বেটী বচাও, বেটী পঢ়াও আন্দোলনৰ ১০ বছৰ উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ই এক পৰিৱৰ্তনশীল, জনচালিত পদক্ষেপ হৈ পৰিছে আৰু সকলো ক্ষেত্ৰৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে বেটী বচাও, বেটী পঢ়াও লিংগ পক্ষপাতিত্ব দূৰ কৰা আৰু ছোৱালী শিশুসকলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ঐতিহাসিকভাৱে শিশুৰ নিম্ন লিংগ অনুপাত থকা জিলাসমূহে গুৰুত্বপূৰ্ণ উন্নতিৰ প্ৰতিবেদন আগবঢ়াইছে আৰু তেওঁ তৃণমূল পৰ্যায়ত এই আন্দোলনক জীৱন্ত কৰি তোলা সকলো অংশীদাৰক প্ৰশংসা কৰিছে।
এক্স-ৰ এটা থ্ৰেড পোষ্টত তেওঁ লিখিছে:
“আজি আমি #BetiBachaoBetiPadhao আন্দোলনৰ ১০ বছৰ পূৰ্ণ কৰিছো। যোৱা এক দশকত, ই এক পৰিৱৰ্তনশীল, জনচালিত পদক্ষেপ হৈ পৰিছে আৰু সকলো ক্ষেত্ৰৰ লোকক আকৰ্ষণ কৰিছে।”
“#BetiBachaoBetiPadhao লিংগ পক্ষপাতিত্ব দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু একে সময়তে ই সঠিক পৰিৱেশ সৃষ্টি কৰিছে যাতে কন্যা সন্তানে নিজৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ বাবে শিক্ষা আৰু সুযোগ লাভ কৰিব পাৰে।”
“জনসাধাৰণ আৰু বিভিন্ন সমাজ সেৱামূলক সংগঠনক তেওঁলোকৰ সমৰ্পিত প্ৰচেষ্টাৰ বাবে ধন্যবাদ, #BetiBachaoBetiPadhao উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। ঐতিহাসিকভাৱে শিশুৰ নিম্ন লিংগ অনুপাত থকা জিলাবোৰে গুৰুত্বপূৰ্ণ উন্নতিৰ প্ৰতিবেদন দিছে আৰু সজাগতা অভিযানে লিংগ সমতাৰ গুৰুত্বৰ এক গভীৰ অনুভূতি প্ৰদান কৰিছে।”
“মই সকলো অংশীদাৰক প্ৰশংসা কৰো যিসকলে এই আন্দোলনক তৃণমূল পৰ্যায়ত জীৱন্ত কৰি তুলিছে। আহক আমি আমাৰ ছোৱালীৰ অধিকাৰ সুৰক্ষিত কৰা, তেওঁলোকৰ শিক্ষা নিশ্চিত কৰা আৰু এনে এখন সমাজ গঢ়ি তোলো, যাতে তেওঁলোকে কোনো বৈষম্য অবিহনে উন্নতি কৰিব পাৰে। একেলগে আমি নিশ্চিত কৰিব পাৰোঁ যে আগন্তুক বছৰবোৰে ভাৰতৰ কন্যাসকলৰ বাবে আৰু অধিক প্ৰগতি আৰু সুযোগ আনিব। #BetiBachaoBetiPadhao”
Today we mark 10 years of the #BetiBachaoBetiPadhao movement. Over the past decade, it has become a transformative, people powered initiative and has drawn participation from people across all walks of life.
— Narendra Modi (@narendramodi) January 22, 2025
***
MJPS/SR/HS/BB
Today we mark 10 years of the #BetiBachaoBetiPadhao movement. Over the past decade, it has become a transformative, people powered initiative and has drawn participation from people across all walks of life.
— Narendra Modi (@narendramodi) January 22, 2025
Thanks to the dedicated efforts of the people and various community service organisations, #BetiBachaoBetiPadhao has achieved remarkable milestones. Districts with historically low child sex ratios have reported significant improvements and awareness campaigns have instilled a…
— Narendra Modi (@narendramodi) January 22, 2025
I compliment all stakeholders who have made this movement vibrant at the grassroots level. Let us continue to protect the rights of our daughters, ensure their education and create a society where they can thrive without any discrimination. Together, we can ensure that the coming…
— Narendra Modi (@narendramodi) January 22, 2025