Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মন কী বাতে তৃণমূল পৰ্য্যায়ৰ পৰিৱৰ্তন সাধনকাৰীসকলৰ অৱলোকন কৰিছেঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএনএন নিউজ ১৮ নেটৱৰ্কক প্ৰশংসা কৰে। সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰা “ভয়চ অৱ ইণ্ডিয়া-মোদী এণ্ড হিজ ট্ৰেন্সফৰ্মেটিভ মন কী বাত” শীৰ্ষক কফি টেবুল বুকখন ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে নিউজ ১৮ ৰাইজিং ইণ্ডিয়া ছামিটত উন্মোচন কৰিছিল। কিতাপখনে মন কী বাতত উল্লেখিত লোকসকল আৰু তেওঁলোকে পেলোৱা প্ৰভাৱক স্বীকাৰ কৰিছে।

উপ-ৰাষ্ট্ৰপতিয়ে কৰা এটা টুইটলৈ সঁহাৰি জনাই শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে টুইট কৰেঃ

“#MannKiBaatৰ আটাইতকৈ সুন্দৰ কথাটো হ’ল ই তৃণমূল পৰ্য্যায়ৰ পৰিৱৰ্তন সাধনকাৰীসকলৰ অৱলোকন কৰিছে। এই কাৰ্য্যক্ৰমে এশটা খণ্ড সম্পূৰ্ণকৰণৰ লগে-লগে, মই ইয়াত উল্লেখিত লোকসকল আৰু তেওঁলোকে পেলোৱা প্ৰভাৱক কৃতজ্ঞতা জনোৱাৰ বাবে @CNNnews18ৰ প্ৰচেষ্টাৰ শলাগ লৈছো।”

****

DS/SB