সহকাৰী সচিব হিচাপে বিদায় লোৱা ২০১৫ বৰ্ষত উত্তীৰ্ণ ভাৰতীয় প্ৰশাসনিক সেৱাৰ একাংশ বিষয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁলোকৰ উপস্থাপন আগবঢ়ায়।
বিষয়াসকলে প্ৰশাসনৰ লগত জড়িত ৮টা নিৰ্বাচিত বিষয়ৰ উপস্থাপন আগবঢ়ায়। সেইবোৰ ভিতৰত দুৰ্ঘটনাত পীড়িতৰ তাৎক্ষণিক সহায় আগবঢ়োৱা, সংশ্লিষ্ট ব্যক্তিৰ কাৰ্বন ফুটপ্ৰিণ্ট ধৰা পেলোৱা, বিত্তীয় অন্তৰ্ভূক্তি, গ্ৰামাঞ্চলৰ আয়ৰ উন্নয়ন ঘটোৱা, ডাটাভিত্তিক গ্ৰাম্য সম্পত্তি, ঐতিহ্যপূৰ্ণ পৰ্যটন, ৰে’লৱে সুৰক্ষা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী প্ৰধান।
এই উপলক্ষে অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে কণিষ্ঠ আৰু জ্যেষ্ঠ বিষয়াসকলে ইজনে সিজনৰ সৈতে বিভিন্ন ক্ষেত্ৰত যোগাযোগ স্থাপন কৰাটো নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ কথা। প্ৰধানমন্ত্ৰীয়ে যুৱ বিষয়াসকলক এই আলোচনাৰ পৰা ইতিবাচক দৃষ্টিভংগী লৈ কাম কৰি যোৱাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে যুৱ বিষয়াসকলক জিএছটি কাৰ্যকৰীকৰণৰ দিশত দৃষ্টি গুৰুত্ব আৰোপ কৰাৰ লগতে ডিটিটেল লেনদেন, বিশেষকৈ BHIM Appৰ দ্বাৰা এনে লেনদেনত উৎসাহিত কৰিবলৈ কয়।
তেওঁ সকলো বিষয়াকে তেওঁলোকৰ সংশ্লিষ্ট বিভাগত ক্ষীপ্ৰতাৰে চৰকাৰী ই-বজাৰ গ্ৰহণ কৰাৰ আহ্বান জনায়। তেওঁ এই প্ৰচেষ্টাৰে মধ্যস্থতাকাৰী নিৰ্মূল কৰিব আৰু ফলস্বৰূপে চৰকাৰৰ ৰাহি হ’ব বুলি কয়।
মুকলি স্থানত মলত্যাগমুক্ত আৰু গ্ৰাম্য বিদ্যুতীকৰণৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক এই ক্ষেত্ৰত ১০০শতাংশ লক্ষ্যত উপনীত হোৱাৰ মানসেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ ২০২২ চনৰ ভিতৰত মুক্তিযুঁজাৰুসকলৰ সপোনৰ ভাৰত নিৰ্মাণৰ দিশত কাম কৰিবলৈ সকলোকে জনায়। যিসকলে অতি বিনম্ৰতাৰে বিষয়া হিচাপে গঢ় লৈছে, তেওঁলোকে তৰুণ শিক্ষাৰ্থীসকলক লগ কৰি তেওঁলোকক প্ৰণোদিত কৰা উচিত। যোগাযোগৰ জৰিয়তেহে সহমৰ্মিতাৰ ভাৱ জাগ্ৰত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
তেওঁ কয় যে বৰ্তমানৰ বিষয়াসকলৰ মুখ্য লক্ষ্য হৈছে ৰাষ্ট্ৰ তথা ইয়াৰ নাগৰিকসকলৰ কল্যান সাধন কৰা। তেওঁ বিষয়াসকলক দলীয় মনোভাৱেৰে কাম কৰিবলৈ আৰ কি দিশত কাম কৰিব তাৰ বাবে দল গঠনৰ আহ্বান জনায়।
*****
AKT/HS/DB
Attended Valedictory Session of Assistant Secretaries. IAS officers of 2015 batch made detailed presentations on key policy related issues.
— Narendra Modi (@narendramodi) September 26, 2017
In my address, talked about GST, adoption of GeM, @swachhbharat Mission among other issues. https://t.co/rLCfcCsjy6
— Narendra Modi (@narendramodi) September 26, 2017