Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এক্সপ’ছেট উপগ্ৰহৰ সফল উৎক্ষেপণত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ এক্সপ’ছেট (XPoSat) উপগ্ৰহৰ সফল উৎক্ষেপণত সন্তোষ প্ৰকাশ কৰে।

তেওঁ ভাৰতক নতুন শিখৰত আৰোহণ কৰোৱাৰ বাবে মহাকাশ ভ্ৰাতৃত্ববোধৰ লগতে ইছৰোৰ বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“আমাৰ বিজ্ঞানীসকলৰ বাবে ২০২৪ৰ এক সুন্দৰ আৰম্ভণি হৈছে! এই উৎক্ষেপণ মহাকাশ খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আৰু ই এই ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ বৰ্ধন ঘটাব। ইছৰোৰ আমাৰ বিজ্ঞানীসকল আৰু সমগ্ৰ মহাকাশ ভ্ৰাতৃত্ববোধক ভাৰতক অভূতপূৰ্ব শিখৰত আৰোহণ কৰোৱাৰ বাবে শুভেচ্ছা জনালোঁ।”

***

DS/RT/SB