প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ ৰাজনীতিবিদ শ্ৰী মোলায়ম সিং যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী যাদৱে জনসাধাৰণক নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু লোকনায়ক জে পি আৰু ড০ লোহিয়াৰ আদৰ্শ জনপ্ৰিয় কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শ্ৰী মোদীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া শ্ৰী যাদৱ প্ৰতিৰক্ষা মন্ত্ৰী আছিল আৰু ভাৰতক শক্তিশালী কৰি তোলাৰ বাবে কাম কৰিছিল। শ্ৰী যাদৱৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সদায় তেওঁৰ মতামত শুনিবলৈ অপেক্ষা কৰিছিল আৰু তেওঁলোকৰ বৈঠকৰ ফটোও শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী যাদৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়,
“শ্ৰী মুলায়ম সিং যাদৱ জী এক উল্লেখযোগ্য ব্যক্তিত্ব আছিল। তেওঁ এজন নম্ৰ আৰু মাটিৰ সৈতে জড়িত নেতা হিচাপে ব্যাপকভাৱে প্ৰশংসিত হৈছিল যি মানুহৰ সমস্যাৰ প্ৰতি সংবেদনশীল আছিল। তেওঁ জনসাধাৰণক নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু লোকনায়ক জে পি আৰু ড০ লোহিয়াৰ আদৰ্শ জনপ্ৰিয় কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।”
“মোলায়ম সিং যাদৱজীয়ে উত্তৰ প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত নিজকে বিশিষ্ট কৰি তুলিছিল। জৰুৰীকালীন অৱস্থাত তেওঁ গণতন্ত্ৰৰ বাবে এজন গুৰুত্বপূৰ্ণ সৈনিক হিচাপে কাম কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁ এক শক্তিশালী ভাৰতৰ বাবে কাম কৰিছিল। তেওঁৰ সংসদীয় হস্তক্ষেপবোৰ অন্তৰ্দৃষ্টিপূৰ্ণ আছিল আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল।”
“যেতিয়া আমি আমাৰ নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো তেতিয়া মুলায়ম সিং যাদৱ জীৰ সৈতে মোৰ অনেক বাৰ্তালাপ হৈছিল। ঘনিষ্ঠ সম্পৰ্ক অব্যাহত আছিল আৰু মই সদায় তেওঁৰ মতামত শুনিবলৈ অপেক্ষা কৰিছিলো। তেওঁৰ মৃত্যুৱে মোক কষ্ট দিছে। তেওঁৰ পৰিয়াল আৰু লক্ষাধিক সমৰ্থকৰ প্ৰতি সমবেদনা যাচিলোঁ। ঔম শান্তি।”
***
DS/TS/MANN
Shri Mulayam Singh Yadav Ji was a remarkable personality. He was widely admired as a humble and grounded leader who was sensitive to people’s problems. He served people diligently and devoted his life towards popularising the ideals of Loknayak JP and Dr. Lohia. pic.twitter.com/kFtDHP40q9
— Narendra Modi (@narendramodi) October 10, 2022
Mulayam Singh Yadav Ji distinguished himself in UP and national politics. He was a key soldier for democracy during the Emergency. As Defence Minister, he worked for a stronger India. His Parliamentary interventions were insightful and emphasised on furthering national interest. pic.twitter.com/QKGfFfimr8
— Narendra Modi (@narendramodi) October 10, 2022
I had many interactions with Mulayam Singh Yadav Ji when we served as Chief Ministers of our respective states. The close association continued and I always looked forward to hearing his views. His demise pains me. Condolences to his family and lakhs of supporters. Om Shanti. pic.twitter.com/eWbJYoNfzU
— Narendra Modi (@narendramodi) October 10, 2022