Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিত্যা শ্ৰী শিৱনক ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ এই কৃতিত্বই অগণন লোকক অনুপ্ৰাণিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :

“#Paralympics2024ত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন! তেওঁৰ এই কৃতিত্বই অগণন লোকক অনুপ্ৰাণিত কৰিছে আৰু খেলখনৰ প্ৰতি তেওঁৰ সমৰ্পিত মনোভাবৰ লগতে আৱেগত আলোকপাত কৰিছে। @07nithyasre #Cheer4Bharat”

***

MJPS/RT/KD