প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩ৰ পূৰ্বে ১০০ দিনীয়া গণনাৰ আৰম্ভণি উপলক্ষে আয়োজিত তিনিদিনীয়া যোগ মহোৎসৱ ২০২৩ত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। তিনিদিনীয়া যোগ মহোৎসৱ ২০২৩ ১৩-১৪ মাৰ্চত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আৰু ১৫ মাৰ্চত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব।
আয়ুষ মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট বাৰ্তাটোত লিখিছে;
যোগ দিৱসৰ এশ দিন উদযাপনৰ সৈতে, মই আপোনালোক সকলোকে উৎসাহেৰে উদযাপন কৰিবলৈ অনুৰোধ জনাইছো। যদি আপুনি এতিয়াও যোগক আপোনাৰ জীৱনৰ অংশ কৰা নাই, তেন্তে যিমান সম্ভৱ সোনকালে কৰিব।
With a hundred days to go for Yoga Day, urging you all to mark it with enthusiasm. And, if you haven’t made Yoga a part of your lives already, do so at the earliest. https://t.co/8duu7BlUzi
— Narendra Modi (@narendramodi) March 13, 2023