প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগ্যেল ৱাংচুকক সাক্ষাৎ কৰে৷
দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাৰত-ভূটানৰ ঘনিষ্ঠ আৰু অনন্য বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ধাৰণাৰ বিষয়ে আলোচনা কৰে। শ্ৰী মোদীয়ে ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত একেৰাহে ড্ৰুক গ্যালপ’ছে প্ৰদান কৰা পথ প্ৰদৰ্শক দৃষ্টিভংগীৰো শলাগ লয়।”
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“ভূটানৰ মহামহিম ৰজাৰ সৈতে এখন উষ্ম বৈঠকত মিলিত হ’লো৷ আমি ভাৰত-ভূটানৰ মাজৰ ঘনিষ্ঠ আৰু অনন্য বন্ধুত্বক আৰু অধিক শক্তিশালী কৰিবলৈ বিভিন্ন ধাৰণাৰ বিষয়ে আলোচনা কৰিলো। আমাৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত একেৰাহে ড্ৰুক গ্যালপ’ছে প্ৰদান কৰা পথ প্ৰদৰ্শক দৃষ্টিভংগীৰ শলাগ লৈছো।”
Had a warm meeting with His Majesty the King of Bhutan. Discussed various ideas to further strengthen the close and unique India-Bhutan friendship. Conveyed my appreciation for the guiding vision provided by successive Druk Gyalpos in shaping our relations. pic.twitter.com/cmWW41lFrK
— Narendra Modi (@narendramodi) September 14, 2022