Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৯.০১.২০২৫ত ‘মন কী বাত’ৰ ১১৮তম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ,

আজি ২০২৫ চনৰ প্ৰথম ‘মন কী বাত’।আপোনালোকে নিশ্চয় কিবা এটা লক্ষ্য কৰিছে। প্ৰতিবাৰেই ‘মন কী বাত’ মাহৰ অন্তিমটো দেওবাৰে হয়, কিন্তু এইবাৰ চতুৰ্থ দেওবাৰৰ পৰিৱৰ্তে তৃতীয় দেওবাৰে, মানে এসপ্তাহ আগতে আমি সকলো একত্ৰিত হৈছো। কিয়নো অহা সপ্তাহৰ দেওবাৰৰ দিনটোতে ‘গণৰাজ্য দিৱস’। আগতীয়াকৈ সমগ্ৰ দেশবাসীক ‘গণৰাজ্য দিৱস’ৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷

বন্ধুসকল, এইবাৰৰ ‘গণৰাজ্য দিৱস’ অতি বিশেষ। ভাৰতীয় গণৰাজ্যৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি। এইবাৰ সংবিধান বলবৎ হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। সংবিধান সভাৰ সেই সকলো মহান ব্যক্তিক প্ৰণাম জনাইছো, যিসকলে আমাক আমাৰ পবিত্ৰ সংবিধান প্ৰদান কৰিছিল। সংবিধান সভাৰ সময়ত বহু বিষয়ৰ ওপৰত দীৰ্ঘদিনীয়া আলোচনা চলিছিল। সেই আলোচনা, সংবিধান সভাৰ সদস্যসকলৰ চিন্তা, তেওঁলোকৰ কথা-বতৰা ইত্যাদিবোৰ আমাৰ বাবে মহান ঐতিহ্য। আজি ‘মন কী বাত’ত আপোনালোকক একাংশ মহান নেতাৰ কণ্ঠ শুনাবলৈ মই প্ৰয়াস কৰিছোঁ।

বন্ধুসকল, যেতিয়া সংবিধান সভাই এই কামত ব্যস্ত হৈ পৰিছিল, তেতিয়া বাবা চাহেব আম্বেদকাৰে পাৰস্পৰিক সহযোগিতাৰ সন্দৰ্ভত অতি উল্লেখযোগ্য কথা এটা কৈছিল। তেওঁৰ এই ভাষণ ইংৰাজীত আছে। তাৰ এটা অংশ শুনক-(ইয়াৰ অসমীয়া ভাঙনি এনেধৰণ)

 “এতিয়ালৈকে চূড়ান্ত লক্ষ্যৰ ক্ষেত্ৰত মই ভাবো আমাৰ কোনোৱেই কোনো ধৰণৰ আশংকা থকাৰ প্ৰয়োজন নাই। আমাৰ কোনোৱেই সন্দেহ কৰাৰ প্ৰয়োজন নাই, কিন্তু মোৰ ভয় যিটো মই স্পষ্টকৈ প্ৰকাশ কৰিব লাগিব সেয়া হ’ল এইটোৱেই, মই কোৱাৰ দৰে আমাৰ অসুবিধাটো চূড়ান্ত ভৱিষ্যতৰ বিষয়ে নহয়। আমাৰ অসুবিধা হ’ল আজি যি বৈষম্যপূৰ্ণ লোক আছে, কেনেকৈ উমৈহতীয়াকৈ সিদ্ধান্ত ল’ব আৰু সেই পথত সহযোগিতামূলক আন্দোলন গঢ়ি তুলিব লাগে যিয়ে আমাক ঐক্যলৈ লৈ যোৱাটো নিশ্চিত। আমাৰ অসুবিধা চূড়ান্ত নহয়; আমাৰ অসুবিধা আৰম্ভণিহে।”

বন্ধুসকল, বাবা চাহেবে এই কথাটোত গুৰুত্ব দি আহিছিল যে সংবিধান সভাখন একত্ৰিত হ’ব লাগে, এক মতামত থাকিব লাগে আৰু সাধাৰণ মংগলৰ বাবে একেলগে কাম কৰিব লাগে। সংবিধান সভাৰ আন এটা অডিঅ’ ক্লিপ শুনক। এই অডিঅ’টো আমাৰ সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ জীৰ। আহক আমি ড° ৰাজেন্দ্ৰ প্ৰসাদ জীৰ কথা শুনো আহক,-

“আমাৰ ইতিহাসে আমাক দেখুৱাইছে আৰু আমাৰ সংস্কৃতিয়ে আমাক শিকাইছে যে আমি শান্তিপ্ৰিয় আৰু সদায় শান্তিপ্ৰেমী। আমাৰ সাম্ৰাজ্য আৰু আমাৰ বিজয়বোৰ বেলেগ ধৰণৰ হৈ আহিছে। আমি কেতিয়াও আনক শিকলিৰে বান্ধিবলৈ চেষ্টা কৰা নাই, সেয়া লোৰেই হওক বা সোণৰেই হওক। লোৰ শিকলিতকৈও মজবুত কিন্তু অধিক ধুনীয়া আৰু সুখদায়ক ৰেচমৰ সূতাৰে আমি আনক আমাৰ লগত বান্ধি ৰাখিছো আৰু সেই বান্ধোন ধৰ্ম, সংস্কৃতি আৰু জ্ঞানৰ। আমি একেটা পথতে ভৰি দি যাম আৰু আমাৰ এটাই ইচ্ছা আছে; সেই ইচ্ছাটো হ’ল… আমি পৃথিৱীত সুখ আৰু শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰো আৰু পৃথিৱীখনক সত্য আৰু অহিংসাৰ ভুলহীন অস্ত্ৰ দিব পাৰো যিয়ে আজি আমাক স্বাধীনতা আনিছে। আমাৰ জীৱন আৰু সংস্কৃতিত এনেকুৱা কিবা এটা আছে যিয়ে আমাক সময়ৰ আঘাতৰ মাজতো জীয়াই থকাৰ শক্তি দিছে। যদি আমি আমাৰ আদৰ্শক আমাৰ সন্মুখত ৰাখোঁ, তেন্তে আমি বিশ্ববাসীক এক বৃহৎ সেৱা আগবঢ়াব পাৰিম।”

বন্ধুসকল, ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে মানৱীয় মূল্যবোধৰ প্ৰতি দেশৰ দায়বদ্ধতাৰ কথা কৈছিল। মই এতিয়া আপোনালোকক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ কণ্ঠ শুনাবলৈ বাধ্য কৰাইছো। তেওঁ সুযোগৰ সমতাৰ বিষয়টো উত্থাপন কৰে। ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কৈছিল-

“মই আশা কৰিছো যে আমি সকলো অসুবিধাৰ মাজতো আমাৰ কাম আগবঢ়াই যাম আৰু তাৰ দ্বাৰা সেই মহান ভাৰত গঢ়ি তোলাত সহায় কৰিম যিখন এই সম্প্ৰদায়ৰ বা সেই সম্প্ৰদায়ৰ নহয়, এই শ্ৰেণী বা সেই শ্ৰেণীৰ নহয়, বৰঞ্চ প্ৰতিজন ব্যক্তি, পুৰুষ, মহিলাৰ মাতৃভূমি হ’ব আৰু জাতি, বৰ্ণ, ধৰ্ম বা সম্প্ৰদায় নিৰ্বিশেষে এই মহান ভূমিত বাস কৰা লোক হ’ব। সকলোৰে সমান সুযোগ পোৱা উচিত যাতে তেওঁ নিজকে শ্ৰেষ্ঠ প্ৰতিভা অনুসৰি বিকশিত কৰি ভাৰতৰ মহান উমৈহতীয়া মাতৃভূমিৰ সেৱা কৰিব পাৰে।”

বন্ধুসকল, আশা কৰো আপোনালোকেও সংবিধান সভাৰ বিতৰ্কৰ এই মৌলিক অডিঅ’টো শুনি ভাল পাব। আমি দেশৰ নাগৰিকে এই চিন্তাবোৰৰ পৰা প্ৰেৰণা লৈ এনে এখন ভাৰত গঢ়াৰ দিশত কাম কৰিব লাগিব, যাৰ বাবে আমাৰ সংবিধান নিৰ্মাতাসকলেও গৌৰৱ কৰিব।

বন্ধুসকল,

গণৰাজ্য দিৱসৰ এদিন আগতে ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। এই দিনটো গুৰুত্বপূৰ্ণ কাৰণ সেই দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। আমাৰ সংবিধান নিৰ্মাতাসকলে সংবিধানত আমাৰ নিৰ্বাচন আয়োগক আৰু সমানে গণতন্ত্ৰত জনসাধাৰণৰ অংশগ্ৰহণক অতি গুৰুত্বপূৰ্ণ স্থান প্ৰদান কৰিছে। ১৯৫১-৫২ চনত যেতিয়া দেশত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া একাংশ লোকে সন্দেহ কৰিছিল যে দেশৰ গণতন্ত্ৰ বাচি থাকিব নে নাই। কিন্তু আমাৰ গণতন্ত্ৰই সকলো আশংকা ভুল প্ৰমাণ কৰিলে বৰ্তমান ভাৰত গণতন্ত্ৰৰ মাতৃ হিচাপে পৰিগণিত হৈছে। বিগত দশকবোৰতো দেশৰ গণতন্ত্ৰ শক্তিশালী আৰু সমৃদ্ধিশালী হৈছে।

লগতে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক আধুনিকীকৰণ আৰু শক্তিশালী কৰি তোলা নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছো। আয়োগে প্ৰযুক্তিৰ শক্তি ব্যৱহাৰ কৰি জনসাধাৰণৰ শক্তিক অধিক ক্ষমতা প্ৰদান কৰিছে। নিকা নিৰ্বাচনৰ প্ৰতি দায়বদ্ধতাৰ বাবে নিৰ্বাচন আয়োগক অভিনন্দন জনাইছো। মই দেশবাসীক আহ্বান জনাইছো যে তেওঁলোকে নিজৰ ভোটাধিকাৰ, সদায়, সৰ্বাধিক সংখ্যকত ব্যৱহাৰ কৰক আৰু লগতে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হৈ এই প্ৰক্ৰিয়াক শক্তিশালী কৰক।

মোৰ প্ৰিয় দেশবাসী,

প্ৰয়াগৰাজত মহাকুম্ভ আৰম্ভ হৈছে। এক অবিস্মৰণীয় জনসমুদ্ৰ, অবিশ্বাস্য দৃশ্য আৰু সমতা আৰু সমন্বয়ৰ এক অসাধাৰণ সংগম! এইবাৰ কুম্ভত বহু ঐশ্বৰিক লোক একত্ৰিত হৈছে। এই কুম্ভ উৎসৱত বৈচিত্ৰ্য মাজত ঐক্যৰ উৎসৱ পালন কৰা হয়। সংগমৰ বালিত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানুহ গোট খাইছে। হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা এই পৰম্পৰাত ক’তো কোনো বৈষম্য, কোনো জাতিবাদ নাই… ভাৰতৰ দক্ষিণৰ পৰা, ভাৰতৰ পূব আৰু পশ্চিমৰ পৰা মানুহ ইয়ালৈ আহিছে। কুম্ভত ধনী আৰু দুখীয়া এক হৈ আহে। সকলোৱে ত্ৰিবেনী সংগমত বুৰ মাৰে, ভাণ্ডাৰত একেলগে ভোজন কৰে, প্ৰসাদ গ্ৰহণ কৰে- সেইবাবেই কুম্ভ একতাৰ মহা কুম্ভ। আমাৰ পৰম্পৰাই সমগ্ৰ ভাৰতবৰ্ষক কেনেদৰে একেলগে বান্ধি ৰাখে সেই কথাও কুম্ভ অনুষ্ঠানে আমাক জনায়। বিশ্বাসবোৰ আঁকোৱালি লোৱাৰ উপায়বোৰ উত্তৰৰ পৰা দক্ষিণলৈ একেই। এফালে প্ৰয়াগৰাজ, উজ্জয়নী, নাচিক আৰু হৰিদ্বাৰত কুম্ভৰ আয়োজন কৰা হয়; আনহাতে দক্ষিণ অংশত গোদাবৰী, কৃষ্ণ, নৰ্মদা আৰু কাবেৰী নদীৰ পাৰত পুষ্কৰামৰ আয়োজন কৰা হৈছে। এই দুয়োটা উৎসৱ আমাৰ পবিত্ৰ নদী আৰু তেওঁলোকৰ বিশ্বাসৰ সৈতে জড়িত। একেদৰে কুম্বকোনামৰ পৰা তিৰুক্কাদ-ইউৰলৈকে, কুড-ভাছালৰ পৰা তিৰুচেৰাইলৈকে এনে বহুতো মন্দিৰ আছে যাৰ পৰম্পৰা কুম্ভৰ লগত জড়িত।

বন্ধুসকল, এইবাৰ আপোনালোকে নিশ্চয় দেখিছে যে কুম্ভত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ অতি ব্যাপক, আৰু এইটোও সত্য যে যেতিয়া নৱপ্ৰজন্মই নিজৰ সভ্যতাৰ সৈতে গৌৰৱেৰে সংযোগ স্থাপন কৰে, তেতিয়া ইয়াৰ শিপাবোৰ অধিক শক্তিশালী হৈ পৰে, আৰু তেতিয়া ইয়াৰ সোণালী ভৱিষ্যতও নিশ্চিত হয়। এইবাৰ আমিও ইমান বৃহৎ পৰিসৰত কুম্ভৰ ডিজিটেল ফুটপ্ৰিণ্টৰ সাক্ষী হৈছো। কুম্ভৰ এই বিশ্বজনীন জনপ্ৰিয়তা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে পশ্চিমবংগতো ‘গংগাসাগৰ মেলা’ৰ বৃহৎ পৰিসৰত আয়োজন কৰা হৈছিল। সংক্ৰান্তিৰ শুভ উপলক্ষে সমগ্ৰ বিশ্বৰ পৰা লাখ লাখ ভক্তই এই মেলাত পবিত্ৰ স্নান কৰিছিল। ‘কুম্ভ’, ‘পুষ্কৰাম’ আৰু ‘গংগাসাগৰ মেলা’ – আমাৰ এই উৎসৱবোৰ আমাৰ সামাজিক সংহতি, সম্প্ৰীতি, ঐক্য বৃদ্ধি কৰা উৎসৱ। এই উৎসৱসমূহে ভাৰতৰ জনসাধাৰণক ভাৰতীয় পৰম্পৰাৰ সৈতে সংযোগ কৰে আৰু যেনেকৈ আমাৰ শাস্ত্ৰই পৃথিৱীত ধৰ্ম, অৰ্থ, কাম, মোক্ষৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ উৎসৱ আৰু পৰম্পৰাই – আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰতিটো দিশকো শক্তিশালী কৰে।

বন্ধুসকল,

এই মাহত আমি ‘পুহ শুক্লা দ্বাদশী’ৰ দিনা ৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা পৰ্বৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিলোঁ। এইবাৰ ‘পুহ শুক্ল দ্বাদশী’ পৰিল ১১ জানুৱাৰীত। সেইদিনা লাখ লাখ ৰামভক্তই অযোধ্যাত ৰাম লাল্লাৰ দৰ্শন কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰে। প্ৰাণ প্ৰতিষ্ঠাৰ এই দ্বাদশী ভাৰতৰ সাংস্কৃতিক চেতনা পুনৰ প্ৰতিষ্ঠাৰ দ্বাদশী। সেয়ে পুহ শুক্ল দ্বাদশীৰ এই দিনটোও এক প্ৰকাৰে প্ৰতিষ্ঠা দ্বাদশীৰ দিনলৈ পৰিণত হৈছে। উন্নয়নৰ পথত খোজ দি থাকোঁতে আমি আমাৰ ঐতিহ্য সংৰক্ষণ কৰি তাৰ পৰা প্ৰেৰণা লৈ আগবাঢ়িব লাগিব।

মোৰ প্ৰিয় দেশবাসী,

২০২৫ চনৰ আৰম্ভণিতে মহাকাশৰ ক্ষেত্ৰত ভাৰতে বহু ঐতিহাসিক সাফল্য লাভ কৰিছে। আজি মই গৌৰৱ অনুভৱ কৰিছো যে ভাৰতীয় স্পেচ-টেক ষ্টাৰ্ট-আপ, বেংগালুৰুস্থিত পিক্সেলে ভাৰতৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহসমূহ- ‘ফায়াৰফ্লাই’ সফলতাৰে উৎক্ষেপণ কৰিছে। এই উপগ্ৰহসমূহ বিশ্বৰ সৰ্বোচ্চ উচ্চ ৰিজলিউচন হাইপাৰস্পেকট্ৰল উপগ্ৰহসমূহ। এই সাফল্যই ভাৰতক আধুনিক মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ কৰি তোলাই নহয়, স্বাৱলম্বী ভাৰত অৰ্থাৎ আত্মনিৰ্ভৰ ভাৰতৰ দিশতো এক ডাঙৰ পদক্ষেপ। এই সফলতা আমাৰ ব্যক্তিগত মহাকাশ খণ্ডৰ ক্ৰমবৰ্ধমান শক্তি আৰু উদ্ভাৱনৰ প্ৰতীক। এই সাফল্যৰ বাবে সমগ্ৰ দেশৰ হৈ পিক্সেল, ইছৰো আৰু ইন-স্পেচৰ দলটোক অভিনন্দন জনাইছো।

বন্ধুসকল,

কিছুদিন পূৰ্বে আমাৰ বিজ্ঞানীসকলে মহাকাশ খণ্ডত আন এক ডাঙৰ কৃতিত্ব চিহ্নিত কৰিছিল। আমাৰ বিজ্ঞানীসকলে উপগ্ৰহৰ স্পেচ ডকিংৰ কাম হাতত লৈছে। যেতিয়া মহাকাশত দুখন মহাকাশযান সংযোগ কৰা হয়, তেতিয়া এই প্ৰক্ৰিয়াটোক স্পেচ ডকিং বোলা হয়। মহাকাশ কেন্দ্ৰ আৰু মহাকাশত ক্ৰু মিছনলৈ সামগ্ৰী যোগানৰ বাবে এই প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ। এই সফলতা অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত।

বন্ধুসকল,

আমাৰ বিজ্ঞানীসকলেও মহাকাশত উদ্ভিদ খেতি কৰি সেইবোৰ জীয়াই থকাৰ প্ৰচেষ্টা চলাইছে। ইয়াৰ বাবে ইছৰোৰ বিজ্ঞানীসকলে লুবিয়া বীজ বাছি লৈছিল। ৩০ ডিচেম্বৰত পঠোৱা এই বীজবোৰ স্পেচতেই অংকুৰিত হৈছিল। এইটো এটা অতি প্ৰেৰণাদায়ক পৰীক্ষা যিয়ে ভৱিষ্যতে মহাকাশত শাক-পাচলি খেতি কৰাৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ পৰাই বুজা যায় যে আমাৰ বিজ্ঞানীসকলে কিমান দূৰদৰ্শীতাৰে কাম কৰি আছে।

বন্ধুসকল,

আন এক প্ৰেৰণাদায়ক পদক্ষেপৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো। আই আই টি মাদ্ৰাজৰ এক্সটেম চেণ্টাৰে মহাকাশত উৎপাদনৰ বাবে নতুন প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে। এই কেন্দ্ৰটোৱে মহাকাশত থ্ৰীডি প্ৰিণ্টেড অট্টালিকা, ধাতুৰ ফেন আৰু অপ্টিকেল ফাইবাৰৰ দৰে প্ৰযুক্তিৰ ওপৰত গৱেষণা চলাই আছে। এই কেন্দ্ৰটোৱে পানী নোহোৱাকৈ কংক্ৰিট নিৰ্মাণৰ দৰে বৈপ্লৱিক পদ্ধতিও বিকাশ সাধন কৰি আছে।

ExTeMৰ এই গৱেষণাই ভাৰতৰ গগণযান অভিযান আৰু ভৱিষ্যতৰ মহাকাশ কেন্দ্ৰক শক্তিশালী কৰিব। ইয়াৰ দ্বাৰা উৎপাদন ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ নতুন পথো মুকলি হ’ব।

বন্ধুসকল, এই সকলো সাফল্যই ভাৰতৰ বিজ্ঞানী আৰু উদ্ভাৱকসকল ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত কিমান দূৰদৰ্শী তাৰে প্ৰমাণ। আজি আমাৰ দেশে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। সমগ্ৰ দেশৰ হৈ ভাৰতৰ বিজ্ঞানী, উদ্ভাৱক আৰু যুৱ উদ্যমীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

মোৰ প্ৰিয় দেশবাসী,

বহু সময়ত মানুহ আৰু জীৱ-জন্তুৰ মাজত আচৰিত ধৰণৰ বন্ধনৰ ছবি নিশ্চয় দেখিছে; আপুনি নিশ্চয় জীৱ-জন্তুৰ আনুগত্যৰ কাহিনীও শুনিছে। পোহনীয়া জন্তুয়েই হওক বা বনৰীয়া জন্তুয়েই হওক, মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কই কেতিয়াবা আমাক আচৰিত কৰি তোলে। জীৱ-জন্তুৱে হয়তো কথা ক’ব নোৱাৰে, কিন্তু মানুহে তেওঁলোকৰ অনুভৱ আৰু ইংগিতবোৰ অতি ভালদৰে বুজিব পাৰে। জীৱ-জন্তুৱেও প্ৰেমৰ ভাষা বুজি পায় আৰু তাৰ লগতো জীয়াই থাকে। অসমৰ এটা উদাহৰণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। অসমৰ নগাঁও নামেৰে এখন ঠাই আছে। নগাঁও আমাৰ দেশৰ মহানপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জীৰ জন্মস্থান। এই ঠাইখন বৰ ধুনীয়া। তদুপৰি ই বৃহৎ সংখ্যক হাতীৰ বাসস্থান। এই অঞ্চলত হাতীৰ জাকে বিস্তীৰ্ণ শস্যপথাৰ নষ্ট কৰিছিল। কৃষকসকল ইয়াৰ বাবে বিচলিত হৈছিল। যাৰ বাবে ওচৰৰ প্ৰায় ১০০খন গাঁৱৰ লোকে কষ্টৰ সন্মুখীন হৈছিল। কিন্তু গাঁৱৰ লোকসকলে হাতীবোৰৰ অসহায় অৱস্থাৰ কথা বুজি পালে। তেওঁলোকে জানিছিল যে হাতীয়ে পথাৰলৈ আহিছে তেওঁলোকৰ ভোক নিৰাবণ কৰিবলৈ। গতিকে গাঁৱৰ মানুহে ইয়াৰ সমাধান বিচাৰি উলিওৱাৰ কথা ভাবিলে। গাঁওবাসীৰ এটা দল গঠন কৰা হ’ল, যাৰ নাম ৰখা হ’ল ‘হাতী বন্ধ’। তেওঁলোকৰ জ্ঞান প্ৰদৰ্শন কৰি হাতী বন্ধুৱে, প্ৰায় ৮০০ বিঘা বানপীড়িত ভূমিত এক অনন্য প্ৰচেষ্টা চলালে। ইয়াত গাঁৱৰ মানুহে একেলগে নেপিয়াৰ ঘাঁহ ৰোপণ কৰিলে। হাতীবোৰে এই ঘাঁহবিধ বৰ ভাল পায়। ফলত হাতীবোৰে পথাৰখনৰ ফালে অহাটো হ্ৰাস পালে। সহস্ৰাধিক গাঁওবাসীৰ বাবে এয়া এক বৃহৎ সকাহৰ বিষয় হিচাপে পৰিগণিত হ’ল। তেওঁলোকৰ এই প্ৰচেষ্টা হাতীবোৰেও ভাল পাইছে।

বন্ধুসকল,

আমাৰ সংস্কৃতি আৰু ঐতিহ্যই আমাক চাৰিওফালৰ জীৱ-জন্তু আৰু চৰাইৰ সৈতে মৰমেৰে জীয়াই থাকিবলৈ শিকাইছে। যোৱা দুমাহত আমাৰ দেশত দুটা নতুন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল সংযোজন হোৱাটো আমাৰ সকলোৰে বাবে অতি আনন্দৰ বিষয়। ইয়াৰে এটা হৈছে ছত্তীশগড়ৰ গুৰু ঘাচিদাস-তামোৰ পিংলা বাঘ সংৰক্ষিত বনাঞ্চল আৰু আনখন হৈছে মধ্যপ্ৰদেশৰ ৰাতাপানী বাঘ সংৰক্ষিত বনাঞ্চল।

মোৰ প্ৰিয় দেশবাসী,

স্বামী বিবেকানন্দ জীয়ে কৈছিল যে নিজৰ ধাৰণাটোৰ প্ৰতি আবেগিক ব্যক্তিয়েহে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। এটা ধাৰণা সফল কৰিবলৈ আমাৰ আবেগ আৰু নিষ্ঠাই সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। সম্পূৰ্ণ নিষ্ঠা আৰু উৎসাহৰ জৰিয়তে উদ্ভাৱন, সৃষ্টিশীলতা আৰু সফলতাৰ পথ নিশ্চিতভাৱে আহিব। মাত্ৰ কেইদিনমানৰ আগতে স্বামী বিবেকানন্দ জীৰ জন্ম বাৰ্ষিকীত ‘বিকশিত ভাৰত যুৱ নেতা আলোচনা’ৰ অংশ হোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ। তাতে গোটেই দিনটো দেশৰ চুকে-কোণৰ ​​পৰা অহা ডেকা বন্ধুৰ লগত কটালোঁ৷ ষ্টাৰ্টআপ, সংস্কৃতি, মহিলা, যুৱক-যুৱতী আৰু আন্তঃগাঁথনি আদি বিভিন্ন খণ্ডত যুৱক-যুৱতীসকলে নিজৰ ধাৰণা ভাগ-বতৰা কৰে। এই অনুষ্ঠানটো মোৰ বাবে অতি স্মৰণীয় আছিল।

বন্ধুসকল,

মাত্ৰ কেইদিনমানৰ আগতে ষ্টাৰ্ট-আপ ইণ্ডিয়াই ৯ বছৰ সম্পূৰ্ণ কৰিলে। এই ৯ বছৰত আমাৰ দেশত যিবোৰ ষ্টাৰ্টআপ গঠন হৈছে তাৰ আধাতকৈও অধিক টায়াৰ ২ আৰু টায়াৰ ৩ চহৰৰ আৰু সেই কথা শুনিলে প্ৰতিজন ভাৰতীয়ৰ হৃদয় আনন্দিত হয় যে আমাৰ ষ্টাৰ্টআপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ কথাতে সীমাবদ্ধ নহয় চহৰবোৰ। আৰু আপুনি জানি আচৰিত হ’ব যে সৰু চহৰৰ আধাতকৈ অধিক ষ্টাৰ্টআপ আমাৰ ছোৱালীৰ নেতৃত্বত আছে। আম্বালা, হিছাৰ, কাংগৰা, চেংগলপট্টু, বিলাসপুৰ, গোৱালিয়ৰ, ৱাছিম ​​আদি চহৰবোৰ ষ্টাৰ্টআপৰ কেন্দ্ৰ হৈ পৰিছে বুলি শুনিলে হৃদয় আনন্দৰে ভৰি পৰে। নাগালেণ্ডৰ দৰে ৰাজ্যত যোৱা বছৰ ষ্টাৰ্টআপৰ পঞ্জীয়ন ২০০%তকৈ অধিক বৃদ্ধি পাইছে। এই ষ্টাৰ্ট-আপসমূহ ভিতৰত আৱৰ্জনা ব্যৱস্থাপনা, অনবীকৰণযোগ্য শক্তি, জৈৱ প্ৰযুক্তি আৰু লজিষ্টিক খণ্ডই সৰ্বাধিক গুৰুত্ব লাভ কৰিছে।

এইবোৰ গতানুগতিক খণ্ড নহয় কিন্তু আমাৰ যুৱ বন্ধুসকলেও গতানুগতিক খণ্ডৰ বাহিৰত চিন্তা কৰে আৰু সেইবাবেই তেওঁলোকে সফলতা লাভ কৰিছে।

বন্ধুসকল,

১০ বছৰ আগতে যেতিয়া কোনোবাই ষ্টাৰ্ট-আপৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ কথা কৈছিল, তেতিয়া বহু ধৰণৰ ঠাট্টা-মস্কৰা শুনিবলগীয়া হৈছিল। কিছুমানে ইমানৰ পিছতো সুধিব যে ষ্টাৰ্ট-আপ কি? আন কিছুমানে ক’ব, সেইটোৱে আপোনাক একো সুবিধা নিদিয়ে! কিন্তু চাওক, এতিয়া এটা দশকত কিমান ডাঙৰ পৰিৱৰ্তন আহিছে! আপুনিও ভাৰতত সৃষ্টি হোৱা নতুন সুযোগৰ সম্পূৰ্ণ সুবিধা লোৱা উচিত। নিজকে বিশ্বাস কৰিলে আপোনাৰ সপোনবোৰো নতুন উচ্চতালৈ উৰি যাব।

মোৰ প্ৰিয় দেশবাসী,

সদিচ্ছা আৰু নিস্বাৰ্থ মনোভাৱেৰে কৰা কামবোৰ মুখে মুখেল বহু প্ৰসাৰ লাভ কৰে। আৰু আমাৰ ‘মন কী বাত’ তাৰ বাবে এক বিশাল মঞ্চ। আমাৰ বিশাল দেশখনত যদি কোনোবাই দুৰ্গম অঞ্চলতো ভাল কাম কৰি আছে আৰু নিজৰ কৰ্তব্যবোধক সৰ্বোচ্চ গুৰুত্ব দিছে, তেন্তে এইটোৱেই হৈছে নিজৰ প্ৰচেষ্টাক আগস্থানলৈ অনাৰ বাবে সৰ্বোত্তম মঞ্চ। অৰুণাচল প্ৰদেশৰ সেৱাৰ মনোভাৱৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে দীপক নবাম জীয়ে। দীপক জীয়ে ইয়াত এটা লিভিং-হোম চলায়, য’ত মানসিকভাৱে অসুস্থ, শাৰীৰিকভাৱে অক্ষম লোক আৰু বৃদ্ধসকলক সেৱা আগবঢ়োৱা হয়; লগতে ড্ৰাগছ আসক্তসকলৰ যত্ন লোৱা হয়। দীপক নবাম জীয়ে, কোনো সহায় নোলোৱাকৈয়ে সমাজৰ বঞ্চিত জনসাধাৰণ, হিংসাজৰ্জৰ পৰিয়াল আৰু গৃহহীন লোকক সহায়ৰ বাবে অভিযান আৰম্ভ কৰিলে। আজি তেওঁৰ সেৱা এটা সংগঠনলৈ ৰূপান্তৰিত হৈছে। তেওঁৰ সংস্থাটোৱেও বহু বঁটাৰে সন্মানিত হৈছে। কাৱাৰাট্টি দ্বীপ লাক্ষাদ্বীপত নাৰ্ছ হিচাপে কৰ্মৰত কে হিন্দুম্বী জীৰ কামো অতি প্ৰেৰণাদায়ক। আপুনি জানি আচৰিত হ’ব যে তেওঁ ১৮ বছৰ আগতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ লৈছিল, কিন্তু আজিও তেওঁ আগৰ দৰেই মমতা আৰু স্নেহেৰে মানুহৰ সেৱাত নিয়োজিত হৈ আছে। লাক্ষাদ্বীপৰ কে জি মহম্মদ জীৰ প্ৰচেষ্টাও উল্লেখযোগ্য।

তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফলত মিনিকয় দ্বীপৰ সাগৰীয় পৰিস্থিতিতন্ত্ৰ শক্তিশালী হৈ উঠিছে। পৰিবেশ সম্পৰ্কে মানুহক সজাগ কৰিবলৈ তেওঁ বহু গীত ৰচনা কৰিছে। লাক্ষাদ্বীপ সাহিত্য কলা একাডেমীৰ পৰাও শ্ৰেষ্ঠ লোকগীতৰ বঁটা লাভ কৰিছে। অৱসৰৰ পিছত কে জি মহম্মদেও তাত থকা সংগ্ৰহালয়টোৰ সৈতে কাম কৰি আছে।

বন্ধুসকল,

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰাও আন এটা অতি ভাল খবৰ আহিছে। শেহতীয়াকৈ নিকোবৰ জিলাৰ ভাৰ্জিন নাৰিকল তেলে জি আই টেগ লাভ কৰিছে। জি আই টেগৰ পিছত ভাৰ্জিন নাৰিকল তেলৰ বাবে আন এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই তেল উৎপাদনৰ লগত জড়িত মহিলাসকলক সংগঠিত কৰি আত্মসহায়ক গোট গঠন কৰা হৈছে। মাৰ্কেটিং আৰু ব্ৰেণ্ডিঙৰ বিশেষ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে। আমাৰ জনজাতীয় জনগোষ্ঠীসমূহক অৰ্থনৈতিকভাৱে সবলীকৰণৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ। মই নিশ্চিত যে ভৱিষ্যতে আন্দামান-নিকোবৰৰ কুমাৰী নাৰিকল তেলে বিশ্বৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিব আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ অৱদান হ’ব আন্দামান আৰু নিকোবৰৰ মহিলা আত্মসহায়ক গোটৰ।

মোৰ প্ৰিয় দেশবাসী,

ক্ষন্তেক সময়ৰ বাবে এটা দৃশ্য কল্পনা কৰক। সেই দৃশ্য জানুৱাৰী মাহৰ কলকাতাত। দ্বিতীয় বিশ্বযুদ্ধৰ শিখৰত উপনীত হৈছে আৰু ভাৰতত ইংৰাজৰ বিৰুদ্ধে ক্ষোভৰ চৰম সীমাত উপনীত হৈছে। ইয়াৰ বাবেই মহানগৰীৰ প্ৰতিটো কোণত আৰক্ষী নিয়োগ কৰা হৈছে। কলকাতাৰ মাজৰ এটা ঘৰৰ আশে-পাশে আৰক্ষীৰ উপস্থিতি অধিক সতৰ্ক। ইফালে দীঘল বাদামী কোট, পেণ্ট আৰু ক’লা টুপী পিন্ধা এজন ব্যক্তিয়ে নিশাৰ আন্ধাৰত গাড়ীৰে বাংলোৰ পৰা ওলাই আহে। কটকটীয়া পহৰা থকা কেইবাটাও তালাচী চকী পাৰ হৈ গমো নামৰ ৰে’লৱে ষ্টেচন এটা পালেহি। এই ষ্টেচন এতিয়া ঝাৰখণ্ডত। ইয়াৰ পৰা ৰে’ল এখন ধৰি আগবাঢ়ি যায়। ইয়াৰ পিছত তেওঁ আফগানিস্তান হৈ ইউৰোপত উপস্থিত হয়-আৰু সেই সকলোবোৰ ব্ৰিটিছ শাসনৰ অভেদ্য দুৰ্গসমূহৰ মাজতো সম্ভৱ হয়।

বন্ধুসকল,

এই কাহিনীটো আপোনালোকৰ বাবে ছবিৰ দৃশ্য যেন লাগিব পাৰে। আপুনি হয়তো ভাবিছে যে এই ব্যক্তিজনে কেনেধৰণৰ দৃশ্য মূৰ্ত কৰি তুলিছিল, ইমান সাহস প্ৰদৰ্শন কৰিবলৈ! আচলতে এই ব্যক্তিজন আন কোনো নাছিল আমাৰ দেশৰ মহান ব্যক্তিত্ব নেতাজী সুভাষ চন্দ্ৰ বসু। আমি এতিয়া ২৩ জানুৱাৰী অৰ্থাৎ তেওঁৰ জন্ম বাৰ্ষিকীক ‘পৰক্ৰাম দিৱস’ হিচাপে উদযাপন কৰো। তেওঁৰ বীৰত্বৰ সৈতে জড়িত এই কাহিনীয়েও তেওঁৰ পৰাক্ৰমৰ আভাস দিয়ে। কেইবছৰমান আগতে মই সেই ঘৰটোলৈ গৈছিলো য’ৰ পৰা তেওঁ ইংৰাজৰ চকুত ধূলি দি পলাই গৈছিল। তেওঁৰ সেই গাড়ীখন এতিয়াও তাত আছে। সেই অভিজ্ঞতা মোৰ বাবে আছিল অতি বিশেষ। সুভাষ বাবু আছিল এজন দূৰদৰ্শী ব্যক্তি। সাহস তেওঁৰ স্বভাৱত শিপাই আছিল। কেৱল ইমানেই নহয়, তেওঁ আছিল এজন অতি দক্ষ প্ৰশাসক। ২৭ বছৰ বয়সত তেওঁ কলকাতা নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া হয় আৰু তাৰ পিছত তেওঁ মেয়ৰৰ দায়িত্বও গ্ৰহণ কৰে। প্ৰশাসক হিচাপেও তেওঁ বহুতো ডাঙৰ ডাঙৰ কাম কৰিছিল। শিশুৰ বাবে বিদ্যালয়, দৰিদ্ৰ শিশুৰ বাবে গাখীৰৰ ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত তেওঁৰ প্ৰচেষ্টা আজিও সকলোৰে মনত আছে। ৰেডিঅ’ৰ সৈতেও নেতাজী সুভাষৰ গভীৰ সম্পৰ্ক আছিল। তেওঁ প্ৰতিষ্ঠা কৰা আজাদ হিন্দ ৰেডিঅ’ত তেওঁৰ কথা শুনিবলৈ মানুহে আগ্ৰহেৰে অপেক্ষা কৰিছিল। তেওঁৰ ভাষণসমূহে বিদেশী শাসনৰ বিৰুদ্ধে যুঁজখনক এক নতুন শক্তি প্ৰদান কৰিছিল। ইংৰাজী, হিন্দী, তামিল, বাংলা, মাৰাঠী, পাঞ্জাবী, পাষ্টো আৰু উৰ্দু ভাষাত ‘আজাদ হিন্দ ৰেডিঅ’ত নিউজ বুলেটিন সম্প্ৰচাৰ কৰা হৈছিল। নেতাজী সুভাষ চন্দ্ৰ বসুক প্ৰণাম জনাইছো। দেশৰ যুৱক-যুৱতীসকলক তেওঁৰ বিষয়ে যিমান পাৰি পঢ়িবলৈ আৰু তেওঁৰ জীৱনৰ পৰা অহৰহ প্ৰেৰণা আহৰণ কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,

প্ৰতিবাৰেই ‘মন কী বাত’ৰ এই কাৰ্যসূচীয়ে মোক দেশৰ সামূহিক প্ৰচেষ্টাৰ সৈতে; আপোনালোক সকলোৰে সামূহিক ইচ্ছাশক্তিৰ সৈতে সংযোগ কৰে। প্ৰতিমাহে আপোনালোকৰ পৰামৰ্শ আৰু ধাৰণাৰ বৃহৎ সংখ্যক পাওঁ আৰু প্ৰতিবাৰেই এই ধাৰণাবোৰ দেখিলেই বিকাশ ভাৰতৰ সংকল্পৰ প্ৰতি মোৰ বিশ্বাস আৰু বাঢ়ি যায়। আপোনালোক সকলোৱে নিজৰ কামৰ জৰিয়তে ভাৰতক সৰ্বোত্তম কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। মন কী বাতৰ এই সংস্কৰণ আজিলৈ ইমানেই। অহা মাহত ভাৰতীয়সকলৰ কৃতিত্ব, সংকল্প আৰু সাফল্যৰ নতুন কাহিনীৰে আমি পুনৰ লগ হ’ম। আপোনালোক সকলোকে অশেষ ধন্যবাদ। নমস্কাৰ।

****

MJPS/ST/RT