রসাৰ ভাৰত আৰু ছুইজাৰলেণ্ড দুয়ো পক্ষৰ বাবেই বিশেষ গুৰুত্বপূর্ণ। এই ক্ষেত্রত এমটিচিআৰত ভাৰতৰ অন্তর্ভুক্তিৰ প্রস্তাৱত ছুইজাৰলেণ্ডৰ সমর্থন অতি গুৰুত্বপূৰ্ণ।

ভাৰত আৰু ইউৰোপৰ মুক্ত বাণিজ্য প্রতিষ্ঠানসমূহৰ মাজত বাণিজ্যিক আৰু অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বিষয়টো লৈও আমাৰ মাজত আলোচনা হৈছে। এই চুক্তিৰ আওঁতাত যিবোৰ সংস্থা আছে সেই সম্পর্কেও আলোচনা আৰু মত বিনিময়ৰ আৰম্ভ হৈছে আৰু এই পদক্ষেপক আমি আদৰণী জনাইছোঁ। চুক্তিৰ কাজ সম্পূর্ণ কৰাৰ লক্ষ্যৰে আমি উভয় পক্ষই প্রতিশ্রুতিবদ্ধ। আর্থিক লেনদেনৰ ক্ষেত্রত স্বচ্ছতা নিশ্চিত কৰাৰ বিষয়টো বর্তমান বিশ্বত সৰ্বাধিক গুৰুত্বপূর্ণ বিষয়। ক’লা ধন অথবা অসৎ উপায়েৰে অর্জিত ধন, ধনৰ অবৈধ লেনদেন অথবা অস্ত্র আৰু মাদক দব্য সৰবৰাহৰ কামত ধনৰ ব্যৱহাৰ–যিয়েই নহওঁক, এই সকলো বিষয়েই নিঃসন্দেহে গুৰুত্বপূর্ণ। বর্তমান বিশ্বৰ এই অভিশপ্ত দিশৰ মোকাবিলাত ছুইজাৰলেণ্ডৰ সৈতে আমাৰ সহযোগিতা অটুট থাকিব।

কৰ সংক্রান্তীয় বিষয়সমূহত স্বয়ংক্রিয় ব্যৱস্থাৰে তথ্যৰ লেনদেনৰ বাবে যোৱা বছৰ এক যৌথ বিবৃতিত আমি স্বাক্ষৰ কৰিছিলো। এই চুক্তিৰ আওঁতাত ছুইজাৰলেণ্ডত আভ্যন্তৰীণ প্রক্রিয়াকৰণৰ কাম সম্পূর্ণ হ’লে আমাৰ মাজত স্বয়ংক্রিয় ব্যৱস্থাৰ তথ্যৰ আদান-প্রদান। অর্থনৈতিক সম্পর্কৰ ক্ষেত্রত প্রত্যক্ষ বিদেশী বিনিয়োগ হ’ল এটি গুৰুত্বপূর্ণ বিষয় আৰু ছুইছ বিনিয়োগকাৰীসকলক মই বিশেষভাবে আদৰণী জনাইছো। এই বিশেষ ক্ষেত্রটোত এক নতুন দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ প্রয়োজনীয়তাৰ সম্পর্কে আলোচনা কৰিবলৈ আমি সহমত প্রকাশ কৰিছো। ছুইছ সংস্থাসমূহৰ বাবে কেতবোৰ সুযোগ-সুবিধাৰ প্রস্তাৱ আছে যাতে তেওঁলোকে ভাৰতৰ বিকাশ আৰু সমৃদ্ধি প্রচেষ্টাৰ অংশীদাৰ হৈ উঠিব পাৰে।

আজি দুয়োদেশৰ বাণিজ্যিক প্রতিনিধি দলৰ মাজত হোৱা আলোচনাত আমি অনুভৱ কৰিছো যে পাৰস্পৰিক কল্যাণৰ অৰ্থে উভয় পক্ষই বাণিজ্যিক প্রচেষ্টাক নিৰন্তৰভাবে আগুৱাই লৈ যোৱাৰ বাবে অতি আগ্রহী তথা আশাবাদী।

ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি, বিশেষকৈ আয়ুর্বেদ চিকিৎসা মানুহৰ সু-স্বাস্থ্য তথা ভালে থকাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। মই অতিকে সুখী যে ছুইজাৰলেণ্ডে ইতিমধ্যে আয়ুর্বেদ চিকিৎসা পদ্ধতিক স্বীকৃতি দিছে আৰু এই বিশেষ ক্ষেত্রত ছুইজাৰলেণ্ডে আৰু অধিক সহযোগিতা বিচাৰে।

বৃত্তি আৰু পেশাগত শিক্ষা তথা দক্ষতা অর্জনৰ ক্ষেত্রত ছুইজাৰলেণ্ডৰ পৰা সহায়তা যোগানৰ লক্ষ্যৰে দুয়ো দেশেই স্কিলচোনিক্সৰ অধীনত এক যৌথ উদ্যোগ গ্রহণ লৈছে। ৫ হাজাৰতকৈও অধিক পুৰণি ভাৰতীয় এই কর্মসূচীৰ সুযোগ লাভ কৰিছে। এই ধৰণৰ আদর্শ কর্মসূচীক আৰু সম্প্রসাৰিত কৰাৰ লক্ষ্যৰে আমাৰ সহযোগিতাৰ মাত্রাক আমি আৰু অধিক বৃদ্ধি কৰিবলৈ আগ্রহী।

বন্ধুসকল,

জলবায়ু পৰিৱর্তন আজি সকলো দেশৰ বাবেই এক বিশেষ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। এক সাধাৰণ অথচ পৃথক দায়িত্বশীলতাৰ নীতিক অনুসৰণ কৰি পেৰিছ চুক্তি কাৰ্যকৰী কৰিবলৈ আমি সহমতত উপনীত হৈছো। কাৰ্যকৰীকৰৰ পন্থা পদ্ধতিক আৰু উন্নত কৰি তুলিবলৈ সামগ্ৰিকভাবে প্রচেষ্টা চলাই যোৱাৰ কামতো আমি সহমত পোষণ কৰিছো। পৰমাণু সৰবৰাহকাৰী গোষ্ঠীৰ সদস্য পদত ভাৰতৰ অন্তর্ভুক্তিৰ জৰিয়তে আমাৰ স্বচ্চ শক্তি সংক্রান্তীয় চাহিদা পুৰণ কৰিব পাৰে। এই পৰিপ্রেক্ষিতত এনএছজিৰ সদস্য পদত আন্তর্ভুক্তিৰ বাবে ভাৰতক ছুইজাৰলেণ্ডে আগবঢ়োৱা সমর্থনৰ প্ৰতি মই কৃতজ্ঞ।

আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু অহা ২০২২ চনৰ ভিতৰত ১৭৫ জিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত যি পদক্ষেপ ভাৰতে লৈছে, তাৰ জৰিয়তে বিশুদ্ধ শক্তি আৰু প্ৰদূষণমুক্ত ভৱিষ্যৎ গঢ়ি তুলিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ প্রতিফলন ঘটিছে।

মাননীয় ৰাষ্ট্ৰপতি মহোদয়া,

আপোনাৰ এই ভ্ৰমণে যে আমাৰ দ্বিপাক্ষিক সম্পর্কক এক নতুন মাত্রালৈ উন্নীত কৰাৰ কামত যথেষ্ট সহায় কৰিব সেই বিষয়ে মই দৃঢ় বিশ্বাসী। অত্যন্ত সফল আৰু অর্থবহ আলোচনা চালাই নিয়াৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয়াক ধন্যবাদ জনাইছো। অনাগত সময়ত আপোনাৰ সৈতে যুটীয়া ভাবে কাম কৰি যাবলৈ মই বিশেষভাবে আগ্রহী।

মই পুনৰবাৰ আপোনাকে ভাৰতলৈ আদৰণী জনাইছোঁ। আপোনাৰ এই ভাৰত ভ্ৰমণ সফল আৰু অর্থবহ হৈ উঠক তাকে প্রার্থনা জনাইছোঁ।

আপোনাক বহুত বহুত ধন্যবাদ।

***

AKT/SH/KT/RSB/AK/DB