Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৯.০৯.২০২৪ত ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


নমস্কাৰ মোৰ প্ৰিয় দেশবাসী,

মন কী বাতত আকৌ এবাৰ যোগদান কৰাৰ এয়া মোৰ সুযোগ। আজিৰ খণ্ডটোৱে মোক আৱেগিক কৰি তুলিছে, বহু পুৰণি স্মৃতি পুনৰ সজীৱ হৈছে–কাৰণ মন কী বাতত এয়া আমাৰ যাত্ৰাৰ দশম বছৰ। দহ বছৰ আগতে ৩ অক্টোবৰত বিজয়া দশমীৰ দিনা মন কী বাত আৰম্ভ হৈছিল আৰু কি যে পবিত্ৰ সংযোগ যে এইবাৰ ৪ অক্টোবৰ নৱৰাত্ৰিৰ প্ৰথম দিন হ’ব যেতিয়া মন কী বাতে দহ বছৰ সম্পূৰ্ণ কৰিব। মন কী বাতৰ এই দীঘলীয়া যাত্ৰাৰ কেইবাটাও পৰ্যায় আছে যিবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো। মন কী বাতৰ কোটি কোটি শ্ৰোতা আমাৰ এই যাত্ৰাৰ সংগী, যাৰ অহৰহ সমৰ্থন মই পাই আহিছো। দেশৰ বিভিন্ন কোণৰ পৰা তেওঁলোকে তথ্য প্ৰেৰণ কৰিছে। মন কী বাতৰ দৰ্শকেই এই অনুষ্ঠানৰ প্ৰকৃত উৎস। সাধাৰণতে এটা ধাৰণা আছে যে যেতিয়ালৈকে ধেমেলীয়া কথা নাথাকে, নেতিবাচক কথা নাথাকে, তেতিয়ালৈকে ই বিশেষ মনোযোগ নাপায়। কিন্তু ইতিবাচক তথ্যৰ বাবে দেশৰ জনসাধাৰণ কিমান খোলা, সেই কথা প্ৰমাণ কৰিলে মন কী বাতে। ইতিবাচক আলোচনা, প্ৰেৰণাদায়ক উদাহৰণ, প্ৰেৰণাদায়ক কাহিনী মানুহে ভাল পায়। যেনে-চাতক নামৰ চৰাই এটাই কেৱল বৰষুণৰ পানীহে খায় বুলি কোৱা হয়। মন কী বাতত আমি দেখিছোঁ যে দেশৰ সফলতা, জনসাধাৰণৰ সামূহিক সফলতা, চাতক চৰাইৰ দৰে কাহিনী মানুহে কিমান গৌৰৱেৰে শুনে।

মন কী বাতৰ ১০ বছৰীয়া যাত্ৰাই সৃষ্টি কৰিছে এক মালা য’ত প্ৰতিটো খণ্ডই নতুন নতুন কাহিনী, নতুন কৃতিত্ব, নতুন ব্যক্তিত্বৰ সংযোজন কৰিছে। আমাৰ সমাজত সামূহিক চিন্তাৰ পৰা যি কাম কৰা হয়, সেই কামক মন কী বাতৰ জৰিয়তে সন্মান জনোৱা হয়। মন কী বাতৰ বাবে চিঠিবোৰ পঢ়িলে মোৰ হৃদয়খনো গৌৰৱেৰে ভৰি পৰে। আমাৰ দেশত কিমান প্ৰতিভাশালী মানুহ আছে! দেশ আৰু সমাজ সেৱাৰ প্ৰতি তেওঁলোকৰ কি আবেগ! তেওঁলোকে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰে। তেওঁলোকৰ বিষয়ে জানি মই শক্তি, উৎসাহেৰে ভৰি পৰিছো। মন কী বাতৰ সমগ্ৰ প্ৰক্ৰিয়াটো মোৰ বাবে মন্দিৰলৈ গৈ ভগৱানক দেখাৰ দৰেই। মন কী বাতৰ প্ৰতিটো শব্দ, প্ৰতিটো ঘটনা, প্ৰতিটো আখৰ মনত পৰিলে মোৰ এনে লাগে যেন মই জনতা জনাৰ্দনক দেখিছোঁ-যিসকল মোৰ বাবে ঈশ্বৰৰ ৰূপ।

বন্ধুসকল, আজি দূৰদৰ্শন, প্ৰসাৰ ভাৰতী আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতে জড়িত সকলো ব্যক্তিলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে মন কী বাত এই মাইলৰ খুঁটিত উপনীত হৈছে। এই অনুষ্ঠানটো অবিৰতভাৱে দেখুওৱা বিভিন্ন টিভি চেনেল আৰু আঞ্চলিক টিভি চেনেল সমূহক ধন্যবাদ জনাইছো। বহু মিডিয়া হাউছে মন কী বাতৰ জৰিয়তে আমি উত্থাপন কৰা বিষয়বোৰৰ প্ৰচাৰ কৰিছে। ছপা মাধ্যমক ধন্যবাদ জনাইছো কাৰণ তেওঁলোকে ইয়াক ঘৰে ঘৰে পোৱাত সহায় কৰিছে। মন কী বাতক লৈ অনুষ্ঠান কৰা ইউটিউবাৰ সকলকো ধন্যবাদ জনাইছো। মন কী বাত অনুষ্ঠানটো দেশৰ ২২টা ভাষাৰ লগতে ১২টা বিদেশী ভাষাতো শুনিবলৈ পোৱা যায়। মানুহে যেতিয়া মই নিজৰ মাতৃভাষাত মন কী বাতৰ অনুষ্ঠানটো শুনিছো বুলি কয় মই আনন্দিত হওঁ। আপোনালোকৰ বহুতেই নিশ্চয় জানে যে মন কী বাত অনুষ্ঠানৰ আধাৰত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়, য’ত যিকোনো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰে। আপোনালোকেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে আৰু Mygov.inত গৈ পুৰস্কাৰ লাভ কৰিব পাৰে।

আজি এই গুৰুত্বপূৰ্ণ মঞ্চত সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ, যাতে শুদ্ধ অন্তৰেৰে আৰু সম্পূৰ্ণ আত্মসমৰ্পণেৰে এনেদৰে ভাৰতবাসীৰ গৌৰৱ গাই যাওঁ। এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা, জনতা-জনাৰ্দনলৈ মোৰ প্ৰাৰ্থনা, যাতে আমি সকলোৱে দেশৰ সামগ্ৰিকতাৰ শক্তিক এইদৰে উদযাপন কৰিব পাৰো।

মোৰ প্ৰিয় দেশবাসী,

যোৱা কেইসপ্তাহমানৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ দি আছে। এই বাৰিষা বতৰটোৱে আমাক সোঁৱৰাই দিয়ে যে পানী সংৰক্ষণৰ কিমান প্ৰয়োজন, পানী সংৰক্ষণ কৰাটো কিমান গুৰুত্বপূৰ্ণ! বাৰিষাৰ সময়ত ধৰা পানী খৰাঙৰ মাহবোৰত যথেষ্ট উপযোগী আৰু এই ধাৰণাটোৰ পৰাই ‘বৰষুণৰ পানী ধৰা’ৰ দৰে অভিযানৰ সুচনা হয়। মই অতি সুখী যে বহু লোকে পানী সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লৈছে। তেনে এক প্ৰচেষ্টা উত্তৰপ্ৰদেশৰ ঝান্সীত দেখা গ’ল। আপোনালোকে জানে যে ঝান্সী বুণ্ডেলখণ্ডত অৱস্থিত, যিটো স্থানৰ সৈতে পানীৰ সংকটৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। তাতে ঝান্সীৰ একাংশ নাৰীক প্ৰাণ দিছে ঘুৰাৰী নদীখনে। সেই মহিলাসকল আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ ‘জল সহেলী’ হিচাপে অভিযানৰ নেতৃত্ব দিয়ে। সেই মহিলাসকলে কেনেকৈ মৃত ঘূৰাৰী নদীখনক বচালে সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল। সেই ‘জল সহেলি’সকলে বালিভৰ্তি মোনাৰে চেক বান্ধ সাজি বৰষুণৰ পানীৰ অপচয় ৰোধ কৰি নদীত বান্ধ দিছে। সেই মহিলাসকলে বহু জলাশয় নিৰ্মাণ আৰু জীয়াই ৰখাত উৎসাহেৰে অংশগ্ৰহণ কৰিছে। এনেদৰে সেই অঞ্চলৰ পানীৰ সমস্যা সমাধান হৈছে আৰু তেওঁলোকৰ মুখত সুখৰ হাঁহি বিৰিঙি উঠিছে।

বন্ধুসকল, কেতিয়াবা নাৰী শক্তিয়ে জলশক্তি সমৃদ্ধ কৰে, কেতিয়াবা জলশক্তিয়ে নাৰী শক্তিক শক্তিশালী কৰে। মধ্যপ্ৰদেশৰ দুটা ডাঙৰ প্ৰেৰণাদায়ক প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াত দিন্দ্ৰিৰ ৰাইপুৰা গাঁৱত এটা ডাঙৰ বিল নিৰ্মাণৰ বাবে ভূগৰ্ভস্থ পানী বৃদ্ধি পাইছে। এই গাঁৱৰ মহিলাসকলে যথেষ্ট সুবিধা লাভ কৰিছে। সাৰদা আজীৱিকা আত্ম সহায়ক গোটৰ লগত জড়িত মহিলাসকলেও মীন পালনৰ জৰিয়তে এক নতুন ব্যৱসায়িক সুযোগ লাভ কৰিছে। এই মহিলাসকলে মাছ পাৰ্লাৰো আৰম্ভ কৰিছে, য’ত মাছ বিক্ৰী কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাইছে। মধ্যপ্ৰদেশৰ ছটাৰপুৰ অঞ্চলৰ মহিলাসকলৰ প্ৰচেষ্টাও অতি প্ৰশংসনীয়। ইয়াৰ খোপ গাঁৱৰ এখন বৃহৎ বিল যেতিয়া শুকাবলৈ ধৰিলে, স্থানীয় মহিলাসকলে সেই বিলখন পুনৰ সজীৱ কৰাৰ সিদ্ধান্ত ল’লে। ‘হৰি বাগিয়ান আত্ম সহায়ক গোটৰ মহিলাসকলে বিলৰ পৰা বিপুল পৰিমাণৰ জাবৰ নিষ্কাষণ কৰে আৰু সেই জাবৰ ব্যৱহাৰ কৰি উৰ্বৰ ভূমিত ফলৰ অৰণ্য সৃষ্টি কৰে। এই মহিলাসকলৰ এই প্ৰচেষ্টাই বিলখনৰ জলস্তৰ বৃদ্ধি কৰাই নহয়, শস্যৰ উৎপাদনো বৃদ্ধি কৰিলে। দেশৰ চুকে-কোণে এনেধৰণৰ পানী সংৰক্ষণৰ প্ৰচেষ্টা জল সংকটৰ পৰা হাত সাৰিবলৈ অতি ফলপ্ৰসূ হ’বলৈ গৈ আছে। আপোনাৰ চৌপাশৰ এনে প্ৰচেষ্টাত আপোনালোকে নিশ্চয় অংশগ্ৰহণ কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস।

মোৰ প্ৰিয় দেশবাসী,

ঝালা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ এখন সীমান্ত গাঁও। ইয়াৰ যুৱক-যুৱতীসকলে নিজৰ গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বিশেষ উদ্যোগ লৈছে।

তেওঁলোকে নিজৰ গাঁৱত ‘ধন্যবাদ প্ৰকৃতি’ অভিযান আৰম্ভ কৰিছে। ইয়াৰ অধীনত প্ৰতিদিনে দুঘণ্টা ধৰি গাঁওখন চাফা কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গাঁৱৰ ৰাজপথত সিঁচৰতি হৈ থকা জাবৰ-জোঁথৰ সংগ্ৰহ কৰি গাঁৱৰ বাহিৰত নিৰ্দিষ্ট স্থানত পেলাই দিয়া হয়। ফলত ঝালা গাঁও পৰিস্কাৰ হোৱাৰ লগতে গাঁৱৰ ৰাইজো সচেতন হৈ পৰিছে। এবাৰ ভাবি চাওকচোন, যদি প্ৰতিখন গাঁও, প্ৰতিটো গলি, প্ৰতিটো চুবুৰীয়ে একে ধৰণেৰে ‘ধন্যবাদ’ অভিযান আৰম্ভ কৰে, তেন্তে কিমান পৰিৱৰ্তন আহিব পাৰে।

বন্ধুসকল, পুডুচেৰীৰ বিল চাফা কৰাৰ বাবে এটা ডাঙৰ অভিযান চলি আছে। ইয়াত ৰামজী নামৰ এগৰাকী মহিলাই ‘মাহে’ পৌৰসভা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ এদল যুৱক-যুৱতীক নেতৃত্ব দিছে। এই গোটৰ যুৱক-যুৱতীসকলে নিজৰ প্ৰচেষ্টাৰে মাহে অঞ্চল আৰু বিশেষকৈ সাগৰৰ পাৰ সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিছে।

বন্ধুসকল, মই ইয়াত মাত্ৰ দুটা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিছো, কিন্তু ইফালে সিফালে চালে আমি দেখিম যে দেশৰ প্ৰতিটো প্ৰান্ততে ‘স্বচ্ছতা’ৰ দিশত কিছু অনন্য প্ৰচেষ্টা চলি আছে। আৰু কিছুদিন পিছত ২ অক্টোবৰত ‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০ বছৰ সম্পূৰ্ণ হ’ব। ভাৰতৰ ইতিহাসত এই অভিযানক ইমান ডাঙৰ গণ আন্দোলন কৰি তোলা লোকসকলক প্ৰণাম জনোৱাৰ এয়াই উপযুক্ত সময়। গোটেই জীৱন এই কামত নিজকে উৎসৰ্গা কৰা মহাত্মা গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি জনাইছো।

বন্ধুসকল, আজি ‘স্বচ্ছ ভাৰত অভিযান’ৰ সফলতাই মানুহৰ মাজত ‘আৱৰ্জনাৰ পৰা সম্পদ’ মন্ত্ৰ জনপ্ৰিয় হৈ উঠিছে। মানুহে ইয়াৰ উদাহৰণ দি ‘‘ৰিডিউচ, ৰিউজ আৰু ৰিচাইকেল’ (হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনঃব্যৱহাৰ’)ৰ কথা ক’বলৈ আৰম্ভ কৰিলে। এতিয়াৰ দৰেই কেৰালাৰ কোঝিকোড়েত এক উল্লেখযোগ্য প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াত ৭৪ বছৰীয়া সুব্ৰাহ্মণ্য বাবুৱে ২৩ হাজাৰৰো অধিক চকী মেৰামতি কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিছে। মানুহে তেওঁক হ্ৰাস, পুনৰ ব্যৱহাৰ, পুনঃব্যৱহাৰ, অৰ্থাৎ আৰআৰআৰ (ট্ৰিপল আৰ) চেম্পিয়ন বুলিও কয়। তেওঁৰ এই অনন্য প্ৰচেষ্টা কোঝিকোড়েৰ চিভিল ষ্টেচন, পিডব্লিউডি আৰু এলআইচিৰ কাৰ্যালয়ত দেখা যায়।

বন্ধুসকল, অধিক সংখ্যক লোকে এই স্বচ্ছতাৰ অভিযানত যোগদান কৰিবলগীয়া হৈছে আৰু ই এদিনীয়া বা এবছৰীয়া অভিযান নহয়, ই যুগ যুগ ধৰি চলি থকা এক অবিৰত কাম। যেতিয়ালৈকে ‘স্বচ্ছতা’ আমাৰ অভ্যাসত পৰিণত নহয় তেতিয়ালৈকে আমি কাম কৰিব লাগিব।

আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী, ওচৰ-চুবুৰীয়া বা সহকৰ্মীসকলৰ লগত যোগদান কৰি স্বচ্ছ অভিযানত নিশ্চিতভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। স্বচ্ছ ভাৰত মিছনৰ সফলতাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।

মোৰ প্ৰিয় দেশবাসী,

আমি সকলোৱে আমাৰ ঐতিহ্যক লৈ গৌৰৱান্বিত। আৰু মই সদায় কওঁ, “বিকাশ ভি, বিৰাচত ভি”, অৰ্থাৎ “প্ৰগতিৰ লগতে ঐতিহ্যও”।

সেইবাবেই শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ এটা বিশেষ দিশৰ বিষয়ে ইমানবোৰ বাৰ্তা আহিছে। আকৌ এবাৰ আমাৰ প্ৰাচীন শিল্পকৰ্মসমূহ ঘূৰি অহাৰ বিষয়ে বহু কথাই চৰ্চা হৈছে।

এই বিষয়ত আপোনালোকৰ অনুভৱ বুজি পাই মন কী বাতৰ দৰ্শকক এই বিষয়ে জনাব বিচাৰিছো।

বন্ধুসকল, মোৰ আমেৰিকা ভ্ৰমণৰ সময়ত আমেৰিকা চৰকাৰে প্ৰায় ৩০০ প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰাই দিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে মোক ডেলাৱেৰত থকা তেওঁৰ বাসগৃহত কেতবোৰ শিল্পকৰ্ম দেখুৱাইছিল।

ঘূৰাই দিয়া শিল্পকৰ্মসমূহ টেৰাকোটা, শিল, হাতীদাঁত, কাঠ, তাম আৰু ব্ৰঞ্জৰ দৰে সামগ্ৰীৰে তৈয়াৰ কৰা হয়। তাৰে কিছুমানৰ বয়স ৪,০০০ বছৰ। ৪,০০০ বছৰ পুৰণি সামগ্ৰীৰ পৰা ১৯ শতিকাৰ সামগ্ৰী আমেৰিকাৰ পৰা উভতি আহিল। ইয়াৰ ভিতৰত আছে ফুলদানি, দেৱতাৰ টেৰাকোটা ফলক, জৈন তীৰ্থংকৰৰ প্ৰতিমূৰ্তি আৰু ভগৱান বুদ্ধ আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। উভতাই দিয়া সামগ্ৰীৰ ভিতৰত বহু জন্তুৰ অৱশিষ্ট আছে। পুৰুষ-মহিলাৰ আকৃতিৰে জম্মু-কাশ্মীৰৰ টেৰাকোটা টাইলছবোৰ অতি আকৰ্ষণীয়। ইয়াৰ ভিতৰত আছে ভগৱান শ্ৰী গণেশৰ ব্ৰঞ্জৰ মূৰ্তি যি দক্ষিণ ভাৰতৰ। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত ভগৱান বিষ্ণুৰ বহু সংখ্যক প্ৰতিমূৰ্তিও আছিল। মূলতঃ উত্তৰ আৰু দক্ষিণ ভাৰতৰ লগত ইয়াৰ সম্পৰ্ক আছে। এই শিল্পকৰ্মবোৰলৈ চাই আমি বুজিব পাৰোঁ যে আমাৰ পূৰ্বপুৰুষসকলে ভাল বস্তুবোৰক কিমান গুৰুত্ব দিছিল। তেওঁলোকৰ আছিল এক অনন্য শিল্পবোধ। ইয়াৰে বহুকেইটা সামগ্ৰী চোৰাংভাৱে অনা বা অন্য অবৈধ উপায়েৰে দেশৰ বাহিৰলৈ লৈ যোৱা হৈছিল, যিটো এক গুৰুতৰ অপৰাধ। নিজৰ ঐতিহ্য ধ্বংস কৰাটো অপৰাধ। কিন্তু মই অতি আনন্দিত যে যোৱা দশকত এনে বহুতো শিল্পকৰ্ম আৰু আমাৰ বহুতো প্ৰাচীন ঐতিহ্য ঘৰলৈ উভতি আহিছে। আজি ভাৰতেও আন বহু দেশৰ লগতে এই বিষয়ত কাম কৰি আছে। মোৰ বিশ্বাস, আমি যেতিয়া আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰো, তেতিয়া বিশ্ববাসীয়েও ইয়াক সন্মান কৰে। আৰু তাৰ ফলস্বৰূপে আজি বিশ্বৰ বহু দেশে আমাৰ দেশৰ পৰা হেৰাই যোৱা বহুতো শিল্পকৰ্ম ঘূৰাই দিছে।

মোৰ প্ৰিয় বন্ধুসকল, যদি মই প্ৰশ্নটো সুধো, শিশুসকলে কোনটো ভাষা আটাইতকৈ সহজে আৰু সোনকালে শিকে-তেন্তে আপোনাৰ উত্তৰ হ’ব ‘মাতৃভাষা’। আমাৰ দেশত প্ৰায় বিশ হাজাৰ ভাষা আৰু উপভাষা আছে, সকলোবোৰেই কোনোবা এজন লোকৰ মাতৃভাষা। অতি কম সংখ্যক লোকে কোৱা ভাষা আছে। কিন্তু আপোনালোকে জানি আনন্দিত হ’ব যে আজি এই ভাষাসমূহ সংৰক্ষণৰ বাবে অভিনৱ প্ৰচেষ্টা চলোৱা হৈছে। তেনে এটা ভাষা হ’ল আমাৰ ছান্থালি ভাষা। ডিজিটেল উদ্ভাৱনৰ সহায়ত ছান্থালীক নতুন ৰূপ দিয়াৰ এক অভিযান আৰম্ভ কৰা হৈছে। আমাৰ দেশৰ বহু ৰাজ্যত বসবাস কৰা ছান্থালী সম্প্ৰদায়ৰ লোকে ছান্থালী ভাষা কয়। ভাৰতৰ বাহিৰত বাংলাদেশ, নেপাল আৰু ভূটানত ছান্থালী জনজাতি বাস কৰে। ওড়িশাৰ ময়ুৰভঞ্জৰ বাসিন্দা ৰামজিৎ টুডু ডাঙৰীয়াই ছান্থালী ভাষাৰ ওপৰত অনলাইন সজাগতা সৃষ্টিৰ বাবে অভিযান চলাই আছে। ৰামজিৎ জীয়ে এনে এক ডিজিটেল মঞ্চৰ সৃষ্টি কৰিছে যাৰ জৰিয়তে ছান্থালীৰ লগত জড়িত সাহিত্য ছান্থালী ভাষাত পঢ়িব আৰু লিখিব পাৰিব। দৰাচলতে কেইবছৰমান আগতে মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছত মাতৃভাষাত কোনো মেছেজ পঠিয়াব নোৱাৰা বুলি গম পাই তেওঁ হতাশ হৈ পৰিল। ইয়াৰ পিছত তেওঁ ছান্থালী ভাষাৰ অল চিকি লিপি টাইপ কৰাৰ উপায় বিচাৰিবলৈ ধৰিলে। বন্ধু কেইজনমানৰ সৈতে মিলি তেওঁ অল চিকিত টাইপ কৰাৰ প্ৰযুক্তি প্ৰস্তুত কৰে। আজি তেওঁৰ এই প্ৰচেষ্টাৰ ফলত ছান্থালী ভাষাত প্ৰকাশিত লেখাই বহু সংখ্যক লোকৰ কাষ চাপিছে।

বন্ধুসকল, যেতিয়া আমাৰ দৃঢ়তাৰ সৈতে সামূহিক অংশগ্ৰহণৰ সংমিশ্ৰণ ঘটে, তেতিয়া সমগ্ৰ সমাজৰ সন্মুখত আচৰিত ধৰণৰ ফলাফল ওলাই পৰে। ইয়াৰ শেহতীয়া উদাহৰণ – “এক পে়ড় মা কে নাম’ অৰ্থাৎ মাৰ নামত এজুপি বৃক্ষ” – মানুহৰ সামূহিক অংশগ্ৰহণৰ এই আচৰিত অভিযান সঁচা অৰ্থত প্ৰেৰণাদায়ক এক উদাহৰণ হৈ পৰিছে। পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰম্ভ হোৱা এই অভিযানত দেশৰ চুক-কোণৰ ​​পৰা মানুহে যোগদান কৰিছে আৰু আচৰিত কাম দেখুৱাইছে। উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাই লক্ষ্য স্তৰতকৈ অধিক গছপুলি ৰোপণ কৰি নতুন অভিলেখ গঢ়িলে। এই অভিযানত উত্তৰ প্ৰদেশত ২৬ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। গুজৰাটৰ মানুহে ১৫ কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। ৰাজস্থানত কেৱল আগষ্ট মাহত ছয় কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। দেশৰ হাজাৰ হাজাৰ বিদ্যালয়েও এই অভিযানত অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে।

বন্ধুসকল, আমাৰ দেশত বৃক্ষৰোপণ অভিযানৰ লগত জড়িত শ শ উদাহৰণ আছে। তেনে এটা উদাহৰণ হ’ল তেলেংগানা কে. এন. ৰাজশেখৰজী। গছপুলি ৰোপণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই আমাক সকলোকে আচৰিত কৰি তুলিছিল। প্ৰায় চাৰি বছৰ পূৰ্বে তেওঁ গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰিছিল। প্ৰতিদিনে অন্ততঃ এজোপা গছ ৰোপণ কৰাৰ সিদ্ধান্ত লৈছিল। কঠোৰ প্ৰতিজ্ঞাৰ দৰে তেওঁ নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে। ইতিমধ্যে পোন্ধৰ শতাধিক গছপুলি ৰোপণ কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল এইবাৰ দুৰ্ঘটনাত আহত হোৱাৰ পিছতো তেওঁ নিজৰ দৃঢ়তাৰ পৰা আতৰি হোৱা নাই। তেওঁ সমগ্ৰ প্ৰচেষ্টাক মই আন্তৰিক অভিনন্দন জনাইছো। “এক পে়ড় মা কে নাম”ৰ এই পবিত্ৰ অভিযানত নিশ্চিতভাৱে সকলোকে যোগদান কৰিবলৈ অনুৰোধ জনালোঁ।

মোৰ মৰমৰ বন্ধুসকল, আপোনালোকে দেখিছে আমাৰ চৌপাশে এনেকুৱা মানুহ আছে যিয়ে প্ৰতিকূলতাৰ সন্মুখীন হৈও ধৈৰ্য্য হেৰুৱাব নোৱাৰে, কিন্তু তাৰ পৰা শিকিব। তেনে এগৰাকী মহিলা হৈছে সুবশ্ৰী, যিয়ে নিজৰ প্ৰচেষ্টাৰে বিৰল আৰু অতি প্ৰয়োজনীয় শিপাৰ শাক-পাচলিৰ এক আচৰিত বাগিচা সৃষ্টি কৰিছে। তেওঁৰ ঘৰ তামিলনাডুৰ মাদুৰাইৰ। পেছাত শিক্ষয়িত্ৰী, কিন্তু ঔষধি উদ্ভিদ অৰ্থাৎ চিকিৎসা বনৌষধিৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছে। এই আগ্ৰহ তেওঁ প্ৰথম অনুভৱ কৰিছিল আশীৰ দশকত যেতিয়া তেওঁৰ পিতৃক বিষাক্ত সাপে খুঁতিছিল। তেতিয়াৰ প্ৰচলিত কিছুমান বনৌষধিয়ে দেউতাকৰ সুস্বাস্থ্য ঘূৰাই অনাত বহুত সহায় কৰিছিল। এই ঘটনাৰ পিছত তেওঁ আমাৰ পৰম্পৰাগত ঔষধ আৰু শিপা বিচাৰিবলৈ আৰম্ভ কৰিলে। আজি তেওঁৰ মাদুৰাইৰ বেৰিচিয়ুৰ গাঁৱত এখন বিশেষ বনৌষধি বাগিচা আছে য’ত পাঁচশতকৈও অধিক বিৰল ঔষধি উদ্ভিদ উপলব্ধ। তেওঁ কষ্ট কৰি নিজৰ এই বাগিচাখন গঢ় দিছিল। এজোপা গছ বিচাৰি তেওঁ দূৰ-দূৰণিৰ ভ্ৰমণ কৰি জ্ঞান আহৰণ কৰি আন বহু লোকৰ পৰা বহুবাৰ সহায় বিচাৰিছিল। ক’ভিডৰ সময়ত তেওঁ ৰাইজৰ মাজলৈ লৈ আহিছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা শিপা। আজি তেওঁৰ বনৌষধি বাগিচাখন চাবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে। তেওঁ সকলোকে ঔষধি উদ্ভিদ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে তথ্য যোগান ধৰে। কোটি কোটি বছৰ ধৰি আমাৰ সংস্কৃতিৰ অংশ হৈ অহা আমাৰ পৰম্পৰাক সুবশ্ৰীয়ে আগুৱাই লৈ গৈছে। তেওঁৰ বনৌষধি বাগিচাখনে আমাৰ অতীতক আমাৰ ভৱিষ্যতৰ সৈতে সংযোগ কৰে। তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল এই পৰিৱৰ্তিত সময়ত চাকৰিৰ স্বৰূপ সলনি হৈছে আৰু নতুন খণ্ডৰ উত্থান ঘটিছে। যেনে গেমিং, এনিমেচন, ৰিল মেকিং, ফিল্ম মেকিং আৰু পোষ্টাৰ মেকিং।

যদি আপোনালোকে এইবোৰৰ যিকোনো এটাত পাৰদৰ্শিতা দেখুৱাব পাৰে তেন্তে আপোনালোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে বহুত ডাঙৰ মঞ্চ লাভ কৰিব পাৰে। যদি আপোনালোকে কোনো বেণ্ডত যোগদান কৰে বা কোনো কমিউনিটি ৰেডিঅ’ ষ্টেচনত কাম কৰে তেন্তে আপোনালোকেও ডাঙৰ সুযোগ পাব পাৰে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আপোনাৰ প্ৰতিভা আৰু সৃষ্টিশীলতাক জাগ্ৰত কৰিবলৈ “ভাৰতত সৃষ্টি কৰক” শীৰ্ষক বিষয়বস্তুৰ অধীনত ২৫টা প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিছে। এই প্ৰত্যাহ্বানসমূহ আপোনাৰ বাবে নিশ্চয়কৈ অতি আগ্ৰহৰ বিষয় হ’ব। কিছুমান প্ৰত্যাহ্বান সংগীত, শিক্ষা আনকি পাইৰেচি বিৰোধীৰ ওপৰত। এই সমগ্ৰ সংস্থাটোৰ লগত কেইবাটাও পেছাদাৰী সংস্থা জড়িত হৈ আছে যিয়ে এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। অংশগ্ৰহণ কৰিবলৈ আপোনালোকে wavesindia.orgত লগ ইন কৰিব পাৰে। সমগ্ৰ দেশৰ সৃষ্টিকৰ্তাসকললৈ মোৰ অনুৰোধ যে আগবাঢ়ি আহি ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰক।

মোৰ প্ৰিয় দেশবাসী, এই মাহত আন এক গুৰুত্বপূৰ্ণ অভিযানৰ দশম বৰ্ষপূৰ্তি। ডাঙৰ উদ্যোগীৰ পৰা আৰম্ভ কৰি সৰু দোকানীলৈকে সকলোৱে এই অভিযানৰ সফলতাত অৰিহণা যোগাইছে। মই আপোনালোকক মেক ইন ইণ্ডিয়াৰ কথা কৈছো। আজি মই এইটো দেখি অতি আনন্দিত হৈছো যে এই অভিযানৰ দ্বাৰা দুখীয়া, মধ্যমীয়া অৰ্থাৎ এমএছএমই সকলে বহুখিনি লাভৱান হৈছে। এই অভিযানে প্ৰতিটো শ্ৰেণীৰ লোকক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে। আজি ভাৰতবৰ্ষই উৎপাদন শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আৰু দেশৰ যুৱক-যুৱতীসকলৰ বাবেই বিশ্বৰ চকু আমাৰ ওপৰত। অ’টোমোবাইলেই হওক, বস্ত্ৰশিল্পই হওক, বিমান পৰিবহণেই হওক, ইলেক্ট্ৰনিকছেই হওক বা প্ৰতিৰক্ষাই হওক-আমাৰ দেশৰ ৰপ্তানি প্ৰতিটো ক্ষেত্ৰতে অহৰহ বৃদ্ধি পাইছে। দেশত এফডিআইৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাটোৱেও আমাৰ মেক ইন ইণ্ডিয়া সফলতাৰ কাহিনীক উজ্জ্বল কৰি তুলিছে।

এতিয়া আমি মূলতঃ দুটা কথাত গুৰুত্ব দিওঁ। প্ৰথম কথাটো হ’ল গুণগত মান। আমাৰ দেশত নিৰ্মিত প্ৰতিটো সামগ্ৰী বিশ্বমানৰ হ’ব লাগে। দ্বিতীয় বিষয়টো হ’ল ‘ভোকেল ফৰ লোকেল’, অৰ্থাৎ স্থানীয় বস্তুবোৰক অধিক গুৰুত্ব দিয়া উচিত। মন কী বাতত #myproductmyprideৰ বিষয়ে ক’লোঁ। যদি আপোনালোকে স্থানীয় সামগ্ৰীক গুৰুত্ব দিয়ে তেন্তে এটা উদাহৰণ শুনি আমাৰ দেশৰ জনসাধাৰণ কেনেকৈ উপকৃত হয় সেয়া বুজিব।

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত বস্ত্ৰশিল্পৰ এক প্ৰাচীন পৰম্পৰা আছে; “ভাণ্ডাৰা তাছাৰ ৰেচম হস্ততাঁত”। ডিজাইন, ৰং আৰু চহকী বয়নৰ বাবে তাছাৰ ৰেচম বিখ্যাত। ভাণ্ডাৰাৰ কিছুমান অঞ্চলত ৫০টাতকৈও অধিক আত্মসহায়ক গোট ইয়াৰ সংৰক্ষণৰ কামত নিয়োজিত হৈ আছে। এই ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণো যথেষ্ট বেছি। এই ৰেচম দ্ৰুতগতিত জনপ্ৰিয় হৈ স্থানীয় জনসাধাৰণক কৰ্মসংস্থাপন প্ৰদান কৰিছে। আৰু এইটোৱেই হৈছে মেক ইন ইণ্ডিয়াৰ আত্মা।

বন্ধুসকল, এই উৎসৱৰ বতৰত আপোনালোকে সেই পুৰণি সংকল্পবোৰ পুনৰ জীৱিত কৰিব। যি সামগ্ৰীয়েই নিকিৱক কিয়, সেয়া যাতে ভাৰতত নিৰ্মিত হয়। যি উপহাৰ দিব, সেয়া ভাৰতত বনোৱা উচিত। ভোকেল ফৰ লোকেল মানে কেৱল ইয়াৰ সামগ্ৰী ক্ৰয় কৰাই নহয়। যিমান পাৰি স্থানীয় সামগ্ৰীৰ প্ৰচাৰ কৰিব লাগিব। যি সামগ্ৰীয়েই নহওক কিয়, ভাৰতীয় শিপিনীৰ কঠোৰ পৰিশ্ৰমেৰে তৈয়াৰ কৰা হয়, যিটো ভাৰতীয় মাটিত তৈয়াৰ কৰা হয়, সেয়া আমাৰ গৌৰৱ। এই গৌৰৱক আমি সদায় উজ্জ্বল কৰি তোলা উচিত।

বন্ধুসকল, মন কী বাতৰ এই খণ্ডটোত আপোনালোকৰ সৈতে সংযোগ হ’বলৈ পাই মই বহুত সুখী অনুভৱ কৰিছো। এই অনুষ্ঠানৰ বাবে আপোনালোকৰ মতামত আৰু পৰামৰ্শ মোলৈ নিশ্চয় প্ৰেৰণ কৰিব। আপোনালোকৰ চিঠি আৰু বাৰ্তাৰ বাবে আগ্ৰহী হৈ ৰৈছো। কিছুদিনৰ পাছতে আৰম্ভ হ’ব উৎসৱৰ বতৰ। নৱৰাত্ৰিৰ পৰা আৰম্ভ হ’ব আৰু আগন্তুক দুমাহ পূজাপাঠ, ব্ৰতকথা, আনন্দ উল্লাস, চৌদিশে এনে এক পৰিবেশ বিৰাজ কৰিছে। আগন্তুক উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৱে পৰিয়াল আৰু আপোনজনৰ সৈতে উৎসৱ উপভোগ কৰক আৰু এই আনন্দত আনৰ সৈতে যোগদান কৰক। অহা মাহত পুনৰ নতুন বিষয় লৈ আপোনালোকৰ সৈতে মন কী বাতত সংযোগ স্থাপন কৰিম। সকলোকে বহুত বহুত ধন্যবাদ।

*****

MJPS/RT/NM/DB