Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা 


ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰপতি ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনালোঁ। ভগবানে তেওঁক আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ দীৰ্ঘায়ু আৰু সুস্থ জীৱন প্ৰদান কৰক, তাকে কামনা কৰিলোঁ।

দায়িত্বত অধিষ্ঠিত হোৱাৰ দিন ধৰি ৰাষ্ট্ৰপতি ডাঙৰীয়াই নিজৰ সৰলতা আৰু দয়ালু প্ৰকৃতিৰে ভাৰতবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছে।

মই সদায় ৰাষ্ট্ৰপতি ডাঙৰীয়াক ১২৫ কোটি ভাৰতীয়, বিশেষকৈ সমাজৰ দুখীয়া আৰু প্ৰান্তীয় লোকসকলৰ আশা-আকাংক্ষাৰ প্ৰতি সংবেদনশীল হোৱা দেখি আহিছো।” 

***

AKT/HS/DB