Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰৰ মুম্বাইৰ গুন্দাবলী মেট্ৰ’ ষ্টেচনৰ পৰা মগৰালৈ মেট্ৰ’ ৰাইড প্ৰধানমন্ত্ৰীৰ

মহাৰাষ্ট্ৰৰ মুম্বাইৰ গুন্দাবলী মেট্ৰ’ ষ্টেচনৰ পৰা মগৰালৈ মেট্ৰ’ ৰাইড প্ৰধানমন্ত্ৰীৰ


মুম্বাই ১ ম’বাইল এপ আৰু নেচনেল কমন মবিলিটি কাৰ্ড মুকলি

 

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ গুন্দাবলী মেট্ৰ’ ষ্টেচনৰপৰা মগৰালৈ মেট্ৰ’ত উঠি যাত্ৰা কৰে। ইয়াৰোপৰি, তেখেতে মুম্বাই ১ ম’বাইল এপ (MUMBAI 1) আৰু নেচনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১) মুকলিৰ সমান্তৰালকৈ এই উপলক্ষে মেট্ৰ’ ফটো প্ৰদৰ্শনী আৰু থ্ৰীডি মডেল দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মেট্ৰ’ যাত্ৰাৰ সময়ত মেট্ৰ’ নিৰ্মাণৰে জড়িত শ্ৰমিকসকল তথা ছাত্ৰ-ছাত্ৰী, দৈনিক যাতায়াত কৰা লোকসকলৰ সৈতেও মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কুছিয়াৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শ্বাইনে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফডণবীছ উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ

“মুম্বাইত মেট্ৰ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”

প্ৰধানমন্ত্ৰীগৰাকীয়েইয়াৰ পূৰ্বে মুম্বাই মেট্ৰ’ ৰে’ল লাইন ২এ আৰু৭ ৰাষ্ট্ৰলৈউৎসৰ্গা,ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ উন্নয়ন আৰু সাতটা নলা পৰিশোধন প্ৰকল্পৰ কামৰ আধাৰশিলা স্থাপন,২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দোৱাখানা উদ্বোধনআৰু মুম্বাইৰ প্ৰায় ৪০০ কিলোমিটাৰ পথৰ বাবেপথ কংক্ৰিটাইজেচন প্ৰকল্পৰ শুভাৰম্ভ কৰে।

 

পৃষ্ঠপট

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই ১ ম’বাইল এপ আৰু নেচনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১)  মুকলি কৰে। এই এপটোৱে ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব, মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশদ্বাৰত দেখুৱাব পাৰি আৰু ইউপিআইৰ জৰিয়তে টিকট ক্ৰয়ৰ ক্ষেত্ৰত ডিজিটেল পেমেন্টক প্ৰশস্ত কৰে। নেশ্যনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১) প্ৰথম অৱস্থাত মেট্ৰ’ কৰিডৰত ব্যৱহাৰ কৰা হ’ব আৰু ইয়াক স্থানীয় ৰেল তথা বাছকে প্ৰমুখ্য কৰি অন্যান্য গণ ৰাজহুৱা পৰিবহণ ব্যৱস্থালৈয়ো সম্প্ৰসাৰিত কৰিবপৰা যাব। যাতায়াত কৰা লোকসকলে একাধিক কাৰ্ড বা নগদ ধন লগত ৰখাৰ প্ৰয়োজন নহ’ব; এনচিএমচি কাৰ্ডে দ্ৰুত, সংস্পৰ্শবিহীন, ডিজিটেল লেনদেনক প্ৰশস্ত কৰিব, যাৰ ফলশ্ৰুতিত প্ৰক্ৰিয়াটো এক নিৰৱচ্ছিন্ন অভিজ্ঞতাৰ সৈতে সহজ হ’ব।