প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই আজি যৌথভাৱে কাদাৰাচেস্থিত আন্তঃৰাষ্ট্ৰীয় তাপ পাৰমাণৱিক পৰীক্ষামূলক ৰিয়েক্টৰ (আইটিইআৰ) পৰিদৰ্শন কৰে। আইটিইআৰৰ সঞ্চালক প্ৰধানে উদ্যোগটোত দুয়োজন নেতাক আদৰণি জনায়। আজিৰ বিশ্বৰ অন্যতম অভিলাষী সংযোজন শক্তি প্ৰকল্প আইটিইআৰলৈ কোনো ৰাষ্ট্ৰ বা চৰকাৰৰ মুৰব্বীৰ এইটোৱেই প্ৰথম ভ্ৰমণ।
এই ভ্ৰমণৰ সময়ত নেতাসকলে বিশ্বৰ সৰ্ববৃহৎ টোকামাকৰ একত্ৰিকৰণকে ধৰি আইটিইআৰৰ অগ্ৰগতিৰ শলাগ লয়, য’ত ফিউজন পাৱাৰৰ প্লাজমা সৃষ্টি, নিয়ন্ত্ৰণ আৰু ৫০০ মেগাৱাট সংযোজন শক্তি উৎপাদন কৰা হ’ব। লগতে এই প্ৰকল্পত কাম কৰা আইটিইআৰৰ অভিযন্তা আৰু বিজ্ঞানীসকলৰ নিষ্ঠাৰ শলাগ লয় নেতাসকলে।
যোৱা দুটা দশক ধৰি এই প্ৰকল্পত অৰিহণা যোগোৱা আইটিইআৰৰ সাতটা সদস্যৰ ভিতৰত ভাৰত অন্যতম। প্ৰায় ২০০ ভাৰতীয় বিজ্ঞানী আৰু সহযোগী, উল্লেখযোগ্য উদ্যোগ কোম্পানী যেনে এলএণ্ডটি, ইনক্স ইণ্ডিয়া, টিচিএছ, টিচিই, এইচচিএল টেকন’লজিছ আইটিইআৰ প্ৰকল্পত নিয়োজিত হৈ আছে।
***
MJPS/SR/DB
PM @narendramodi and President @EmmanuelMacron visited the International Thermonuclear Experimental Reactor (ITER) in Cadarache. pic.twitter.com/oFCvh6ihxY
— PMO India (@PMOIndia) February 12, 2025
Went to the International Thermonuclear Experimental Reactor (ITER) in Cadarache with President @EmmanuelMacron. Complimented the team working on this project, which represents a commendable step toward sustainable and limitless clean energy for the future. pic.twitter.com/LaBEpTIc3g
— Narendra Modi (@narendramodi) February 12, 2025
Je me suis rendu sur le site du Réacteur Thermonucléaire Expérimental International (ITER) à Cadarache avec le président @EmmanuelMacron. J'ai complimenté l'équipe qui travaille sur ce projet, représentant un pas remarquable vers une énergie propre, durable et sans limite pour… pic.twitter.com/Pl4osaK1O5
— Narendra Modi (@narendramodi) February 12, 2025