Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত ৰত্ন এম.এছ শুভলক্ষ্মীৰ দুই উত্তৰসূৰী এছ ঐশ্বৰ্য আৰু এছ সৌন্দৰ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

ভাৰত ৰত্ন এম.এছ শুভলক্ষ্মীৰ দুই উত্তৰসূৰী এছ ঐশ্বৰ্য আৰু এছ সৌন্দৰ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


ভাৰত ৰত্ন এম.এছ শুভলক্ষ্মীৰ দুই উত্তৰসূৰী এছ ঐশ্বৰ্য আৰু এছ সৌন্দৰ্যই আজি তেওঁলোকৰ অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সন্মুখত সংক্ষিপ্তভাৱে ‘মৈত্ৰী ভজত’ পৰিৱেশন কৰে৷ মনকৰিবলগীয়া যে, এম.এছ শুভলক্ষ্মীয়ে ১৯৬৬ৰ অক্টোবৰত ৰাষ্ট্ৰসংঘত এই ভক্তিগীতটো পৰিৱেশন কৰিছিল৷ কাশীৰ আচাৰ্য শ্ৰী চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতীয়ে সংস্কৃত ভাষাত গীতটো ৰচনা কৰিছিল৷

বিশ্ব শান্তি আৰু সাৰ্বজনীন বন্ধুত্বৰ উদ্দেশ্যে ৰচিত এই ভক্তি গীতটো এম.এছ শুভলক্ষ্মীয়ে সৰহসংখ্যক সংগীতানুষ্ঠানতে পৰিৱেশন কৰিছিল৷ ইয়াৰ অন্তিমশাৰী বাক্য আছিল—সুখ আৰু আনন্দৰে মানৱ জাতি উদ্ভাসিত হওক৷

*****

AKT/NT/MS