প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ১১ বজাত সম্প্ৰচাৰিত হ’ব লগা ‘মন কি বাত’ কাৰ্যসূচীৰ বাবে ধাৰণা আৰু পৰামৰ্শ দিবলৈ ৰাইজক আমন্ত্ৰণ জনাইছে। মানুহে মাইগভ, নমো এপত তেওঁলোকৰ মতামত ভাগ বতৰা কৰিব পাৰে বা 1800-11-7800 ডায়েল কৰি বাৰ্তাটো ৰেকৰ্ড কৰিব পাৰে। যিকোনো লোকে ১৯২২ লৈ এটা মিছকল দিব পাৰে আৰু এছএমএছত পোৱা লিংকৰ জৰিয়তে তেওঁলোকৰ পৰামৰ্শ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব পাৰে।
মাইগভৰ আমন্ত্ৰণৰ লিংক টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“#মনকীবাত সমগ্ৰ দেশৰ পৰা বিভিন্ন ধৰণৰ ইনপুট আৰু অনুপ্ৰেৰণাদায়ক সামূহিক প্ৰচেষ্টাৰে সমৃদ্ধ, যিআমাৰ সমাজত ইতিবাচক পৰিৱৰ্তন আনিছে। সদায়ৰ দৰে, মই এই মাহৰ 25 তাৰিখে খণ্ডটোৰ বাবে আপোনাৰ চিন্তাধাৰা জানিবলৈ বাট চাই আছোঁ। ‘
#MannKiBaat is enriched by diverse inputs and inspiring collective efforts across India which have brought positive changes in our society. Like always, I look forward to receiving your inputs for this month's episode which will take place on the 25th. https://t.co/GZyrY61gpk
— Narendra Modi (@narendramodi) September 12, 2022