Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কম্পাউণ্ড আৰ্চাৰীত অভিষেক বাৰ্মাৰ ৰূপৰ পদক; প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত কম্পাউণ্ড আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ধনুৰ্বিদ অভিষেক বাৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে X ত পোষ্ট কৰি লিখিছে – “@archer_abhishek ৰ এক অনবদ্য প্ৰদৰ্শন।

কম্পাউণ্ড আৰ্চাৰী পুৰুষৰ ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন।তেওঁৰ নিপুণতা আৰু ক্ৰীড়াসুলভ মনোভাৱ প্ৰৌজ্জ্বল হৈ জিলিকি উঠিছে, আৰু ভাৰত এই কৃতিত্বত ৰোমাঞ্চিত হৈছে।”

 

***