Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ষোড়শ সংখ্যক বিশ্ব ৱুচু চেম্পিয়নশ্বিপত পদক জয় কৰা ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ‘ষোড়শ সংখ্যক বিশ্ব ৱুচু চেম্পিয়নশ্বিপ’ত পদক অৰ্জন কৰাৰ বাবে ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা পোষ্টত কয়;

“আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ অনুষ্ঠিত ‘ষোড়শ বিশ্ব ৱুচু চেম্পিয়নশ্বিপ’ত পদক জয় কৰাৰ বাবে মই আমাৰ ৱুচু চেম্পিয়ন ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সংকল্প আৰু দক্ষতাই সঁচাকৈয়ে দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ সফলতাই ৱুচুক ভাৰতত অধিক জনপ্ৰিয় কৰি তুলিব মই নিশ্চিত। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকলৈ মোৰ শুভেচ্ছা জনালোঁ।”

***

Dhiraj Singh / Siddhant Tiwari/KB