প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১২:৩০ বজাত তেওঁ খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিত পৰিকল্পনাৰ অধীনত দেশৰ প্ৰথমখন নদী সংযোগ প্ৰকল্প কেন-বেটৱা নদী সংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোৱে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিব যাৰ ফলত লাখ লাখ কৃষক পৰিয়াল উপকৃত হ’ব। প্ৰকল্পটোৱে অঞ্চলটোৰ লোকসকলক খোৱা পানীৰ সুবিধাও প্ৰদান কৰিব। ইয়াৰ লগতে, জলবিদ্যুৎ প্ৰকল্পসমূহে সেউজ শক্তিত ১০০ মেগাৱাটতকৈও অধিক অৰিহণা যোগাব। প্ৰকল্পটোৱে বহুতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জয়ন্তী উপলক্ষে এটা স্মাৰক ডাকটিকট আৰু মুদ্ৰা মুকলি কৰিব। তেওঁ ১১৫৩ টা অটল গ্ৰাম সুশাসন ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। এই ভৱনবোৰে গ্ৰাম পঞ্চায়তৰ কাম আৰু দায়িত্বৰ ব্যৱহাৰিক পৰিচালনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যাৰ ফলত স্থানীয় পৰ্যায়ত সুশাসন লাভ কৰিব।
শক্তিৰ পৰ্যাপ্ততা আৰু সেউজ শক্তিৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ ওমকাৰেশ্বৰত স্থাপিত ওমকাৰেশ্বৰ ভাসমান সৌৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পটোৱে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব আৰু ২০৭০ চনৰ ভিতৰত চৰকাৰৰ শূন্য কাৰ্বন নিৰ্গমনৰ অভিযানত অৰিহণা যোগাব। ই পানীৰ বাষ্পীভৱন হ্ৰাস কৰি পানী সংৰক্ষণতো সহায় কৰিব।
***
MJPS/HS/ID