Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বালিত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণী অধিৱেশনত শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অনুবাদ


মহামান্য,

বন্ধুসকল,

পুনৰ এবাৰ মোৰ বন্ধু ৰাষ্ট্ৰপতি জোকোৱিক অভিনন্দন জনাইছোঁ। তেওঁ এই কঠিন সময়তো জি-২০ক দক্ষতাৰে নেতৃত্ব প্ৰদান কৰিছে। আৰু বালি ঘোষণাপত্ৰ গ্ৰহণ কৰাৰ বাবে মই আজি জি-২০ সম্প্ৰদায়কো অভিনন্দন জনাইছোঁ। ভাৰতে জি-২০ অধ্যক্ষতাৰ সময়ত ইণ্ডোনেছিয়াৰ প্ৰশংসনীয় পদক্ষেপসমূহক আগুৱাই নিয়াৰ চেষ্টা কৰিব। এইটো ভাৰতৰ বাবে এক অতি শুভ কাকতালীয় ঘটনা যে আমি বালিৰ এই পবিত্ৰ দ্বীপত জি-২০ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। ভাৰত আৰু বালিৰ এক পুৰণি সম্পৰ্ক আছে।

মহামান্য,

ভাৰতে এনে এক সময়ত জি-২০ৰ দায়িত্ব গ্ৰহণ কৰিছে যি সময়ত বিশ্বই ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক মন্দাৱস্থা, খাদ্য আৰু শক্তিৰ মূল্য বৃদ্ধি আৰু মহামাৰীৰ দীৰ্ঘম্যাদী কুপ্ৰভাৱৰ সৈতে যুঁজি আছে। এনে সময়ত, বিশ্বই জি-২০লৈ আশাৰে চাই আছে। আজি মই আশ্বাস দিব বিচাৰো যে ভাৰতৰ জি-২০ অধ্যক্ষতা সৰ্বাত্মক, উচ্চাকাংক্ষী, নিৰ্ণায়ক আৰু কাৰ্যমুখী হ’ব।

মহামান্য,

আগন্তুক এবছৰত, জি-২০ এ যাতে নতুন ধাৰণাৰ পৰিকল্পনাৰ বাবে আৰু সামূহিক কাৰ্যক ত্বৰান্বিত কৰাৰ বাবে বিশ্বব্যাপী প্ৰধান চালিকাশক্তি হিচাপে কাম কৰে সেয়াই আমাৰ প্ৰচেষ্টা হব। প্ৰাকৃতিক সম্পদৰ ওপৰত মালিকীস্বত্বৰ ভাবে আজি সংঘাতৰ জন্ম দিছে, আৰু পৰিৱেশৰ দুৰ্দশাৰ মুখ্য কাৰণ হৈ পৰিছে। পৃথিৱীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ট্ৰাষ্টিশ্বিপৰ অনুভূতি হৈছে সমাধান। LIFE অৰ্থাৎ ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ অভিযানে ইয়াত এক বহত্ অৱদান আগবঢ়াব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে বহনক্ষম জীৱনশৈলীক এক গণ আন্দোলনলৈ পৰিণত কৰা।

মহামান্য,

আজিৰ প্ৰয়োজনীয়তা হৈছে যে উন্নয়নৰ লাভালাভবোৰ সাৰ্বজনীন আৰু সৰ্বাত্মক হওক। আমি সকলো মানুহক সহানুভূতি আৰু সংহতিৰে উন্নয়নৰ লাভালাভ প্ৰদান কৰিব লাগিব। মহিলাৰ অংশগ্ৰহণ অবিহনে বৈশ্বিক বিকাশ সম্ভৱ নহয়। আমি আমাৰ জি-২০ কাৰ্যসূচীতো মহিলা নেতৃত্বাধীন বিকাশৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগিব। শান্তি আৰু নিৰাপত্তা অবিহনে আমাৰ ভৱিষ্যত প্ৰজন্মই অৰ্থনৈতিক বিকাশ বা প্ৰযুক্তিগত উদ্ভাৱনৰ সুবিধা ল’ব নোৱাৰিব। জি-২০য়ে শান্তি আৰু সম্প্ৰীতিৰ সপক্ষে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিব লাগিব। এই সকলোবোৰ অগ্ৰাধিকাৰ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বিষয়বস্তু-“এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”ত সম্পূৰ্ণৰূপে সন্নিবিষ্ট হৈছে।

মহামান্য,

জি-২০ৰ অধ্যক্ষতা গ্ৰহণ কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ উপলক্ষ৷ আমি আমাৰ দেশৰ বিভিন্ন চহৰ আৰু ৰাজ্যত জি-২০ বৈঠকৰ আয়োজন কৰিম৷ আমাৰ অতিথিসকলে ভাৰতৰ বিস্ময়কৰ বৈচিত্ৰ্য, সামগ্ৰিক পৰম্পৰা আৰু সাংস্কৃতিক সমৃদ্ধিৰ সম্পূৰ্ণ অভিজ্ঞতা লাভ কৰিব। আমি আশা কৰোঁ যে আপোনালোক সকলোৱে ‘গণতন্ত্ৰৰ মাতৃ’ ভাৰতত এই অনন্য উদযাপনত অংশগ্ৰহণ কৰিব। একেলগে, আমি জি-২০ক বৈশ্বিক পৰিৱৰ্তনৰ এক অনুঘটক কৰিম।

বহুত ধন্যবাদ!

 

****************************

DS/SH/AK/KG