Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঝান্সিৰ বিশ্বমানৰ ষ্টেচনে ঝান্সি আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰ্যটন আৰু বাণিজ্যৰ প্ৰসাৰ নিশ্চিত কৰিবঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ঝান্সিৰ বিশ্বমানৰ ষ্টেচনে ঝান্সি আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰ্যটন আৰু বাণিজ্যৰ প্ৰসাৰ নিশ্চিত কৰিব। শ্ৰী মোদীয়ে লগতে কয় যে সমগ্ৰ ভাৰতত আধুনিক ষ্টেচন গঢ়ি তোলাৰ অংশ হিচাপে এই উদ্যোগ গ্ৰহণ কৰা হৈছে।

ঝান্সিৰ সাংসদ শ্ৰী অনুৰাগ শৰ্মাই এক টুইটযোগে ঝান্সিত এক বিশ্বমানৰ ষ্টেচন গঢ়ি তোলাৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ বুন্দেলখণ্ডৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱকো ধন্যবাদ জ্ঞাপন কৰে।

উত্তৰ প্ৰদেশৰ ঝান্সিৰ সাংসদে কৰা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“সমগ্ৰ ভাৰতত আধুনিক ষ্টেচন গঢ়ি তোলাৰ অংশ হিচাপে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। এই ষ্টেচনে ঝান্সিৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰ্যটন আৰু বাণিজ্যৰ প্ৰসাৰ নিশ্চিত কৰিব।।”

*************************

DS/ST/KG