প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ বিলাসপুৰত উপস্থিত হৈ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷ ৭৫০ খন বিচনাৰ সুবিধাৰে নিৰ্মাণ হ’বলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণত ব্যয় কৰা হ’ব প্ৰায় ১৩৫০ কোটি টকা৷ স্বাস্থ্যসেৱাৰ উপৰিও এই চিকিৎসালয়খনে নাৰ্ছিং শিক্ষা তথা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত মেডিকেল শিক্ষা আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাবে ডিজিটেল নাৰ্ভ চেণ্টাৰ মুকলিৰ এক ফলকো মুকলি কৰে৷
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰে উনালৈ যায় আৰু তাতেই তেওঁ ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্ৰমণকালতেই কাংৰাৰ কাণ্ড্ৰোৰীত ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (SAIL) ৰ এটা তীখা সংসাধন গোটটোও মুকলি কৰে৷
*****
AKT/SH/Rang