Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে


 

কলাৰ জৰিয়তে পৰীক্ষাৰ চাপৰ পৰা মুক্ত হ’বলৈ পৰীক্ষা-যোদ্ধাসকলে অনুষ্ঠিত কৰা কলা মহোৎসৱৰ প্ৰশংসা কৰে।

৪ জানুৱাৰী, ২০২৫ তাৰিখে নতুন দিল্লীৰ শান্তিপথত ‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ আয়োজন কৰা হৈছিল। ৩০খন বিদ্যালয়ৰ পৰা অহা নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় ৪,০০০ শিক্ষাৰ্থীয়ে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিবলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

উল্লখিত কলা মহোৎসৱ সম্পৰ্কে পৰীক্ষা-যোদ্ধাসকলে ‘এক্স’-ত কৰা ‘পোষ্ট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“সৃষ্টিশীল সফলতাৰ জৰিয়তে পৰীক্ষাৰ চাপ অতিক্ৰম কৰা!

চাপমুক্ত পৰীক্ষাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিবলৈ কলাৰ শক্তি ব্যৱহাৰ কৰিছা, বহুতো যুৱক-যুৱতী একত্ৰিত হোৱা দেখি সুখী হৈছোঁ।”

 

 

 

***

MJPS/ST/KB