Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘কমনৱেলথ্ ক্ৰীড়া মহোত্সৱ ২০২২’ত সোণৰ পদক অৰ্জন কৰা ভাৰোত্তলক অচিন্ত শেউলিক প্ৰধানমন্ত্ৰীৰ অভিনন্দ


বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেলথ্ ক্ৰীড়া মহোত্সৱ ২০২২’ত সোণৰ পদক অৰ্জন কৰা ভাৰোত্তলক অচিন্ত শেউলিক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে। ক্ৰীড়া মহোত্সৱখনলৈ যোৱাৰ প্ৰাক ক্ষণত অচিন্ত শেউলীৰে হোৱা বাৰ্তালাপৰ কিয়দাংশও শ্বেয়াৰ কৰে শ্ৰী মোদীয়ে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“কমনৱেলথ্ ক্ৰীড়া সমাৰোহত প্ৰতিভাধৰ অচিন্ত শেউলীয়ে সোণৰ পদক অৰ্জন কৰা কথাই আহ্লাদিত কৰিছে। শান্ত স্বভাৱ আৰু দৃঢ় মনোবলৰ অধিকাৰী হিচাপেই তেওঁক জনা যায়। এই বিশেষ সাফল্যৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। ভৱিষ্যতৰ প্ৰতিটো প্ৰয়াসৰ বাবে তেওঁলৈ মই শুভকামনা জ্ঞাপন কৰিছো”।pic.twitter.com/cIWATg18Ce

“কমনৱেলথ্ ক্ৰীড়া সমাৰোহলৈ যোৱাৰ প্ৰাক ক্ষণত অচিন্ত শেউলীৰ সৈতে মই কথা পাতিছিলো। মাতৃ আৰু ভাতৃৰ পৰা পোৱা সহায়ৰ কথা তেওঁ আমাৰ আলোচনাৰ মাজত উল্লেখ কৰিছিল। এই মুহূৰ্তত তেওঁ যিহেতু পদক এটা জয় কৰিছে, সেয়ে তেওঁ এতিয়া কথাছবি এখন চোৱাৰ সময় উলিয়াব পাৰিব বুলি মই আশা কৰিছো।pic.twitter.com/4g6BprSvON

***

DS/ST/KB