Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী ফামিঅ’ কিশ্বিডাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

বৈঠকৰ সময়ত নেতাসকলে দুয়োখন দেশে নিজৰ নিজৰ জি-২০ আৰু জি-৭ অধ্যক্ষতা পদৰ বাবে অগ্ৰাধিকাৰৰ ওপৰত বছৰজুৰি গঠনমূলক আলোচনাক বিশ্লেষণ কৰে, বিশেষকৈ গ্ল’বেল চাউথৰ উদ্বেগ আৰু আকাংক্ষাক সন্মুখলৈ অনাৰ ক্ষেত্ৰত।

আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তিগত সহযোগিতা, বিনিয়োগ আৰু শক্তিকে ধৰি ভাৰত-জাপান দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন দিশৰ ওপৰত নেতাদ্বয়ে আলোচনা কৰে।

দুয়োগৰাকী নেতাই ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

***

DS/AK/MS