মাননীয় ষ্টেট কাউন্সেলাৰ,
বিশিষ্ট প্রতিনিধিবৃন্দ,
সংবাদ মাধ্যমৰ বন্ধুসকল,
মিংগলাবা,
২০১৪ চনত আছিয়ান শীৰ্ষ সন্মিলন উপলক্ষে মই আগতে এবাৰ ইয়ালৈ আহিছিলো, যদিও এই স্বর্ণভূমি ম্যানমাৰলৈ এয়া মোৰ প্রথম দ্বিপাক্ষিক ভ্ৰমণ। ইয়াক মোক যেনেদৰে সাদৰ-অভ্যর্থনা জনাইছে, মোৰ এনে লাগিছিল যে মই নিজৰ ঘৰতে আছো। সেয়েহে মই ম্যানমাৰ চৰকাৰক কৃতজ্ঞতা জনাইছোঁ।
মাননীয় ষ্টেট কাউন্সেলাৰ,
ম্যানমাৰৰ শান্তি প্রক্রিয়াৰ ক্ষেত্রত আপোনাৰ সাহসী নেতৃত্ব অতি প্রশংসনীয়। আপোনালোকে যি প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, সেয়া মই খুব ভালদৰে জানো।। ৰাখিন ৰাজ্যত চৰমপন্থী হিংসাৰ ফলত নিৰাপত্তা কর্মীসকলৰ সৈতে হোৱা যুদ্ধত বহু নির্দোষী লোকৰ প্ৰাণহানিক লৈ আপোনালোকৰ যি দুশ্চিন্তা উদ্ভৱ হৈছে, আমিও তাৰ সমভাগী হৈছোঁ। যি কোনো শান্তি প্রক্রিয়া বা বিশেষ সমস্যাৰ সমাধানৰ ক্ষেত্রত আমি সকলো পক্ষক একেলগে লৈ আলাপ-আলোচনাৰ মাধ্যমে মীমাংসাৰ পথ বিচাৰি উলিওৱা দিশত সমৰ্থন কৰোঁ। ম্যানমাৰৰ ঐক্য আৰু ভৌগোলিক অখণ্ডতাক সন্মান জনাই আমি সকলো নাগৰিকৰ শান্তি, ন্যায় আৰু সন্মান সুনিশ্চিত হোৱাটো কামনা কৰোঁ।
বন্ধুসকল,
ভাৰতৰ গণতান্ত্রিক পদ্ধতি ম্যানমাৰৰ সৈতে মিল আছে বুলি মই অনুভৱ কৰোঁ। সেইবাবে ম্যানমাৰৰ কাৰ্যপালিকা, বিধানমণ্ডল, আৰু নির্বাচন আয়োগ তথা প্রেছ কাউন্সেলৰৰ দৰে সংস্থাসমূহ শক্তিশালী কৰাত আমাৰ ব্যাপক সহযোগিতাকলৈ মই গৌৰৱান্বিত। চুবুৰীয়া দেশ হিচাপে নিৰাপত্তাৰ ক্ষেত্রত আমাৰ স্বার্থ একেধৰণৰ। দুয়ো দেশৰ দীর্ঘ ভূ-সীমান্ত আৰু সামুদ্রিক সীমান্তত নিৰাপত্তা আৰু সুস্থিৰতা বজাই ৰখাৰ বাবে আমি একেলগে কাম কৰিব লাগিব। প্ৰয়োজনমতে পথ আু সেঁতু নির্মাণ, শক্তি সংযোগ আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্রত আমাৰ যৌথ প্রচেষ্টাই এটি সুন্দৰ ভৱিষ্যতৰ সংকেত বহন কৰিছে। কালাদান প্রকল্পত সিত্তৱে বন্দৰ, পেলেটৱা আভ্যন্তৰীণ জলবন্দৰৰ কাম সম্পূর্ণ হৈছে। এতিয়া এইবোৰৰ সৈতে সংযোগৰ বাবে পথ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে। আপাৰ ম্যানমাৰৰ প্রয়োজনৰ ভিত্তিত ভাৰতৰ পৰা ভাৰতৰ পৰা ট্রাকেৰে হাইস্পীড ডিজেল অনাৰ কাম আৰম্ভ হৈছে। আমাৰ উন্নয়নৰ সহযোগী হোৱাৰ সুবাদতে ম্যানমাৰত উন্নত মানৰ স্বাস্থ্য, শিক্ষা আৰু গৱেষণাৰ সুবিধা উন্নয়ন সন্তোষজনক হৈছে। এইক্ষেত্রত ম্যানমাৰ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকনোল’জী আৰু এডভান্স চেন্টাৰ অৱ এগ্রিকালচাৰেল ৰিছার্চ এণ্ড এডুকেচনৰ অৱদান বিশেষভাবে উল্লেখযোগ্য। এই দুটি প্রধান শিক্ষাকেন্দ্রই দ্রুতগতি বিশ্বমানৰ শিক্ষার্থী গঢ়ি তুলিছে। ভৱিষ্যতেও আমাৰ প্রকল্পসমূহ ম্যানমাৰৰ প্রয়োজন আৰু অগ্রাধিকাৰৰ ভিত্তিত গঢ় লৈ উঠিব। আমাৰ দুয়ো দেশৰ মাজত আজি যিকেইখন চুক্তি সম্পাদিত হৈছে, সেইবোৰ আমাৰ বহুমুখী দ্বিপাক্ষিক সহযোগিতাক অধিক শক্তিশালী কৰিব।
বন্ধুসকল,
এটা কথা ঘোষণা কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ যে ভাৰত ভ্রমণ কৰিবলৈ ইচ্ছুক যি কোনো ম্যানমাৰ নাগৰিকক ভাৰত চৰকাৰে গ্ৰেটিছ ভিছা প্রদানৰ সিদ্ধান্ত লৈছে। ভাৰতৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ৪০জন ম্যানমাৰ নাগৰিকক মুক্তি দিয়াৰ কথা ঘোষণা কৰিবলৈ পায়ো মই আনন্দিত হৈছোঁ। আশা কৰোঁ তেওঁলোক কিছুদিনৰ ভিতৰতে ম্যানমাৰৰ তেওঁলোকৰ পৰিয়াল তথা আত্মীয়-স্বজনৰ ওচৰলৈ আহিব।
মাননীয় ষ্টেট কাউন্সেলাৰ,
নেই পী টাওত আমি অতি ইতিবাচক আলোচনাত মিলিত হৈছোঁ। আৰু যিমান সময় ম্যানমাৰত থাকিম, সেই সময়খিনিকলৈও মোৰ মন অত্যন্ত উৎসাহিত হৈছে। আজি মই বাগানত আনন্দ মন্দিৰ পৰিদৰ্শন কৰিম। আনন্দ মন্দিৰ আৰু অন্যান্য ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যসম্পন্ন গৃহসমূহ যোৱা ভূমিকম্পৰ পাছত অতি বেয়াকৈ ক্ষতিগ্রস্ত হয়। এইবোৰ এতিয়া ভাৰতৰ সহযোগিতাত নতুনকৈ গঢ়ি তোলা হৈছে। য়াংগনত ভাৰতীয় বংশোদ্ভূতসকলৰ সৈতে সাক্ষাতৰ উপৰি মই বিভিন্ন ধৰ্মীয় তথা ঐতিহাসিক গুৰুত্ব সম্পন্ন স্মাৰকসমূহত শ্রদ্ধাঞ্জলি অর্পণ কৰিম। মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত আমি পৰস্পৰৰ কল্যাণৰ অৰ্থে আৰু শক্তিশালী তথা নিবিড় সম্পর্ক গঢ়ি তোলাৰ বাবে একেলগে কাম কৰি যাম।
ধন্যবাদ।
চেজু তিন বা দে!
*****
AKT/AK/DB
2014 में ASEAN Summit के अवसर पर मेरा यहां आना हुआ था, परन्तु स्वर्णिम भूमि म्यांमार की यह मेरी पहली द्विपक्षीय यात्रा है: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
Myanmar peace process का आपके द्वारा साहसिक नेतृत्व प्रशंसनीय है। जिन चुनौतियों का आप मुकाबला कर रही हैं, हम उन्हें पूरी तरह समझते हैं: PM
— PMO India (@PMOIndia) September 6, 2017
पड़ोसी होने के नाते, सुरक्षा के क्षेत्र में हमारे हित एक जैसे ही हैं: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
यह ज़रूरी है कि हम अपनी लंबी ज़मीनी और समुद्री सीमा पर सुरक्षा और स्थिरता बनाए रखने के लिए मिलकर काम करें: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
सड़कों और पुलों का निर्माण, उर्जा के links, और connectivity बढ़ाने के हमारे प्रयास, एक अच्छे भविष्य की ओर संकेत करते हैं: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
Upper Myanmar की जरूरतों को पूरा करने के लिए भारत से high speed diesel ट्रकों द्वारा आना शुरू हो चुका है: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
हमारी development partnership के तहत म्यांमार में उच्च कोटि की स्वास्थ्य, शिक्षा तथा अनुसंधान की सुविधाओं का विकास प्रसन्नता का विषय है: PM
— PMO India (@PMOIndia) September 6, 2017
मुझे यह घोषणा करते हुए खुशी हो रही है कि हमने भारत आने के इच्छुक म्यांमार के सभी नागरिकों को gratis visa देने का निर्णय लिया है: PM
— PMO India (@PMOIndia) September 6, 2017