প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ আৰ বালাসুব্ৰমনিয়ামক সাক্ষাৎ কৰে আৰু তেওঁৰ ‘পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী’ নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে। কিতাপখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যাত্ৰা দাঙি ধৰিছে আৰু পশ্চিমীয়া আৰু ভাৰতীয় দৃষ্টিকোণেৰে ইয়াক ব্যাখ্যা কৰিছে। লগতে এই দুয়োকে একত্ৰিত কৰি ৰাজহুৱা সেৱাৰ জীৱন যাপন কৰিবলৈ বিচৰাসকলৰ বাবে এক ৰোডমেপ প্ৰদান কৰিছে।
ডঃ আৰ বালাসুব্ৰমনিয়ামৰ দ্বাৰা এক্সত কৰা এটা পোষ্টৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ
“আজি পুৱা ডঃ আৰ. বালাসুব্ৰমনিয়ামক লগ পাই আনন্দিত হ’লোঁ। লগতে তেওঁৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰিলোঁ। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভকামনা যাচিলোঁ।”
**************
DS/TS/KG
It was a delight to meet @drrbalu earlier today. Also signed a copy of his book. My best wishes to him for his future endeavours. https://t.co/OqGOuLXnOj
— Narendra Modi (@narendramodi) July 17, 2024