প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে,
‘কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইন জীৰ মৃত্যুত মৰ্মাহত হৈছো। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতখনত আলোড়ন সৃষ্টি কৰা এগৰাকী প্ৰকৃত প্ৰতিভাশালী ব্যক্তি হিচাপে তেওঁ স্মৰণীয় হৈ ৰ’ব। তেওঁ তবলাক বিশ্ব মঞ্চলৈ লৈ গৈ নিজৰ অনন্য ছন্দৰে লাখ লাখ লোকক মন্ত্ৰমুগ্ধ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ ভাৰতীয় শাস্ত্ৰীয় পৰম্পৰাক বিশ্ব সংগীতৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰণ কৰি সাংস্কৃতিক ঐক্যৰ প্ৰতীক হৈ পৰিছিল। তেওঁৰ আকৰ্ষণীয় পৰিবেশন আৰু অন্তস্পৰ্শী ৰচনাই সংগীতজ্ঞ আৰু সংগীতপ্ৰেমীসকলক অনুপ্ৰাণিত কৰাত অৰিহণা যোগাব। তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু বিশ্ব সংগীত সমাজলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”
Deeply saddened by the passing of the legendary tabla maestro, Ustad Zakir Hussain Ji. He will be remembered as a true genius who revolutionized the world of Indian classical music. He also brought the tabla to the global stage, captivating millions with his unparalleled rhythm.…
— Narendra Modi (@narendramodi) December 16, 2024
***
MJPS/SR/DB