আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“আজি সন্ধিয়া অনুষ্ঠিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলোঁ। ১৪০ কোটি ভাৰতীয়ক সেৱা আগবঢ়াবলৈ আৰু মন্ত্ৰী পৰিষদৰ সৈতে কাম কৰি ভাৰতক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ যাবলৈ মই আগ্ৰহী।”
আজি শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো। মন্ত্ৰীসকলৰ এই দলটো তৰুণ আৰু অভিজ্ঞতাৰ এক বৃহৎ মিশ্ৰণ আৰু আমি জনসাধাৰণৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখো।
শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো বিদেশী গণ্যমান্য ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভাৰতে মানৱ প্ৰগতিৰ সন্ধানত আমাৰ মূল্যৱান অংশীদাৰসকলৰ সৈতে সদায় ঘনিষ্ঠভাৱে কাম কৰিব।”
তেওঁ লগতে কয়, ‘আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত মই আৰু মন্ত্ৰী পৰিষদৰ সহযোগীসকলে আমাৰ ১৪০ কোটি দেশবাসীক সেৱা আগবঢ়াবলৈ আৰু দেশখনক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’লো।
এনডিএ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলো সহকৰ্মীলৈ অশেষ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই মন্ত্ৰী দলটোত তৰুণ উদ্যম আৰু অভিজ্ঞতাৰ এক আচৰিত সংমিশ্ৰণ ঘটিছে। আমাৰ সমগ্ৰ দেশবাসীৰ জীৱন উন্নত কৰাৰ বাবে আমি কোনো ত্ৰুটি নাৰাখো৷
শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱা সমগ্ৰ বিশ্বৰ বিশিষ্ট অতিথিসকলৰ প্ৰতিও মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিশ্ব বন্ধু হিচাপে ভাৰতে সদায় ইয়াৰ ঘনিষ্ঠ অংশীদাৰৰ সৈতে মানৱতাৰ স্বাৰ্থত কাম কৰিব।”
Took oath as Prime Minister at the ceremony earlier this evening. I look forward to serving 140 crore Indians and working with the Council of Ministers to take India to new heights of progress. pic.twitter.com/xx1e5vUP1G
— Narendra Modi (@narendramodi) June 9, 2024
***
DS/DB
Took oath as Prime Minister at the ceremony earlier this evening. I look forward to serving 140 crore Indians and working with the Council of Ministers to take India to new heights of progress. pic.twitter.com/xx1e5vUP1G
— Narendra Modi (@narendramodi) June 9, 2024
Congratulations to all those who have taken oath today. This team of Ministers is a great blend of youth and experience, and we will leave no stone unturned in improving the lives of people. pic.twitter.com/3PK3l1hG5p
— Narendra Modi (@narendramodi) June 9, 2024
I am grateful to all the foreign dignitaries who joined the swearing in ceremony. India will always work closely with our valued partners in pursuit of human progress. pic.twitter.com/JneIM2OFjE
— Narendra Modi (@narendramodi) June 9, 2024
राष्ट्रपति भवन के प्रांगण में आज शाम हुए समारोह में मैंने प्रधानमंत्री पद की शपथ ली। मैं और मंत्रिपरिषद के मेरे सहयोगी, 140 करोड़ देशवासियों की सेवा करने और देश को विकास की नई ऊंचाइयों पर ले जाने के लिए प्रतिबद्ध हैं। pic.twitter.com/TKNNomHf0r
— Narendra Modi (@narendramodi) June 9, 2024
मैं शपथ ग्रहण समारोह का हिस्सा बने दुनियाभर के गणमान्य अतिथियों का भी हृदय से आभारी हूं। विश्व बंधु के रूप में भारत सदैव अपने निकट साझेदारों के साथ मिलकर मानवता के हित में काम करता रहेगा। pic.twitter.com/aAmDSiz4LA
— Narendra Modi (@narendramodi) June 9, 2024
एनडीए सरकार में मंत्री के रूप में शपथ लेने वाले सभी साथियों को बहुत-बहुत बधाई और शुभकामनाएं। मंत्रियों की इस टीम में युवा जोश और अनुभव का अद्भुत संगम है। हम सभी देशवासियों का जीवन बेहतर बनाने में कोई कोर-कसर बाकी नहीं रखेंगे। pic.twitter.com/vLcufkcOf1
— Narendra Modi (@narendramodi) June 9, 2024