Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যোগ সংস্কৃতি আৰু পটভূমিৰে মানুহক একত্ৰিত কৰা এক ঐক্যবদ্ধ শক্তিত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ বিশ্বতে একত্ৰিত হৈ বৃহৎ পৰিসৰত যোগাসন কৰা ব্যক্তি, সম্প্ৰদায় আৰু সংগঠনৰ সামূহিক প্ৰচেষ্টাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে  লগতে যোগক জনপ্ৰিয় কৰাৰ বাবে কাম কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো যোগাভ্যাস কৰা ব্যক্তি, সম্প্ৰদায় সকলো একত্ৰিত হৈ আৰু সংগঠনৰ সামূহিক প্ৰচেষ্টাৰ ফলত সমগ্ৰ বিশ্বতে বৃহৎ পৰিসৰত আয়োজন কৰা হৈছে। এইটো স্পষ্ট যে সংস্কৃতি আৰু পটভূমিৰ মানুহক একত্ৰিত কৰা এক ঐক্যবদ্ধ শক্তিত পৰিণত হৈছে যোগ। যুৱক-যুৱতীসকলে এনে উদ্যম আৰু নিষ্ঠাৰে যোগ পৰ্বত অংশগ্ৰহণ কৰা দেখি আনন্দিত হৈছো।

যোগক জনপ্ৰিয় কৰাৰ বাবে কাম কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই প্ৰচেষ্টাসমূহে ঐক্য আৰু সম্প্ৰীতি বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব। লগতে যোগ প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি হোৱা দেখি মই আনন্দিত হৈছো, যাৰ বিশেষজ্ঞতা আৰু আবেগে আগ্ৰহে যোগাসন গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

আগন্তুক সময়ত যোগে জগতখনক একত্ৰিত কৰি থাকিব বুলি আশা কৰিলোঁ।”

***

DS/TS/DB