প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰী থাৰ্মন শনমুগাৰত্নমে প্ৰদান কৰা প্ৰথম ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ (AJML) অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ইয়াত উপস্থিতসকলক সম্বোধন কৰে।
এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি পৰলোকপ্ৰাপ্তি ঘটা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেৰ সৈতে ঘনিষ্ঠ বন্ধুত্বৰ কথা স্মৰণ কৰে। আবে ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি তেখেতৰ বাবে অপূৰণীয় ক্ষতি আৰু অসহ্য কষ্টৰ দিন। আবেক ভাৰতৰ নিৰ্ভৰযোগ্য বন্ধু হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে চিনজো আবেৰ কাৰ্য্যকালত দুয়োখন দেশৰ সহভাজিত ঐতিহ্যৰ আধাৰত ভাৰত-জাপানৰ বৰ্ধিত সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ সহায়ত হাতত লোৱা প্ৰকল্পৰাজিৰ জৰিয়তেই আবে ভাৰতীয়সকলৰ হৃদয়ত থাকিব বুলিও তেখেতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ আনজন বন্ধু অৰুণ জেটলীৰ স্মৃতি সস্নেহে স্মৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমি যেতিয়া পাৰ হৈ যোৱা দিনবোৰৰ কথা মনত পেলালে বহু কথাই মনত পৰে, বহু ঘটনাও মনত পৰে। তেওঁৰ বক্তৃতাই আমাক সকলোকে মুগ্ধ কৰিছিল। তেওঁৰ ব্যক্তিত্ব বৈচিত্ৰ্যপূৰ্ণ আৰু স্বভাৱত সকলোৰে বাবে বন্ধুত্বসুলভ আছিল।” প্ৰধানমন্ত্ৰীগৰাকীয়ে জেটলীৰ চিৰস্থায়ী ‘ওৱান-লাইনাৰ’ ক স্মৰণ কৰে। জেটলীক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ অনুপস্থিতি সকলোৱে অনুভৱ কৰিছে বুলি কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰ্মন শনমুগাৰত্নম ডাঙৰীয়াক ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁৰ বৌদ্ধিক গভীৰতা, গৱেষণা আৰু গৱেষণাত স্থানীয় স্পৰ্শক অন্তৰ্ভুক্তকৰণ কাৰ্য্যক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ বক্তৃতাৰ বিষয় “অন্তৰ্ভুক্তিৰ জৰিয়তে বিকাশ, বিকাশৰ জৰিয়তে অন্তৰ্ভুক্তি” হৈছে চৰকাৰখনৰ উন্নয়ন নীতিৰো আধাৰ। “সৰল ভাষাত ক’বলৈ গ’লে এই বিষয়টো মোৰ মতে সবকা সাথ, সবকা বিকাশৰ পৰিপূৰক”, তেখেতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই বিষয়টোৱে আজিৰ নীতি নিৰ্ধাৰকসকলৰ প্ৰত্যাহ্বান আৰু দ্বিধা-দ্বন্দ্বসমূহক সামৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে “অন্তৰ্ভুক্তি অবিহনে সঠিক বিকাশ সম্ভৱনে? বিকাশ অবিহনে অন্তৰ্ভুক্তিৰ কথা চিন্তা কৰিব পাৰিনে?” প্ৰধানমন্ত্ৰীগৰাকীয়েই উত্তৰ দিয়ে “চৰকাৰৰ মুৰব্বী হিচাপে মোৰ ২০ বছৰীয়া অভিজ্ঞতাৰ মূলভাৱ হৈছে – অন্তৰ্ভুক্তি, প্ৰকৃত বিকাশ আৰু বিকাশ অবিহনে অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হ’ব নোৱাৰি।” সেইবাবেই, তেখেতে লগতে কয় যে ‘আমি অন্তৰ্ভুক্তিৰ জৰিয়তে বিকাশৰ পথ গ্ৰহণ কৰিলো আৰু সকলোৰে অন্তৰ্ভুক্তিৰ বাবে চেষ্টা কৰিছো।’
তেখেতে কয় যে যোৱা ৮ টা বছৰত অন্তৰ্ভুক্তিৰ গতি আৰু পৰিসৰ বিশ্বখনতে অভূতপূৰ্ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৯ কোটিৰো অধিক মহিলাক গেছ সংযোগ প্ৰদান, দৰিদ্ৰ লোকৰ বাবে ১০ কোটিৰো অধিক শৌচাগাৰ, ৪৫ কোটিৰো অধিক জন ধন একাউন্ট, দৰিদ্ৰ লোকক ৩ কোটি পকী ঘৰ আদি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তেখেতে আৰু কয় যে আয়ুষ্মান আঁচনিৰ অধীনত ৫০ কোটি লোকৰ বাবে ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা নিশ্চিত কৰা আৰু যোৱা ৪ বছৰত ৩.৫ কোটিৰো অধিক ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থাৰে অন্তৰ্ভুক্তিত গুৰুত্ব আৰোপ কৰা হৈছিল যদিও ইয়াৰ ফলত চাহিদা বৃদ্ধি পায়। আয়ুষ্মান ভাৰতে ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডৰ ৰূপান্তৰ ঘটাইছে বুলি তেখেতে কৈ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সাধিত অগ্ৰগতি সম্পৰ্কে কয়। তেখেতে কয়, “২০১৪ ৰ পূৰ্বে আমাৰ দেশখনত গড় হিচাপত ১০ বছৰত ৫০ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছিল। যোৱা ৭-৮ বছৰত ভাৰতত ২০৯ খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে, যি পূৰ্বতকৈ ৪ গুণৰো অধিক।” তদুপৰি, “ভাৰতত যোৱা ৭-৮ বছৰত স্নাতক চিকিৎসা পাঠ্যক্ৰমৰ আসন ৭৫% বৃদ্ধি পাইছে। এতিয়া ভাৰতত বাৰ্ষিক মুঠ চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিসংখ্যাৰ জৰিয়তে আমি এই খণ্ডটোৰ বিকাশত এক অন্তৰ্ভুক্তিমূলক আঁচনিৰ প্ৰভাৱ দেখিবলৈ পাওঁ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৫ লাখ সাধাৰণ সেৱা কেন্দ্ৰ, ইউপিআই আৰু পথৰ বিক্ৰেতাসকলৰ বাবে পিএম স্বনিধি আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্তিৰ পৰিসৰ বহল কৰা হৈছে। একেদৰে, আকাংক্ষী জিলা আৰু ‘এনইপি’ ত মাতৃভাষাত শিক্ষা, বিমান যাত্ৰা সুলভৰ বাবে উড়ান আঁচনিয়ে অন্তৰ্ভুক্তি আৰু বিকাশ উভয়কে আগুৱাই লৈ গৈছে। ৬ কোটি টেপৰ পানীৰ সংযোগ প্ৰদানেৰে হৰ ঘৰ জলৰ জৰিয়তে ব্যাপক অন্তৰ্ভুক্তিৰ কথাও তেখেতে কয়। স্বামিত্ব আঁচনিৰ জৰিয়তে অতি দুৰ্বল শ্ৰেণীৰ লোকসকলৰ সম্পত্তিৰ অধিকাৰ নিশ্চিত কৰা হৈছে। ইতিমধ্যে ৮০ লাখ প্ৰপাৰ্টি কাৰ্ড জাৰি কৰা হৈছে, যাৰ ফলত তেওঁলোকে বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে।
“আজিৰ ভাৰতে বাধ্যতামূলক সংস্কাৰৰ পৰিৱৰ্তে প্ৰত্যয়ৰে সংস্কাৰৰে আগন্তুক ২৫ বছৰৰ এক ৰ’ডমেপ যুগুত কৰিছে। পূৰ্বে ভাৰতত চৰকাৰসমূহৰ হাতত অন্য কোনো বিকল্প নাথাকিলিহে বৃহৎ সংস্কাৰ সাধন হৈছিল। আমি সংস্কাৰক প্ৰয়োজনীয় অমংগলৰ বিপৰীতে এটি ‘উইন-উইন’ বিকল্প বুলি গণ্য কৰো, য’ত ৰাষ্ট্ৰৰ স্বাৰ্থ আৰু জনস্বাৰ্থ নিহিত হৈ আছে”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰখনৰ দৃষ্টি সম্পৰ্কে বিশদভাৱে উল্লেখ কৰি কয়, “জনসাধাৰণৰ স্পন্দনৰ আধাৰত আমাৰ নীতি নিৰ্ধাৰণ কৰা হৈছে। আমি অধিক সংখ্যক লোকৰ কথা শুনিছো, তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ আকাংক্ষাৰাজি বুজি পাওঁ।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ন্যূনতম চৰকাৰ আৰু সৰ্বোচ্চ শাসনৰ দৃষ্টিয়ে যথেষ্ট ফল প্ৰদান কৰিছে। তেখেতে ক’ভিডৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বৰ উদাহৰণ দাঙি ধৰে। “আমাৰ দেশৰ ব্যক্তিগত প্লেয়াৰসকলে বহু ভাল কাম কৰিছে। তেওঁলোকৰ সৈতে প্ৰগতিশীল অংশীদাৰৰ ৰূপত চৰকাৰৰ পূৰ্ণ শক্তি আছে। আজি ভাৰত সমগ্ৰ বিশ্বখনৰ ভিতৰতে অতিশয় নিৰ্ভৰযোগ্য আৰু অত্যাধুনিক মহাকাশ সেৱা প্ৰদানকাৰী দেশসমূহৰ ভিতৰতে অন্যতম। আমাৰ ব্যক্তিগত খণ্ডটোৰ বাতাবৰণে এই ক্ষেত্ৰতো এক বৃহৎ ভূমিকা পালন কৰিছে। কিন্তু তেওঁলোকৰ পিছতো ‘পাৰ্টনাৰ ইন প্ৰগ্ৰেছ’ হিচাপে চৰকাৰখনে সম্পূৰ্ণ সামৰ্থ্যৰে থিয় দিছে”, তেখেতে কয়। “চৰকাৰখনে ব্যক্তিগত খণ্ডটোক প্ৰগতিৰ অংশীদাৰ হিচাপে উৎসাহিতকৰণৰ সময় সমাগত আৰু আমি এই দিশত আগবাঢ়িছো”, তেখেতে লগতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰততো পৰ্যটনৰ চিন্তা-চৰ্চা সম্প্ৰসাৰিত হৈছে। তেখেতে কয় যে শেহতীয়াকৈ ৭৫ ঐতিহ্য স্থানত যোগ দিৱস উদযাপনেৰে লোকসকলক পৰ্যটনৰ বহু নতুন স্থান সম্পৰ্কে সজাগ কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজাদী কা অমৃত কালে দেশখনৰ বাবে বহু সুযোগ কঢ়িয়াই আনিছে আৰু এইসমূহ লাভৰ বাবে আমি দৃঢ় সংকল্প গ্ৰহণ কৰিছো।
“অন্তৰ্ভুক্তিৰ জৰিয়তে বিকাশ, বিকাশৰ জৰিয়তে অন্তৰ্ভুক্তি’ বিষয়ত প্ৰথম এজেএমএলত মূল ভাষণ প্ৰদান কৰে ছিংগাপুৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰ্মন শনমুগাৰত্নম ডাঙৰীয়াই। এই বক্তৃতাৰ পিছতে পেনেল আলোচনাত শ্ৰী মথিয়াছ কৰ্মান (অ’ইচিডিৰ সচিব-প্ৰধান) আৰু শ্ৰী অৰবিন্দ পানাগাৰিয়া (কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক) ই ভাগ লয়।
অৰুণ জেটলীয়ে ৰাষ্ট্ৰখনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে প্ৰথম ‘অৰুণ জেটলী স্মাৰক বক্তৃতা’ অনুষ্ঠানৰ আয়োজন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৮ জুলাইৰপৰা ১০ জুলাইলৈ আয়োজিত কৌটিল্য অৰ্থনৈতিক সন্মিলন (KEC) ত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলৰ সৈতেও মত-বিনিময় কৰে।
***
DS/SB
Joined the first 'Arun Jaitley Memorial Lecture' in New Delhi. https://t.co/pqng2bIbxF
— Narendra Modi (@narendramodi) July 8, 2022
आज का दिन मेरे लिए अपूर्णीय क्षति और असहनीय पीड़ा का दिन है।
— PMO India (@PMOIndia) July 8, 2022
मेरे घनिष्ठ मित्र और जापान के पूर्व प्रधानमंत्री श्री शिंजो आबे अब हमारे बीच नहीं रहे।
आबे जी मेरे तो साथी थे ही, वो भारत के भी उतने ही विश्वसनीय दोस्त थे: PM @narendramodi
उनके कार्यकाल में भारत जापान के राजनीतिक संबंधों को नई ऊंचाई तो मिली ही, हमने दोनों देशों की सांझी विरासत से जुड़े रिश्तों को खूब आगे बढ़ाया: PM @narendramodi
— PMO India (@PMOIndia) July 8, 2022
आज भारत के विकास की जो गति है, जापान के सहयोग से हमारे यहां जो कार्य हो रहे हैं, इनके जरिए शिंजो आबे जी भारत के जन मन में सालों-साल तक बसे रहेंगे: PM @narendramodi
— PMO India (@PMOIndia) July 8, 2022
ये आयोजन अरुण जेटली जी को समर्पित है।
— PMO India (@PMOIndia) July 8, 2022
बीते दिनों को याद करते हैं, तो उनकी बहुत सारी बातें, उनसे जुड़े बहुत से वाकये याद आते हैं।
उनकी oratory के तो हम सभी कायल थे।
उनका व्यक्तित्व विविधता से भरा था, उनका स्वभाव सर्वमित्र था: PM @narendramodi
Head of government के तौर पर 20 वर्ष के मेरे अनुभवों का सार यही है कि- बिना inclusion के real growth संभव ही नहीं है।
— PMO India (@PMOIndia) July 8, 2022
और, बिना Growth के Inclusion का लक्ष्य भी पूरा नहीं किया जा सकता: PM @narendramodi
मैं आप सभी से ये प्रश्न पूछना चाहता हूं।
— PMO India (@PMOIndia) July 8, 2022
क्या बिना Inclusion के सही Growth संभव है?
क्या बिना Growth के Inclusion के बारे में सोचा जा सकता है? - PM @narendramodi
बीते 7-8 साल में भारत में Under Graduate Medical Seats में 75% की बढ़ोतरी हुई है।
— PMO India (@PMOIndia) July 8, 2022
भारत में अब Annual Total Medical Seats की संख्या बढ़कर लगभग दोगुनी हो चुकी है: PM @narendramodi
2014 से पहले हमारे देश का औसत था कि 10 साल में करीब 50 मेडिकल कॉलेज बना करते थे।
— PMO India (@PMOIndia) July 8, 2022
जबकि भारत में पिछले 7-8 साल में ही पहले के मुकाबले 4 गुना से ज्यादा 209 नए मेडिकल कॉलेज बनाए जा चुके हैं: PM @narendramodi
आज का भारत Reforms by compulsion के बजाय Reforms by conviction से आने वाले 25 साल का रोडमैप तैयार कर रहा है: PM @narendramodi
— PMO India (@PMOIndia) July 8, 2022
पहले भारत में बड़े रिफ़ॉर्म्स तभी हुए जब पहले की सरकारों के पास कोई और रास्ता नहीं बचता था।
— PMO India (@PMOIndia) July 8, 2022
हम reforms को necessary evil नहीं बल्कि win-win choice मानते हैं, जिसमें राष्ट्रहित है, जनहित है: PM @narendramodi
हमारी पॉलिसी मेकिंग pulse of the people पर आधारित है।
— PMO India (@PMOIndia) July 8, 2022
हम ज्यादा से ज्यादा लोगों को सुनते हैं, उनकी आवश्यकता, उनकी आकांक्षा को समझते हैं।
इसलिए हमने Policy को populist impulses के दबाव में नहीं आने दिया: PM @narendramodi
आज भारत पूरी दुनिया में सबसे विश्वसनीय और अत्याधुनिक Space Service Providers में से एक है।
— PMO India (@PMOIndia) July 8, 2022
इस क्षेत्र में भी हमारा Private Sector Ecosystem बहुत ही बेहतरीन काम कर रहा है।
लेकिन उनके पीछे भी Partner in Progress के रूप में सरकार की पूरी शक्ति है: PM @narendramodi
COVID Vaccines का ही उदाहरण लें।
— PMO India (@PMOIndia) July 8, 2022
हमारे देश के Private Players ने बहुत ही अच्छा काम किया है।
लेकिन उनके पीछे Partner in Progress के रूप में सरकार की पूरी ताकत खड़ी थी: PM @narendramodi
India's reform trajectory is being lauded globally.
— Narendra Modi (@narendramodi) July 8, 2022
In the last 8 years, India has not reformed by compulsion. India has reformed by conviction.
Our reform trajectory is a win-win for all stakeholders. pic.twitter.com/fXcJMtrOR3
In our Government, policy making is determined by the pulse of people not by populist impulses.
— Narendra Modi (@narendramodi) July 8, 2022
The benefits of such an approach are several. pic.twitter.com/DmHx8r6udn