Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে


গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা। ই উন্নত আন্তঃগাঁথনিৰ বাবে গতি আৰু আধুনিক পদ্ধতি গ্ৰহণ, দুয়োটাকে দিয়া গুৰুত্বক প্ৰতিফলিত কৰে।”

******