Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এইটো মোৰ বাবে এক অপৰিসীম সন্তুষ্টি আৰু গৌৰৱৰ বিষয় যে এতিয়ালৈকে প্ৰায় ৩.৫ লাখ কোটি টকা কৃষকৰ একাউণ্টত জমা হৈছেঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকসকলৰ উন্নয়নৰ বাবে উৎসর্গীকৃত এক যুগান্তকাৰী পদক্ষেপ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ষষ্ঠ বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ কৃষক ভাই-ভনীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে এতিয়ালৈকে প্ৰায় ৩ লাখ ৫০ হাজাৰ কোটি টকা তেওঁলোকৰ একাউণ্টত জমা হৈছে।

তেওঁ এক্স-ৰ এটা পোষ্টত লিখিছেঃ

“পিএম-কিষাণৰ ৬ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে সমগ্ৰ দেশৰ আমাৰ কৃষক ভাই-ভনীসকলক বহুত বহুত অভিনন্দন। এইটো মোৰ বাবে অতি সন্তুষ্টি আৰু গৌৰৱৰ বিষয় যে এতিয়ালৈকে তেওঁলোকৰ একাউণ্টত প্ৰায় ৩ লাখ ৫০ হাজাৰ কোটি টকা জমা হৈছে। আমাৰ এই প্ৰচেষ্টাই অন্নদাতাসকলক সন্মান, সমৃদ্ধি আৰু নতুন শক্তি প্ৰদান কৰিছে।

#PMKisan”

MJPS/SR/SKS/HS