Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১০০ বছৰীয়া জন্ম জয়ন্তীত কিংবদন্তী কণ্ঠশিল্পী মহম্মদ ৰফীক স্মৰণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তী কণ্ঠশিল্পী মহম্মদ ৰফী চাহাবৰ শততম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে মহম্মদ ৰফী চাহাবক সংগীতৰ এনে এক অবিস্মৰণীয় প্ৰতিভা, যাৰ সাংস্কৃতিক প্ৰভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আচ্ছন্ন কৰি ৰাখিছে।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ এটা এক্স পোষ্ট উল্লেখ কৰিছে –

“কিংবদন্তী মহম্মদ ৰফি চাহাবক তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁ আছিল সংগীতৰ এনে এক প্ৰতিভা যাৰ সাংস্কৃতিক প্ৰভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মক আচ্ছন্ন কৰি ৰাখিছে। ৰফী চাহাবৰ গীতসমূহ ভিন্নসুৰী আৱেগ বহন কৰি ৰখাৰ অদ্ভূত আবেদনৰ বাবে প্ৰশংসিত। তেওঁৰ বহুমুখী পাৰদৰ্শিতাও আছিল বিস্তৃত। তেওঁৰ সংগীতে মানুহৰ জীৱনত চিৰকাল আনন্দ বিলাই যাওক!”

***

MJPS/VJ