Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বালাছোৰ, ওড়িশা ভ্ৰমণত সংবাদ মাধ্যমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ


এটা ভয়ংকৰ দুৰ্ঘটনা হল। অসহনীয় বেদনা মই অনুভৱ কৰিছোঁ আৰু অনেক ৰাজ্যৰ নাগৰিকে এই যাত্ৰাত কিবা নহয় কিবা তেওঁলোকে হেৰুৱালে। যিসকল লোকে নিজৰ জীৱন হেৰুৱালে, এয়া বহত ডাঙৰ পীড়াদায়ক আৰু বেদনাৰেও শোকাৰ্ত মনক বিচলিত কৰা।

যিসকল পৰিয়ালৰ লোক আহত হৈছে তেওঁলোকৰ বাবেও চৰকাৰে তেওঁলোকৰ উত্তম স্বাস্থ্যৰ বাবে কোনো কৰণীয় বাকী নাৰাখে। যিসকল পৰিজনক আমি হেৰুৱাইছোঁ তেওঁলোকক তো ওভতাই আনিব নোৱাৰোঁ, কিন্তু চৰকাৰ তেওঁলোকৰ দুখত, পৰিজনৰ দুখত তেওঁলোকৰ সৈতে আছে। চৰকাৰৰ বাবে এই ঘটনা অত্যন্ত গম্ভীৰ, সকলো ধৰণৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু যাকেই দোষী পোৱা যাব, তেওঁৰ কঠোৰতকৈও কঠোৰ শাস্তি হওক, তেওঁক ৰেহাই দিয়া নহব।

মই ওড়িশা চৰকাৰৰো, ইয়াৰ প্ৰশাসনৰ সকলো বিষয়াৰ যি যিদৰে এই পৰিস্থিতিত নিজৰ ওচৰত যিয়েই ব্যৱস্থা আছিল তাৰেই মানুহৰ সহায় কৰাৰ প্ৰয়াস কৰে। ইয়াৰ নাগৰিকসকলকো হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ কিয়নো তেওঁলোকে এই সংকটৰ সময়ত লাগে ব্লাড ডনেশ্যনৰ কাম হওক, লাগে উদ্ধাৰ অভিযানত সহায়ৰ কথা হওক, যিয়েই তেওঁলোকে কৰিব পাৰিছিল তাকে কৰাৰ প্ৰয়াস কৰিছিল। বিশেষকৈ এই অঞ্চলৰ যুৱকসকলে গোটেই নিশা পৰিশ্ৰম কৰিলে।

মই এই অঞ্চলৰ নাগৰিকসকলকো শ্ৰদ্ধাৰে নমন কৰিছোঁ যে তেওঁলোকৰ সহযোগৰ কাৰণেই অপাৰেশ্যন দ্ৰুতগতিত আগবঢ়াব পৰা গল। ৰেলৱেই নিজৰ সম্পূৰ্ণ শক্তি, সমগ্ৰ ব্যৱস্থা উদ্ধাৰ অভিযানত আগলৈ ৰিলিভৰ বাবে আৰু যিমান পাৰি সোনকালে ট্ৰেক ৰিষ্টৰ হওক, যাতায়াতৰ কাম দ্ৰুতগতিত আকৌ আহক, এই তিনিওটা দৃষ্টিৰে সুবিচাৰিত ৰূপে প্ৰয়াস আগবঢ়ায়।

কিন্তু এই দুখৰ সময়ত মই আজি ঘটনাস্থলীলৈ গৈ সকলো বিষয় চাই আহিছোঁ। হাস্পতালতো যিসকল আহত নাগৰিক আছিল, তেওঁলোকৰ সৈতে মই কথা পাতিলোঁ। মোৰ ওচৰত শব্দ নাই এই বেদনা প্ৰকট কৰিবলৈ। কিন্তু পৰমাত্মাই অমাক সকলোকে শক্তি দিয়ক যাতে অমি সোনকালেই এই দুখৰ সময়ৰ পৰা ওলআওঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি এই ঘটনাৰ পৰাও বহু কথা শিকিম আৰু নিজৰ ব্যৱস্থাকো আৰু যিমান নাগৰিকৰ ৰক্ষাক প্ৰাথমিকতা দি আগবঢ়াম। দুখৰ সময়, আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ এই পৰিজনসকলৰ বাবে।

**********