প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমত তিনীওটা সেৱাৰ সেই অগ্নিবীৰসকলৰ প্ৰথম বেচক সম্বোধন কৰে, যিসকলে নিজৰ বুনিয়াদী প্ৰশিক্ষণ আৰম্ভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এই পথ-প্ৰদৰ্শক অগ্নিপথ যোজনাৰ অগ্ৰণী হোৱাত অগ্নিবীৰসকলক অভিনন্দন জনায় । তেওঁ এই কথাত আলোকপাত কৰে যে এই পৰিৱৰ্তনকাৰী নীতি আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী বনোৱাত আৰু তেওঁলোকক ভৱিষ্যতে আহিবলগা প্ৰত্যাহ্বানৰ বাবে সাজু কৰাত এক ‘গেম চেঞ্জাৰ’ হিচাপে প্ৰতিপন্ন হ’ব। প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে যে যুৱ অগ্নিবীৰসকলে সশস্ত্ৰ বাহিনীক আৰু অধিক যুৱক আৰু টেকনিকেল ৰূপত ব্যৱহাৰিক কৰি তুলিব।
অগ্নিবীৰসকলৰ ক্ষমতাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ ভাবনাই সশস্ত্ৰ বাহিনীৰ বীৰত্ব প্ৰদৰ্শন কৰে, যি সদায়েই ৰাষ্ট্ৰৰ পতাকাক ওপৰত ৰাখিছে। তেওঁ কয় যে এই সুযোগেৰে তেওঁলোকে যি অনুভৱ লাভ কৰিব, সেয়া জীৱনজুৰি তেওঁলোকৰ বাবে গৌৰৱৰ স্ৰোত প্ৰতিপন্ন হ’ব।
প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰত এক নতুন উৎসাহেৰে পৰিপূৰ্ণ আৰু আমাৰ সশস্ত্ৰ বাহিনীসমূহক আধুনিক বনোৱাৰ সমান্তৰালকৈ আত্মনিৰ্ভৰ কৰাৰ প্ৰয়াস কৰি থকা হৈছে। তেওঁ কয় যে ২১শ শতিকাত যুদ্ধ কৰাৰ পদ্ধতিত সলনি হৈ আছে। সম্পৰ্কহীন যুদ্ধৰ নতুন বাহিনী আৰু চাইবাৰ যুদ্ধৰ প্ৰত্যাহ্বানৰ ওপৰত চৰ্চা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে টেকনিকেল ৰূপত সক্ষম সৈনিকে আমাৰ সশস্ত্ৰ বাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে বিশেষকৈ যুৱকসকলৰ বৰ্তমান প্ৰজন্মৰ মাজত এই ক্ষমতা আছে, সেয়ে অগ্নিবীৰসকলে অনাগত সময়ত আমাৰ সশস্ত্ৰ বাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই যোজনাই কেনেকৈ মহিলাসকলকো অধিক শক্তিশালী কৰি তুলিব। তেওঁ এই কথাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে যে কেনেদৰে মহিলা অগ্নিবীৰসকলে নৌসেনাৰ গৌৰৱ বঢ়াই আছে। তেওঁ কয় যে তেওঁ তিনিওটা সেনাত মহিলা অগ্নিবীৰসকলক দেখা পাবলৈ উৎসুক। প্ৰধানমন্ত্ৰীয়ে ছিয়াচিনত নিযুক্ত মহিলা সৈনিক আৰু আধুনিক যুঁজাৰু বিমান চলোৱা মহিলা পাইলটসকলৰ উদাহৰণ দি উল্লেখ কৰে যে কেনেদৰে মহিলাসকলে মৰ্চাত সশস্ত্ৰ বাহিনীৰ নেতৃত্ব কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ জৰিয়তে তেওঁলোকে বিবিধ অনুভৱ লাভ কৰাৰ সুযোগ পাব আৰু তেওঁলোকে বিভিন্ন ভাষা আৰু সংস্কৃতি তথা জীৱন যাপনৰ পদ্ধতিও শিকাৰ প্ৰয়াস কৰা উচিত। তেওঁ কয় যে টীম ৱৰ্ক আৰু নেতৃত্ব দক্ষতাৰ সন্মান তেওঁলোকৰ ব্যক্তিত্বত এক নতুন পৰিসৰৰ সৃষ্টি কৰিব। তেওঁ অগ্নিবীৰসকলক নিজৰ পছন্দৰ ক্ষেত্ৰত নিজৰ দক্ষতাক উন্নত কৰিবলৈ কাম কৰি নতুন কথা শিকিবৰ বাবে উৎসুক হৈ থাকিবলৈ আহ্বান জনায়।
যুৱক-যুৱতী আৰু অগ্নিবীৰসকলৰ ক্ষমতাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে এইবুলি কৈ নিজৰ সম্বোধন সমাপ্ত কৰে যে আপোনালোকেই ২১শ শতিকাত ৰাষ্ট্ৰক নেতৃত্ব প্ৰদান কৰিবলৈ গৈ আছে।
***
DS/SH
Addressed the 1st batch of spirited Agniveers. This transformational scheme is aimed at further strengthening our armed forces and making them future ready. Proud to see this scheme also contribute to women empowerment. https://t.co/F94nOt4y6S
— Narendra Modi (@narendramodi) January 16, 2023