Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত লুইজ ইনাচিও লুলা দি চিলভাক সাক্ষাৎ কৰে।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি লুলাই প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে অহা বছৰ ব্ৰাজিলৰ জি-২০ অধ্যক্ষতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁক ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

বৈঠকত জৈৱ-ইন্ধন, ফাৰ্মাচিউটিকেল, কৃষি-আধাৰিত উদ্যোগ, মহাকাশ আৰু বিমান চলাচলৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ভাৰত-ব্ৰাজিল কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ ওপৰত আলোচনা হয়।

বৈঠকৰ সমাপ্তিত এক যুটীয়া বিবৃতি জাৰি কৰা হয়।

*****

DS/ST/KG