Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ লৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰাম্য (পিএমএৱাই-জি) ৰূপায়ণত মন্ত্ৰীসভাৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G) ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনায়। এই পৰিকল্পনাত অতিৰিক্ত দুই কোটি গৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে, য’ত সমতল অঞ্চলৰ বাবে প্ৰতিটো ঘৰ নিৰ্মাণৰ বাবদ ১.২০ লাখকৈ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ উপৰি হিমাচল প্ৰদেশ, উত্তৰাখণ্ডৰ পাহাৰীয়া ৰাজ্যসমূহ, জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ১.৩০ লাখ টকাকৈ সাহায্য নিৰ্ধাৰণ কৰা হৈছে।

 

সবিশেষ –

কেবিনেটে দিয়া অনুমোদনৰ সবিশেষ তলত দিয়া ধৰণৰ –

i. প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণ (PMAY-G) ৰ ধাৰাবাহিকতাত আৱাস+ (২০১৮) তালিকা সম্পূৰ্ণ কৰা (উন্নীতকৰণৰ পিছত) আৰু আৰ্থ-সামাজিক জাতি লোকপিয়ল (SECC) ২০১১ স্থায়ী অপেক্ষা তালিকা (PWL) ৰ বাকী থকা যোগ্য পৰিয়ালসমূহক ঘৰ প্ৰদান কৰাত গুৰুত্ব দিয়া হ’ব। ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৯ চনৰ মাৰ্চলৈকে সকলো মৌলিক সুবিধা থকা ২ কোটি পকী ঘৰ নিৰ্মাণ কৰা হ’ব।

  1. ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ চনলৈকে মুঠ ব্যয় ৩,০৬,১৩৭ কোটি টকা। ইয়াৰ ভিতৰত আছে ২,০৫,৮৫৬ কোটি টকাৰ কেন্দ্ৰীয় শ্বেয়াৰ আৰু ১,০০,২৮১ কোটি টকাৰ ষ্টেট মেচিং শ্বেয়াৰ।

iii. ২০২৬ চনৰ মাৰ্চ মাহৰ পিছতো এই আঁচনিখন অব্যাহত ৰখাৰ বাবে নিটি আয়োগৰ মূল্যায়ন আৰু ব্যয় বিত্ত সমিতি (ই এফ চি)ৰ পুনৰ মূল্যায়নৰ আওতাত থাকিব।

iv. আৱাস+ তালিকা উন্নীতকৰণৰ বাবে পৰিৱৰ্তিত বৰ্জনৰ মাপকাঠী প্ৰয়োগ কৰি যোগ্য গ্ৰাম্য পৰিয়াল চিনাক্ত কৰা হ’ব।

v. হিতাধিকাৰীসকলক সাহায্যৰ একক ব্যয় বৰ্তমানৰ হাৰত থাকিব ভৈয়াম অঞ্চলৰ বাবে ১.২০ লাখ আৰু উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যৰ বাবে ১.৩০ লাখ টকা।

vi. প্ৰশাসনিক পুঁজি কাৰ্যসূচীৰ পুঁজিৰ ২% আবণ্টন কৰা হ’ব। ইয়াৰে ১.৭০% ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ মুকলি কৰি দিয়া হ’ব, আনহাতে ০.৩০% কেন্দ্ৰীয় পৰ্যায়ত ৰখা হ’ব।

vii. ৩১.০৩.২০২৪ তাৰিখলৈকে পিএমএৱাই-জিৰ পূৰ্বৰ পৰ্যায়ৰ পৰা অসম্পূৰ্ণ ঘৰসমূহ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত বৰ্তমানৰ হাৰত সম্পূৰ্ণ হ’ব।

লাভালাভবোৰ:

৩১.০৩.২০২৪ৰ ভিতৰত সম্পূৰ্ণ নোহোৱা বাকী ৩৫ লাখ ঘৰৰ কাম সমাপ্ত কৰি পূৰ্বৰ পৰ্যায়ৰ বাবে নিৰ্ধাৰণ কৰা ২.৯৫ কোটি ঘৰৰ ক্ৰমবৰ্ধমান লক্ষ্য পূৰণ কৰিব।

২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে অহা পাঁচ বছৰত পিএমএৱাই-জিৰ অধীনত অতিৰিক্ত দুকোটি ঘৰ নিৰ্মাণ কৰা হ’ব, যাতে বিকশিত হৈ অহা গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়। এই পদক্ষেপে প্ৰায় ১০ কোটি ব্যক্তিক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

এই অনুমোদনৰ জৰিয়তে ঘৰ নথকা বা জৰাজীৰ্ণ আৰু অস্থায়ী গঠনত বাস কৰাসকলে অত্যাৱশ্যকীয় সুবিধাসমূহৰ সৈতে নিৰাপদ, সুৰক্ষিত, আৰু উচ্চমানৰ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’ব। এই পদক্ষেপে হিতাধিকাৰীসকলৰ বাবে সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৰু সামাজিক অন্তৰ্ভুক্তিৰ প্ৰসাৰ ঘটাব।

পটভূমি:

গ্ৰামাঞ্চলত “সকলোৰে বাবে গৃহ নিৰ্মাণ”ৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰত চৰকাৰে ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা -গ্ৰামীণ (PMAY-G) আৰম্ভ কৰিছিল যাৰ লক্ষ্য আছিল মৌলিক সুবিধা থকা ২.৯৫ কোটি গৃহ নিৰ্মাণৰ লক্ষ্য ২০২৪ চনৰ মাৰ্চ মাহলৈকে পৰ্যায়ক্ৰমে লাভ কৰিব পাৰিব।

 

***

MJPS/DS/BM/SKS