Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰৱীন্দ কুমাৰ জগন্নাথৰ সৈতে বৈঠকত মিলিত হয়৷। শ্ৰীযুত জগন্নাথ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হৈছে।

টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“প্ৰধানমন্ত্ৰী @KumarJugnauth আৰু মোৰ মাজত যথেষ্ট ভাল বৈঠক অনুষ্ঠিত হয়৷ ভাৰত-মৰিচাছৰ সম্পৰ্কৰ বাবে এইটো এটা বিশেষ বছৰ কাৰণ আমি আমাৰ দেশ দুখনৰ মাজত কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলোঁ। আমি আন্তঃগাঁথনি, ফিনটেক, সংস্কৃতি আৰু অন্যান্য খণ্ডত সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ। তেওঁ লগতে গ্ল’বেল ছাউথৰ কণ্ঠক আগুৱাই নিয়াৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰে।”

 

পিএমঅ’ইও এটা টুইটত কয়;

“প্ৰধানমন্ত্ৰী @narendramodiয়ে ভাৰতৰ সাগৰ(SAGAR) দৃষ্টিভংগীৰ এক প্ৰধান অংশীদাৰ মৰিচাছৰ প্ৰধানমন্ত্ৰী @KumarJugnauthক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই এই বছৰ ভাৰত-মৰিচাছৰ দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ স্মৃতিত গুৰুত্বপূৰ্ণ অগ্ৰগতিক উৎসাহেৰে স্বীকাৰ কৰে।”

 

******