Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভালৈ শ্ৰীমতী সুধা মূৰ্তিৰ মনোনয়নত সুখ প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনয়ন দিয়াত সুখ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

 

“ভাৰতৰ ৰাষ্ট্ৰপতিয়ে @SmtSudhaMurty জীক ৰাজ্যসভালৈ মনোনীত কৰাত মই আনন্দিত হৈছোঁ। সমাজসেৱা, পৰোপকাৰ আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধা জীৰ অৱদান অপৰিসীম আৰু প্ৰেৰণাদায়ক। ৰাজ্যসভাত তেওঁৰ উপস্থিতি আমাৰ ‘নাৰী শক্তি’ৰ প্ৰবল সন্মান, যি আমাৰ দেশৰ ভাগ্য গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাৰ শক্তি আৰু সম্ভাৱনাৰ আদৰ্শ। তেওঁৰ সফল সংসদীয় কাৰ্যকালৰ কামনা কৰিলোঁ।”

**********

DS