প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝীক অভিনন্দন জ্ঞাপন কৰে। ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদালৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্স হেণ্ডেলত লিখিছে –
উৰিষ্যাৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন! উৰিষ্যাৰ মোৰ ভাই-ভনীসকলৰ আশীৰ্বাদত বিজেপিয়ে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছে।
আজি ভুৱনেশ্বৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী মোহন চৰণ মাঝি আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেওৰ লগতে শ্ৰীমতী প্ৰভাতী পৰিদাকো শুভেচ্ছা জ্ঞাপন কৰো। লগতে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা আনসকলকো অভিনন্দন জনাইছোঁ।
মহাপ্ৰভু জগন্নাথৰ আশীৰ্বাদত এই মন্ত্ৰীসভাখনে উৰিষ্যাত উন্নয়ণৰ অভিলেখ সৃষ্টি কৰিব আৰু অগণন লোকৰ জীৱনৰ মান উন্নত কৰিব বুলি মই নিশ্চিত।
It’s a historic day in Odisha! With the blessings of my sisters and brothers of Odisha, @BJP4Odisha is forming its first-ever government in the state.
I attended the swearing-in ceremony in Bhubaneswar. Congratulations to Shri Mohan Charan Majhi on taking oath as CM and to Shri… pic.twitter.com/KOYTk7Epfb
— Narendra Modi (@narendramodi) June 12, 2024
ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে –
“প্ৰধানমন্ত্ৰী @narendramodi য়ে আজি নতুন উৰিষ্যা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা @mohanmajhi_BJP ক অভিনন্দন জ্ঞাপন কৰে। লগতে আজি শপত গ্ৰহণ কৰা আন আন মন্ত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰে।”
***
DS/ST/TS
PM @narendramodi attended the swearing-in ceremony of the new Odisha government. He congratulated Shri @mohanmajhi_BJP for becoming the Chief Minister. The PM also congratulated the other Ministers who took oath today. pic.twitter.com/wHytFV6rrb
— PMO India (@PMOIndia) June 12, 2024
ଓଡ଼ିଶାରେ ଏକ ଐତିହାସିକ ଦିନ! ଓଡ଼ିଶାର ଭାଇ ଓ ଭଉଣୀଙ୍କ ଆଶୀର୍ବାଦରୁ @BJP4Odisha ରାଜ୍ୟରେ ପ୍ରଥମ ଥର ପାଇଁ ସରକାର ଗଠନ କରୁଛି ।
— Narendra Modi (@narendramodi) June 12, 2024
ମୁଁ ଭୁବନେଶ୍ୱରରେ ଶପଥ ଗ୍ରହଣ ସମାରୋହରେ ଅଂଶଗ୍ରହଣ କଲି। ମୁଖ୍ୟମନ୍ତ୍ରୀ ଭାବେ ଶପଥ ନେଇଥିବା ଶ୍ରୀ ମୋହନ ଚରଣ ମାଝୀ ଏବଂ ଉପମୁଖ୍ୟମନ୍ତ୍ରୀ ଭାବେ ଶପଥ ଗ୍ରହଣ କରିଥିବା ଶ୍ରୀ କନକ ବର୍ଦ୍ଧନ ସିଂହଦେଓ ଏବଂ… pic.twitter.com/14VZjL5CjA
PM @narendramodi attended the swearing-in ceremony of the new Odisha government. He congratulated Shri @mohanmajhi_BJP for becoming the Chief Minister. The PM also congratulated the other Ministers who took oath today. pic.twitter.com/wHytFV6rrb
— PMO India (@PMOIndia) June 12, 2024