Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ


আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ।

১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল… তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে… তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক’ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।

কালি মাত্ৰ মই বড়ো অঞ্চলৰ লোকসকলৰ সৈতে এক মহান অনুষ্ঠানৰ সন্ধিয়াত উপস্থিত আছিলোঁ, আৰু মই হতবাক হৈছোঁ যে দিল্লীৰ সংবাদ মাধ্যমসমূহে এই ডাঙৰ অনুষ্ঠানটোৰ খবৰ পৰিৱেশন নকৰিলে। তেওঁলোকৰ কোনো ধাৰণা নাই যে পাঁচ দশকৰ পিছত বড়ো যুৱক-যুৱতীসকলে বোমা, বন্দুক আৰু পিষ্টল ত্যাগ কৰি, হিংসাৰ পথ এৰি দিল্লীৰ বুকুত বড়ো সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰিছেহি। এয়া ইতিহাসৰ এটা বহুত ডাঙৰ ঘটনা। মই কালি তাত আছিলো, মই হৃদয়েৰে অনুভৱ কৰিছিলো। বড়ো শান্তি চুক্তিৰ সুবাদতে এই সকল লোকৰ জীৱন সলনি হৈছে। প্ৰদৰ্শনীৰ সময়ত, মই ২৬/১১ৰ মুম্বাই আক্ৰমণৰ প্ৰতিবেদনো লক্ষ্য কৰিছিলোঁ। এয়া সেই সময় আছিল যেতিয়া চুবুৰীয়া দেশৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আমাৰ দেশৰ লোকসকলে, আনকি তেওঁলোকৰ ঘৰ আৰু চহৰতো অসুৰক্ষিত হ’বলগীয়া হৈছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে, এতিয়া তাৰ সন্ত্ৰাসবাদীহঁত সিহঁতৰ নিজৰ ঘৰতে সুৰক্ষিত নহয়।

বন্ধুসকল,

‘হিন্দুস্তান টাইমছ’-য়ে ইয়াৰ ১০০টা বছৰত ২৫ বছৰ দাসত্ব দেখিছে, আৰু স্বাধীনতাৰ ৭৫ বছৰ দেখিছে। এই ১০০ বছৰত ভাৰতৰ ভাগ্য গঢ়ি তোলা আৰু ভাৰতৰ দিশ দেখুওৱা শক্তি হৈছে ভাৰতৰ সাধাৰণ মানুহৰ জ্ঞান, ভাৰতৰ সাধাৰণ মানুহৰ সামৰ্থ্য। বিশেষজ্ঞসকলে প্ৰায়ে ভাৰতৰ সাধাৰণ নাগৰিকৰ এই সম্ভাৱনাক চিনাক্ত কৰাত ভুল কৰিছে। যেতিয়া ব্ৰিটিছসকলে ভাৰত এৰি গৈছিল, কোৱা হৈছিল যে এই দেশখন বিভক্ত হ’ব, ই ভাঙি যাব… ইয়াৰ কোনো ভৱিষ্যত নাই। যেতিয়া জৰুৰীকালীন অৱস্থা আহিছিল, কিছুমান লোকে বিশ্বাস কৰিছিল যে এতিয়া জৰুৰীকালীন অৱস্থা সদায় থাকিব, এতিয়া গণতন্ত্ৰ নোহোৱা হ’ব। কিছুমান লোক, কিছুমান প্ৰতিষ্ঠানে জৰুৰীকালীন অৱস্থা জাপি দিয়া সকলৰ আশ্ৰয় লৈছিল। কিন্তু তেতিয়াও ভাৰতৰ নাগৰিক থিয় হৈছিল, আৰু জৰুৰীকালীন অৱস্থাক উৎখাত কৰিবলৈ বেছি সময় নালাগিছিল। আপোনালোকে মনত পেলাওকচোন, যেতিয়া ক’ৰোনাৰ কঠিন সময় আহিছিল, বিশ্বই অনুভৱ কৰিছিল যে ভাৰত সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ বাবে এক ডাঙৰ বোজা হৈ পৰিব। কিন্তু, ভাৰতৰ নাগৰিকসকলে ক’ৰোনাৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ যুঁজি দেখুৱাইছিল।

বন্ধুসকল,

আপোনালকৰ ৯০ দশকৰ সময়খিনিও চাগৈ মনত আছে, যেতিয়া ভাৰতত ১০ বছৰত ৫ টা নিৰ্বাচন হৈছিল। ইমান ডাঙৰ এখন দেশত ১০ বছৰত ৫টা নিৰ্বাচন, দেশখনত কিমান অস্থিৰতা আছিল। বিশেষজ্ঞসকলে, বাতৰি কাকতত লিখাসকলে ভৱিষ্যতবাণী কৰিছিল যে এতিয়াৰে পৰা ভাৰতে এনেদৰেই জীয়াই থাকিব লাগিব, ভাৰতত সকলোবোৰ এনেদৰে চলি থাকিব। কিন্তু ভাৰতৰ নাগৰিকসকলে পুনৰ এইসকল বিশেষজ্ঞক ভুল প্ৰমাণিত কৰিলে। আজি সমগ্ৰ বিশ্বতে অনিশ্চয়তা, অস্থিৰতাৰ কথা চৰ্চিত হৈ আহিছে আৰু ই দৃশ্যমানো হৈছে। পৃথিৱীত এনে বহুতো দেশ আছে য’ত প্ৰতিটো নিৰ্বাচনতে চৰকাৰ সলনি হৈ আছে, আনহাতে ভাৰতত মানুহে তৃতীয়বাৰৰ বাবে আমাৰ চৰকাৰক নিৰ্বাচিত কৰিছে।

বন্ধুসকল,

আপোনালোকৰ বহুতেই দীৰ্ঘদিন ধৰি ভাৰতৰ ৰাজনীতি আৰু নীতিসমূহ অনুসৰণ কৰি আহিছে। আগতে, আমি এটা বাক্যাংশ শুনিছিলোঁ – ‘গুড ইকনমিক্স ইজ বেড পলিটিক্স’। বিশেষজ্ঞ বুলি কোৱা মানুহসকলে ইয়াৰ বহুল প্ৰচাৰ কৰিছিল। ইয়াকে লৈ আগৰ চৰকাৰবোৰে নিষ্ক্ৰিয় হৈ বহি থকাৰ অজুহাত বিচাৰি পাইছিল। এক প্ৰকাৰে, ই ‘বেড গভাৰ্নেন্স’ক আৰু ‘ইনএফিচিয়েন্সী’ৰে ক’ভাৰ কৰাৰ এক মাধ্যম হৈ উঠিছিল। ইয়াৰ আগতে, চৰকাৰখনক কেৱল পৰৱৰ্তী নিৰ্বাচনত জয়ী হ’বলৈহে চলোৱা হৈছিল। নিৰ্বাচন জিকিবলৈ এটা ভোট বেংক সৃষ্টি কৰা হৈছিল আৰু তাৰ পিছত সেই ভোট বেংকক সন্তুষ্ট কৰিবলৈ আঁচনি প্ৰস্তুত কৰা হৈছিল। এই ধৰণৰ ৰাজনীতিৰ দ্বাৰা হোৱা আটাইতকৈ ডাঙৰ ক্ষতিটো হ’ল যে দেশৰ ভাৰসাম্যহীন বৈষম্যই ইয়াৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিছিল। উন্নয়ন পৰিষদ স্থাপন কৰা হৈছিল বুলি কোৱা কথাটো বাস্তৱত দৃশ্যমান হোৱা নাছিল। ভাৰসাম্যহীন অৱস্থাই চৰকাৰৰ প্ৰতি থকা মানুহৰ বিশ্বাস ভংগ কৰি পেলাইছিল। আমি আজি সেই আত্মবিশ্বাস ঘূৰাই আনিছোঁ। আমি চৰকাৰৰ বাবে এটা উদ্দেশ্য নিৰ্ধাৰণ কৰিছোঁ। এই উদ্দেশ্যটো ভোটবেংকৰ ৰাজনীতিৰ পৰা হাজাৰ মাইল দূৰত। আমাৰ চৰকাৰৰ উদ্দেশ্য এক ডাঙৰ, বিশাল আৰু বিস্তৃত। আমি, ‘প্ৰগ্ৰেছ অব দা পিপুল… প্ৰগ্ৰেছ বাই দা পিপুল… প্ৰগ্ৰেছ ফৰ দা পিপুল’ৰ মন্ত্ৰলৈ আগবাঢ়িছোঁ। আমাৰ লক্ষ্য হৈছে এখন নতুন ভাৰত গঢ়ি তোলা, ভাৰতক উন্নত কৰা। আৰু যেতিয়া আমি এই বৃহৎ লক্ষ্যৰে যাত্ৰা কৰিছোঁ, ভাৰতৰ জনসাধাৰণেও তেওঁলোকৰ বিশ্বাসৰ পুঁজি আমাৰ হাতত অৰ্পণ কৰিছে। আপোনালোকে কল্পনা কৰিব পাৰেনে যে সামাজিক মাধ্যমৰ এই যুগত, ভুল তথ্য আৰু অপপ্ৰচাৰ সকলোৱে চাৰিওফালে বাৰুকৈয়ে খোপনি পুতি লৈছে। ইমানবোৰ বাতৰি কাকত আছে, ইমানবোৰ চেনেল আছে, এই সকলোবোৰৰ মাজতো ভাৰতৰ নাগৰিকসকলৰ বিশ্বাস আমাৰ ওপৰত, আমাৰ চৰকাৰৰ ওপৰত আছে।

বন্ধুসকল,

যেতিয়া জনসাধাৰণৰ বিশ্বাস বৃদ্ধি হয়, আত্মবিশ্বাস বৃদ্ধি হয়, তেতিয়া দেশৰ উন্নয়নৰ ক্ষেত্ৰত এক পৃথক প্ৰভাৱ দেখা যায়। আপোনালোকে নিশ্চয় জানে যে পুৰণি বিকশিত সভ্যতাসমূহৰ পৰা আজিৰ উন্নত দেশবোৰলৈকে এটা কথাত সদায়ে মিল থকা দেখা গৈছে, এই মিলটো হৈছে বিপদাশংকা গ্ৰহণ কৰাৰ সংস্কৃতি। এটা সময় আছিল যেতিয়া আমাৰ দেশ সমগ্ৰ বিশ্বৰ বাণিজ্য আৰু সংস্কৃতিৰ ‘হটস্পট’ আছিল। আমাৰ ব্যৱসায়ী আৰু বিক্ৰেতাসকলে এফালে দক্ষিণ-পূব এছিয়াৰ সৈতে ব্যৱসায় কৰি আছিল, আৰু আনফালে তেওঁলোকৰ আৰৱ, আফ্ৰিকা আৰু ৰোমান সাম্ৰাজ্যৰ সৈতেও গভীৰ সম্পৰ্ক আছিল। সেই সময়ৰ লোকসকলে বিপদাশংকা গ্ৰহণ কৰিছিল আৰু সেয়েহে ভাৰতৰ সামগ্ৰী আৰু সেৱাসমূহ সাগৰৰ আনটো মূৰত গৈ উপনীত হ’বলৈ সক্ষম হৈছিল। স্বাধীনতাৰ পিছত, আমি বিপদাশংকাৰ এই সংস্কৃতিক আগুৱাই নিয়াৰ প্ৰয়োজন আছিল। কিন্তু স্বাধীনতাৰ পিছৰ চৰকাৰবোৰে সেই সময়ৰ নাগৰিকসকলক সেই সাহস দিয়া নাছিল, ইয়াৰ ফলস্বৰূপে বহু প্ৰজন্মই এখোজ আগুৱাই দুখোজ পিছুৱায়েই জীৱনপাত কৰিবলগীয়া হৈছিল। এতিয়া, যোৱা ১০টা বছৰত দেশত হোৱা পৰিৱৰ্তনসমূহে ভাৰতৰ নাগৰিকসকলৰ মাজত বিপদাশংকা গ্ৰহণ কৰাৰ সংস্কৃতিক নতুন শক্তি প্ৰদান কৰিছে। আজি আমাৰ যুৱপ্ৰজন্ম প্ৰতিটো ক্ষেত্ৰতে বিপদাশংকা গ্ৰহণকাৰী হিচাপে উদীয়মান হৈছে। এটা সময়ত কোম্পানী এটা আৰম্ভ কৰাটোক বিপদাশংকা বুলি গণ্য কৰা হৈছিল, ১০ বছৰ আগলৈকে ‘ষ্টাৰ্টআপ’ৰ নাম খুব কমেইহে শুনিছিল… আজি, দেশত পঞ্জীভুক্ত ‘ষ্টাৰ্টআপ’ৰ সংখ্যাই ১.২৫ লাখৰ ঘৰ অতিক্ৰম কৰিছে। এটা সময় আছিল যে ক্ৰীড়া আৰু ক্ৰীড়াক বৃত্তি হিচাপে গ্ৰহণ কৰাটোকো বিপদাশংকা বুলিয়েই গণ্য কৰা হৈছিল, কিন্তু আজি আমাৰ সৰু চহৰবোৰৰ যুৱক-যুৱতীসকলেও এই বিপদাশংকা গ্ৰহণ কৰিছে আৰু বিশ্বত দেশৰ নাম উজ্জ্বল কৰি তুলিছে। ‘আত্ম-সহায়ক গোট’সমূহৰ সৈতে জড়িত মহিলাসকলৰ উদাহৰণেই লওঁকচোন, আজি দেশত প্ৰায় এক কোটি ‘লাখপতি দিদি’ সৃষ্টি হৈছে। তেওঁলোকে গাঁৱে গাঁৱে উদ্যোগী হৈ তেওঁলোকৰ ব্যৱসায় চলাই আহিছে। মই কিছু দিনৰ আগতে গাঁৱৰ এগৰাকী মহিলাৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ, সেই মহিলাগৰাকীয়ে মোক তেওঁনো কেনেদৰে ট্ৰেক্টৰ কিনিছিল আৰু তেওঁৰ উপাৰ্জনৰ পৰা গোটেই পৰিয়ালটোৰ উপাৰ্জন কেনেদৰে বৃদ্ধি হৈছিল সেই কথা বিবৰি কৈছিল। এগৰাকী মহিলাই বিপদাশংকা গ্ৰহণ কৰিছিল আৰু তেওঁৰ গোটেই পৰিয়ালটোৰে জীৱন সলনি কৰিছিল। যেতিয়া দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিপদাশংকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া পৰিৱৰ্তনো প্ৰকৃতাৰ্থতে দেখিবলৈ পোৱা যায়। আজি আমি ভাৰতত সেয়াই হোৱা দেখিছোঁ।

 

বন্ধুসকল,

 

ভাৰতৰ সাম্প্ৰতিক সমাজখন অভূতপূৰ্ব আকাংক্ষাৰে ভৰি আছে। আমি এই আকাংক্ষাবোৰক আমাৰ নীতিৰ এটা ডাঙৰ আধাৰ কৰি তুলিছোঁ। আমাৰ চৰকাৰে দেশবাসীক এক অতি ‘ইউনিক কম্বিনেশ্যন’ দিছে। এই ‘কম্বিনেশ্যন’টো হৈছে ‘নিযুক্তিৰ বাবে বিনিয়োগ’, ‘মৰ্যাদাৰ বাবে বিকাশ’। আমি উন্নয়নৰ এনে এক আৰ্হিৰ সৈতে আগবাঢ়িছো য’ত বিনিয়োগ কৰা হয়, বিনিয়োগৰ জৰিয়তে নিযুক্তি সৃষ্টি হয়, উন্নয়ন হয় আৰু উন্নয়নে ভাৰতৰ নাগৰিকসকলৰ মৰ্যাদা বৃদ্ধি কৰে, মৰ্যাদা নিশ্চিত কৰে। এতিয়া দেশত শৌচালয় নিৰ্মাণৰ এটা নিদৰ্শন আছে। মই সৰু সৰু কামবোৰ কৰি আহিছোঁ, কাৰণ কেতিয়াবা আমি অনুভৱ কৰোঁ যে এইবোৰ কামৰ যেন কোনো মূল্যই নাই… কিন্তু এইবোৰৰ শক্তি কিমান মই আপোনালোকক এটা উদাহৰণৰে ক’ব বিচাৰিছোঁ। আমাৰ দেশত আমি শৌচালয় নিৰ্মাণৰ বাবে এক অভিযান চলাইছোঁ, দেশৰ বৃহৎ জনসংখ্যাৰ বাবে, ই সুবিধাৰ লগতে সুৰক্ষা আৰু মৰ্যাদাৰো মাধ্যম হৈছে। এই আঁচনিখনৰ বিষয়ে কওঁতে প্ৰায়ে কোৱা হয় যে ইমান কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে। ঠিক আছে, সেইবোৰ নিশ্চয় কৰা হৈছে। কিন্তু এইযে নিৰ্মাণ কৰা শৌচালয়বোৰ, এইবোৰ নিৰ্মাণ কৰাৰ বাবে ইটা লাগিছে, লো লাগিছে আৰু চিমেণ্ট লাগিছে, কাম কৰা লোক জড়িত হৈছে। আৰু এই বস্তুবোৰ কোনোবা দোকানৰ পৰা কিনিবলগীয়া হৈছে, সামগ্ৰীসমূহ কোনোবা উদ্যোগত তৈয়াৰ কৰা হৈছে। কোনোবা নহয় কোনোবা পৰিবহন সংস্থাই ইয়াক কাৰোবাৰ ঘৰ পৰ্যন্ত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ, ই অৰ্থনীতিকো ত্বৰান্বিত কৰিছে, বৃহৎ সংখ্যক চাকৰিও সৃষ্টি কৰিছে। যেতিয়া শৌচালয় নিৰ্মাণ কৰা হৈছিল, মানুহৰ জীৱন সহজ হৈ পৰিছিল। মানুহৰ মাজত সন্মান আৰু স্বাভিমানৰ অনুভূতি জাগৃত হৈছিল। আৰু একে সময়তে ই উন্নয়নকো ত্বৰান্বিত কৰিছে। অৰ্থাৎ বিনিয়োগৰ পৰা নিযুক্তি, উন্নয়নৰ পৰা মৰ্যাদালৈ এই মন্ত্ৰৰ সফলতা বাস্তৱক্ষেত্ৰত দৃশ্যমান হৈছে।

 

বন্ধুসকল,

 

আন এটা উদাহৰণ হৈছে ‘এলপিজি গেছ চিলিণ্ডাৰ’ৰ। আগতে, যেতিয়া কাৰোবাৰ ঘৰত গেছৰ চৌকা জ্বলিছিল, তেতিয়া চুবুৰীয়াসকলে তেওঁলোকক উচ্চশ্ৰেণীৰ মানুহ বুলি ভাবিছিল, তেওঁলোকৰ এটা ডাঙৰ স্থিতি আছে বুলি গণ্য কৰা হৈছিল, তেওঁলোকৰ যে গেছৰ চৌকা আছে। যিসকলৰ গেছৰ সংযোগ নাছিল, তেওঁলোকে ভাবিছিল তেওঁলোকৰ খাদ্যদ্ৰব্যও গেছৰ চৌকাত ৰান্ধিব পৰা হ’লে। পৰিস্থিতি এনেকুৱা আছিল যে গেছ সংযোগ পোৱাৰ বাবে সাংসদ আৰু সংসদৰ সদস্যৰ পৰা পত্ৰ লেখাই আনিব লগা হৈছিল, এয়া মই একবিংশ শতিকাৰ আৰম্ভণিৰ কথাই কৈছোঁ, মই অষ্টাদশ শতিকাৰ কথা কোৱা নাই। ২০১৪ চনৰ আগতে চৰকাৰে বিতৰ্ক কৰিছিল, আৰু বিতৰ্ক কি কৰা হৈছিল? বিতৰ্কটো আছিল এবছৰত ৬টা চিলিণ্ডাৰ দিব নে, ৯টা চিলিণ্ডাৰ দিব। এই সন্দৰ্ভত বিতৰ্ক হৈছিল। কিমানটা চিলিণ্ডাৰ দিব লাগে সেই বিষয়ে বিতৰ্ক কৰাৰ পৰিৱৰ্তে, আমি প্ৰতিটো ঘৰতে গেছ ষ্টোভৰ সংযোগ প্ৰদান কৰাটোক প্ৰাথমিকতা দিছিলোঁ। স্বাধীনতাৰ পিছৰ যোৱা ৭০ বছৰতকৈ আমি যোৱা ১০ বছৰত অধিক গেছ সংযোগ দিছোঁ। ২০১৪ চনত দেশত ১৪ কোটি গেছ সংযোগ আছিল, আজি ৩০ কোটিতকৈয়ো অধিক আছে। ১০ বছৰত ইমানবোৰ গ্ৰাহক বৃদ্ধি পাইছে, কিন্তু আপোনালোকে কেতিয়াবা শুনিছে নে যে গেছৰ অভাৱ হৈছে? নাই শুনা নহয়নে, ‘হিন্দুস্তান টাইমছ’ত কেতিয়াবা বাতৰি প্ৰকাশিত হৈছে নে, নাই হোৱা, হোৱাই নাই যেতিয়া বাতৰি ছপা হ’ব কেনেকৈ, নহয়নে বাৰু? এনে কথা শুনিবলৈ পোৱা নাযায়, কাৰণ আমি এটা সমৰ্থনকাৰী আন্তঃগাঁথনি সৃষ্টি কৰিছিলো আৰু ইয়াত বিনিয়োগ কৰিছিলোঁ। আমি ‘বটলিং প্লাণ্ট’ আৰু ‘বিতৰণ কেন্দ্ৰ’ স্থাপন কৰিছোঁ। ‘বটলিং’ৰ পৰা চিলিণ্ডাৰ বিতৰণলৈকে, ই সকলো ঠাইতে নিযুক্তি সৃষ্টি কৰিছিল।

 

বন্ধুসকল,

 

মই আপোনালোকক এনে ধৰণৰ বহুতো উদাহৰণ দিব পাৰো। ‘ম’বাইল ফোন’ৰ এটা উদাহৰণ… ‘ৰুপে কাৰ্ড’ৰ উদাহৰণ… আগতে, ‘ডেবিট-ক্ৰেডিট কাৰ্ড’ ব্যৱহাৰ কৰাটো কিছুমান লোকৰ বাবে এক বেলেগ ধৰণৰ গৌৰৱৰ কথা আছিল, পকেটৰ পৰা এনেকৈহে উলিয়াইছিল যে মানুহে চাবলৈ বাধ্য হৈছিল। আৰু দৰিদ্ৰসকলে সেই কাৰ্ডখনলৈ চাই চাই ভাবিছিল… এনেকুৱা এখন কাৰ্ড যদি মোৰ পকেটতো থাকিলেহেঁতেন কেতিয়াবা। ইয়াৰ মাজতে ‘ৰুপে কাৰ্ড’ আহিল, আৰু আজি মোৰ দেশৰ দৰিদ্ৰ লোকসকলৰ পকেটতো ‘ক্ৰেডিট-ডেবিট কাৰ্ড’ থকা হ’ল বন্ধুসকল। এতিয়া তেনে মুহূৰ্তত তেওঁলোকেও তেওঁলোকৰ সমান অনুভৱ কৰে, তেওঁলোকৰো আত্মসন্মান বৃদ্ধি পাই যায়। আজি, আটাইতকৈ দৰিদ্ৰ লোকসকলেও অনলাইন লেনদেন কৰে। ডাঙৰ শ্বপিং মলবোৰত কোনোবাই এখন ব্যয়বহুল গাড়ীৰ পৰা নামি ‘ইউপিআই’ ব্যৱহাৰ কৰে, যিদৰে মোৰ দেশৰ পথৰ দাঁতিত বহি থকা এজন সাধাৰণ মানুহেও সেই একেই ‘ইউপিআই’কে ব্যৱহাৰ কৰে। এইটো হৈছে বিনিয়োগৰে নিযুক্তি আৰু উন্নয়নৰে মৰ্যাদাৰ এক উৎকৃষ্ট উদাহৰণ।

 

বন্ধুসকল,

 

ভাৰত আজি যি বিকাশৰ গতিপথত আগবাঢ়িছে… কথাটো বুজিবলৈ আমাৰ চৰকাৰৰ আন এটা দৃষ্টিভংগী লক্ষ্য কৰাটো জৰুৰী হ’ব। এই দৃষ্টিভংগী হৈছে- ‘স্পেণ্ডিং বিগ ফৰ দা পিপুল’, কিন্তু ইয়াৰ লগতে আন এটা পদ্ধতিও আছে – ‘ছেভ বিগ ফৰ দা পিপুল’। আমি এয়া কেনেদৰে কৰি আছো সেয়া সম্ভৱতঃ আপোনালোকৰ বাবে আকৰ্ষণীয় হ’ব। ২০১৪ চনত আমাৰ কেন্দ্ৰীয় বাজেট আছিল প্ৰায় ১৬ লাখ কোটি টকা। আজি এই বাজেট হৈছে ৪৮ লাখ কোটি টকা। ২০১৩-১৪ বৰ্ষত আমি মূলধনী ব্যয়ত প্ৰায় ২.২৫ লাখ কোটি টকা ব্যয় কৰিছিলোঁ। কিন্তু আজিৰ মূলধনী ব্যয়ৰ পৰিমাণ হৈছে ১১ লাখ কোটিতকৈয়ো অধিক। এই ১১ লাখ কোটি টকা নতুন চিকিৎসালয়, নতুন বিদ্যালয়, পথ, ৰে’লপথ, গৱেষণা সুবিধা আৰু এনে বহুতো ৰাজহুৱা আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা হৈছে। ৰাজহুৱা ব্যয় বৃদ্ধিৰ লগতে, আমি ৰাজহুৱা ধনৰাশিও ৰাহি কৰি আছো। মই আপোনালোকৰ সন্মুখত কিছুমান পৰিসংখ্যা দাঙি ধৰিছোঁ আৰু মই নিশ্চিত যে এই পৰিসংখ্যাবোৰ শুনি আপোনালোকে অনুভৱ কৰিব যে এনেও হ’ব পাৰেনে বাৰু।

 

এতিয়া যেনে- ‘ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ’, ‘ডিবিটি’… ‘ডিবিটি’-ৰ জৰিয়তে বন্ধ হোৱা লিকেজে দেশখনৰ ৩.৫ লাখ কোটি টকা ৰাহি কৰিছে। ‘আয়ুষ্মান ভাৰত আঁচনি’-ৰ অধীনত বিনামূলীয়া চিকিৎসাই দৰিদ্ৰ লোকসকলৰ বাবে ১.১০ লাখ কোটি টকা ৰাহি কৰিছে। ‘জন ঔষধী কেন্দ্ৰ’ত ৮০% ৰেহাই মূল্যত উপলব্ধ ঔষধে নাগৰিকসকলৰ ৩০ হাজাৰ কোটি টকা ৰাহি কৰিছে। ‘ষ্টেণ্ট’ আৰু আঁঠু সংৰোপণৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ফলত মানুহৰ হাজাৰ হাজাৰ কোটি টকা ৰাহি হৈছে। ‘উজলা আঁচনি’-ৰ জৰিয়তে, মানুহে ‘এলইডি বাল্ব’ৰ জৰিয়তে ২০,০০০ কোটি টকাৰ বিদ্যুৎ বিল ৰাহি কৰিছে। ‘স্বচ্ছ ভাৰত অভিযান’, ‘স্বচ্ছ ভাৰত অভিযান’-ৰ ফলত ৰোগ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত গাঁওসমূহৰ প্ৰতিটো পৰিয়ালৰ প্ৰায় ৫০ হাজাৰ টকাকৈ ৰাহি হৈছে। ‘ইউনিচেফ’-য়ে কৈছে যে যি সমূহ পৰিয়ালৰ নিজাববীয়া শৌচালয় আছে তেওঁলোকে গড়ে প্ৰায় ৭০ হাজাৰ টকাকৈ ৰাহি কৰিছে।

 

বন্ধুসকল,

 

প্ৰথমবাৰৰ বাবে নলৰে জলৰ যোগান লাভ কৰা ১২ কোটি লোকৰ ক্ষেত্ৰত ‘বিশ্ব স্বাস্থ্য সংস্থা’ই এটা অধ্যয়ন চলাইছে। সেই অধ্যয়নৰ মতে এনেবোৰে পৰিয়ালে বিশুদ্ধ পানী পাই প্ৰতি বছৰে ৮০ হাজাৰৰো অধিক টকা ৰাহি কৰিছে।

 

বন্ধুসকল,

 

দহ বছৰ আগতে ভাৰতত যে ইমান ডাঙৰ পৰিৱৰ্তন ঘটিব কোনেও ভবাই নাছিল। ভাৰতৰ সাফল্যই আমাক ডাঙৰ সপোন দেখিবলৈ আৰু ইয়াক উপলব্ধি কৰিবলৈ অনুপ্ৰাণিত কৰিছে। আজি এটা আশা কৰা হৈছে, এটা চিন্তা কৰা হৈছে যে এই শতিকাটো ভাৰতৰ শতিকা হ’ব। কিন্তু এয়া সম্ভৱ কৰিবলৈ আৰু দ্ৰুতগতিত কাম কৰিবলৈ, আমি বহুতোবোৰ প্ৰয়াস কৰিব লাগিব। আমি সেই দিশতো দ্ৰুতগতিত কাম কৰি আছো। আমি প্ৰতিটো ক্ষেত্ৰতে সৰ্বশ্ৰেষ্ঠ কৰিবলৈ আগবাঢ়িব লাগিব। সমগ্ৰ সমাজে ভাবিব লাগিব যে আমি সৰ্বশ্ৰেষ্ঠতকৈ কম একোকেই গ্ৰহণ নকৰিম। আমি আমাৰ প্ৰক্ৰিয়াবোৰ এনেদৰে কৰিব লাগিব যাতে ভাৰতৰ মানদণ্ডক বিশ্বমান বুলি কোৱা হয়। আমি এনে সামগ্ৰী তৈয়াৰ কৰিব লাগিব যে ভাৰতৰ বস্তুবোৰক বিশ্বমানৰ বুলি স্বীকাৰ কৰা হয়। আমাৰ নিৰ্মাণৰ কাম এনেদৰে কৰিব লাগিব যাতে ভাৰতৰ আন্তঃগাঁথনিক বিশ্বমানৰ বুলি ক’ব পৰা যাব। আৰু জনসাধাৰণৰ মনত এই দৃষ্টিভংগী বৰ্তাই ৰখাত ‘হিন্দুস্তান টাইমছ’-ৰো এক ডাঙৰ ভূমিকা আছে। উন্নত ভাৰতৰ যাত্ৰাত আপোনাোকৰ ১০০ বছৰীয়া অভিজ্ঞতা অতি উপযোগী হ’ব।

 

বন্ধুসকল,

 

মই নিশ্চিত যে আমি উন্নয়নৰ এই গতি বৰ্তাই ৰাখিম। অতি সোনকালেই আমি ‘বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি’ হৈ উঠিম। আৰু যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিবগৈ, যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিবগৈ, তেতিয়া আপোনালোকৰ বয়সো প্ৰায় ১২৫ বছৰ হ’বগৈ, আৰু তাৰ পিছত ‘হিন্দুস্তান টাইমছ’-য়ে লিখিব যে এইখন উন্নত ভাৰতৰ এখন সুন্দৰ বাতৰি কাকত। আপোনালোকো এই যাত্ৰাৰ সাক্ষী হ’ব। কিন্তু মই যেতিয়া আপোনালোকৰ মাজলৈ আহিছোঁ, সেয়ে মই আপোনালোকক কিছু কামৰ কথা ক’ব বিচাৰিছোঁ, আৰু ভৰতীয়াজী, এই দায়িত্ব আপোনাৰ হ’ব দেই।

 

চাওক, আমাৰ দেশৰ মহান লেখকসকলৰ ৰচনাৱলীক লৈ ‘পিএইচডি’ কৰা হৈছে। বিভিন্ন গৱেষণাক লৈ ‘পিএইচডি’ প্ৰদান কৰা হৈছে। শশীজী, ‘হিন্দুস্তান টাইমছ’ৰ ১০০ বছৰৰ ইতিহাসক লৈয়ো কোনোবাই বাৰু ‘পিএইচডি’ কৰা উচিত নহয়নে? এয়া এক মহান সেৱা হ’ব। এই বিষয়ত গৱেষণা কৰা হ’ব, অৰ্থাৎ, কিবা এটা ওলাই আহিব যি আমাৰ দেশৰ সাংবাদিকতাৰ যাত্ৰা, আৰু ই দুয়োটা কালখণ্ডকে দেখিছে, দাসত্বৰ সময়ছোৱাকো আৰু স্বাধীনতাৰ সময়ছোৱাকো, দুয়োটাকে দেখিছে। ই অভাৱৰ দিনবোৰো দেখিছে আৰু প্ৰভাৱৰ দিনবোৰো দেখিছে। মই ভাবো এইটো এটা মহান সেৱা হ’ব পাৰে। আৰু বিৰলা পৰিয়ালেতো আগৰে পৰাই ‘চেৰিটী’ক বিশ্বাস কৰা পৰিয়াল হৈয়ে আহিছে। ভাৰত আৰু ভাৰতৰ বাহিৰৰো কোনোবা বিশ্ববিদ্যালয়ত ‘হিন্দুস্তান টাইমছ’-য়ে সহযোগিতা আগবঢ়াব যিয়ে বিশ্বপ্ৰেক্ষাপটত ভাৰতক সঠিকভাৱে চিনাক্ত কৰাৰ বাবে গৱেষণাৰ কাম কৰোৱাব। বাতৰি কাকত এখন নিজেই এটা ডাঙৰ কাম, যিটো আপোনালোকে কৰিছে। আপোনালোকৰ ইমান ডাঙৰ মূলধন আছে, আপোনালোকে ১০০ বছৰত অৰ্জন কৰা সন্মান, আপোনালোকে অৰ্জন কৰা বিশ্বাস, ই সম্ভৱতঃ আগন্তুক প্ৰজন্মসমূহৰ বাবে ‘হিন্দুস্তান টাইমছ’-ৰ আওতাৰ পৰা বাহিৰলৈ ওলাই আহিও উপযোগী হ’ব পাৰে। মই নিশ্চিত যে আপোনালোকে এই ১০০টা বছৰক ‘চেমিনাৰ’তে সীমাবদ্ধ কৰি নাৰাখিব, আপোনালোকে ইয়াক আগুৱাই নিব। দ্বিতীয়তে, মই দেখা প্ৰদৰ্শনীখন সঁচাকৈয়ে প্ৰভাৱিত কৰিব পৰা হৈছে। আপোনালোকে সুন্দৰ ধাৰাভাষ্যৰ সৈতে ইয়াৰ এটা ডিজিটেল সংস্কৰণ প্ৰস্তুত কৰিব পাৰিবনে, আৰু ইয়াক আমাৰ দেশৰ সকলো স্কুলীয়া শিশুলৈ বিয়পাই দিব পাৰিবনে বাৰু? ভাৰতত এই ক্ষেত্ৰখন কেনেকুৱা ই দেখুৱাব, ভাৰতৰ উন্নয়ন যাত্ৰাত কেনেদৰে উত্থান-পতন হৈছে, ভাৰত কি পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে, এয়া অতিকে গুৰুত্বপূৰ্ণ। আৰু মই ভাবো আপোনালোকে ইয়াৰ ডিজিটেল সংস্কৰণ তৈয়াৰ কৰিব আৰু ইয়াক দেশৰ প্ৰতিখন বিদ্যালয়লৈ বিতৰণ কৰিব, যিটো শিশুসকলৰ বাবেও এক ডাঙৰ আকৰ্ষণ হৈ উঠিব।

 

বন্ধুসকল,

 

১০০ বছৰ বহুতেই ডাঙৰ কথা। মই এইখিনি সময়ত অলপ বেলেগ ধৰণৰ কাম কিছুমানত অলপ ব্যস্ত হৈ আছোঁ। পিচে, এইটো এনে এটা সুযোগ আছিল যাক মই হেৰুৱাব বিচৰা নাছিলোঁ, মই নিজেই আহিব বিচাৰিছিলোঁ। কাৰণ ১০০ বছৰৰ যাত্ৰা নিজে নিজেই এক ডাঙৰ সাফল্য। আৰু সেইকাৰণে মই আপোনালোক আৰু আপোনালোকৰ সমগ্ৰ সতীৰ্থসকলক অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ!

 

 

***

 

MJPS/ST/RK/KB