Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহা কুম্ভ মেলা ভ্ৰমণ কৰিব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহা কুম্ভ মেলা ২০২৫ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত, তেওঁ সংগমত পৱিত্ৰ ডুব লৈ মা গংগাৰ প্ৰাৰ্থনা কৰিব।

পৌষ পূৰ্ণিমা (১৩ জানুৱাৰী, ২০২৫)ৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ ২০২৫ হৈছে সমগ্ৰ পৃথিৱীৰ পৰা ভক্তসকলক আকৰ্ষণ কৰা, বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক আৰু সাংস্কৃতিক সমাৱেশ। ২৬ ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰি পৰ্যন্ত এই মহাকুম্ভ চলিব।

ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানসমূহত আন্তঃগাঁথনি আৰু সুবিধাসমূহ বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে, ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণৰ সময়ত, প্ৰধানমন্ত্ৰীয়ে সাধাৰণ জনতাৰ বাবে সংযোগ, সুবিধা আৰু সেৱাৰ উন্নতি সাধন কৰি, ৫,৫০০ কোটি টকা মূল্যৰ ১৬৭টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছিল।

**********

MJPS/ST