Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কুশীনগৰৰ মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰ

প্ৰধানমন্ত্ৰীয়ে কুশীনগৰৰ মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে উত্তৰ প্ৰদেশৰ কুশীনগৰত মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰে।  ইয়াৰ পূৰ্বে, আজি প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনী ভ্ৰমণ কৰে আৰু মায়া দেৱী মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়।

তেওঁ নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে লুম্বিনী সন্ন্যাসী অঞ্চলত ভাৰত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে। শ্ৰী মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে লুম্বিনীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপনতো অংশগ্ৰহণ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে কুশীনগৰত আন্তঃগাঁথনি বিকশিত কৰাৰ বাবে চৰকাৰে যথেষ্ট প্ৰচেষ্টা চলাই আছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

“কুশীনগৰৰ মহাপৰিনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰিলো। আমাৰ চৰকাৰে কুশীনগৰত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে অজস্ৰ প্ৰচেষ্টা চলাই আছে যাতে অধিক পৰ্যটক আৰু তীৰ্থযাত্ৰী ইয়ালৈ আহিব পাৰে।”

 

***

DS/MS