মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী এন ভি ৰামানাজী, ন্যায়াধীশ শ্ৰী ইউ ইউ ললিত জী, কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছপি সিং ৱাঘেল জী, ৰাজ্যৰ সকলো আদৰণীয় মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লেফটেনেণ্ট গৱৰ্ণৰ জেনেৰেল, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশসকল, বিশিষ্ট অতিথিসকল, উপস্থিত সকলো মান্যবৰ, ভদ্ৰ পুৰুষ-মহিলাসকল,
বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ এই যুটীয়া সন্মিলন আমাৰ সাংবিধানিক সুন্দৰতাৰ সজীৱ ছবি পৰিস্ফুট হৈছে৷ মই আনন্দিত হৈছো, কিয়নো এই উপলক্ষে মইও আপোনালোকৰ মাজত অলপ সময় কটোৱাৰ সুযোগ লাভ কৰিলো৷ আমাৰ দেশত এফালে ন্যায়পালিকাৰ ভূমিকা সংবিধান সংৰক্ষক হোৱাৰ বিপৰীতে বিধানমণ্ডলে নাগৰিকসকলৰ আশা-আকাংক্ষাসমূহ প্ৰতিনিধিত্ব কৰে৷ মোৰ বিশ্বাস এই যে সংবিধানৰ এই দুয়োটা ধাৰাই এই সংগম, এই সন্তুলনে দেশৰ প্ৰভাৱী আৰু সময়ভিত্তিক ন্যায় ব্যৱস্থাৰ মাগদৰ্শন কৰিব৷ মই আপোনালোক সকলোকে এই অনুষ্ঠানৰ বাবে আন্তৰিক শুভাকামনা জ্ঞাপন কৰিছো৷
বন্ধুসকল,
মুখ্যমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশসকলৰ এই যুটীয়া সন্মিলন বহু আগৰে পৰা অনুষ্ঠিত হৈ আহিছে৷ ইয়াৰ জৰিয়তে আমাৰ দেশৰ বাবে কিবা নহয় কিবা এটা নতুন চিন্তাধাৰা বাহিৰ হৈছে৷ কিন্তু, এইবাৰৰ আয়োজন পূৰ্বতকৈ যথেষ্ট গুৰুত্বপূৰ্ণ৷ আজি এই সন্মিলন এনে সময়ত অনুষ্ঠিত হৈছে, যিসময়ত দেশে ইয়াৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে৷ স্বাধীনতাৰ এই ৭৫ বছৰে ন্যায়পালিকা আৰু কাৰ্যপালিকা দুয়োটাৰে ভূমিকা আৰু দায়বদ্ধতাক সদায়েই স্পষ্ট হৈছে৷ য’ত যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই দেশক পথ দেখুৱাৰ বাবে এই সম্পৰ্ক সদায়ে জড়িত হৈছে৷ বৰ্তমান স্বাধীনতাৰ অমৃত মহোৎসৱত যেতিয়া দেশত নতুন অমৃত সংকল্প লোৱা হৈছে, নতুন সপোন দেখা হৈছে, তেনে সময়তো ভৱিষ্যতৰ দিশে চাব লাগিব৷ ২০৪৭ চনৰ যেতিয়া দেশে ইয়াৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া দেশত কেনেধৰণৰ ন্যায় ব্যৱস্থা দেখিবলৈ পাব? আমি কিধৰণে নিজৰ ন্যায়িক পদ্ধতিক ইমান সমৰ্থবান কৰি তুলিম যে সেইবোৰে ২০৪৭চনত ভাৰতৰ আশা-আকাংক্ষাসমূহ পুৰণ কৰিব পাৰে, তাত থিয় হ’ব পাৰে, এই প্ৰশ্নক আজি আমি অগ্ৰাধিকাৰ দিয়া উচিত৷ অমৃতকালত আমাৰ ভিজন এনে এক ন্যায় ব্যৱস্থাৰ হ’ব লাগিব, য’ত ন্যায় সুলভ হ’ব, ন্যায় ত্বৰান্বিত হ’ব আৰু ন্যায় সকলোৰে কাৰণে হওক৷
বন্ধুসকল,
দেশত ন্যায়ৰ বোজা কম কৰাৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো প্ৰসায় কৰি আহিছে৷ আমি ন্যায়পালিকাক শক্তিশালী কৰাৰ বাবে প্ৰয়াস কৰিছো, ন্যায়িক আন্তঃগাঁথনিক উন্নত কৰাৰ প্ৰচেষ্টা কৰি থকা হৈছে৷ কেছ মেনেজমেণ্টৰ বাবে আইচিটিৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে৷ চাবৰ্ডিনেট ক’ৰ্ট আৰু জিলা আদালতৰ পৰা আদি কৰি উচ্চ ন্যায়ালয়লৈকে খালী পদ পুৰণৰ বাবে প্ৰয়াস কৰি থকা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে দেশত ব্যাপক হাৰত কাম চলি আছে৷ এই ক্ষেত্ৰত ৰাজ্যসমূহেও বৃহৎ ভূমিকা পালন কৰিছে৷
বন্ধুসকল,
বৰ্তমান সমগ্ৰ বিশ্বত নাগৰিকসকলৰ অধিকাৰৰ বাবে, তেওঁলোকক সবলীকৰণ কৰাৰ বাবে প্ৰযুক্তি এক গুৰুত্বপূৰ্ণ আহিলাত পৰিণত হৈছে৷ আমাৰ ন্যায়িক পদ্ধতিতো প্ৰযুক্তিৰ সম্ভাৱনাৰ সৈতে আপোনালোক সকলো পৰিচিত৷ আমাৰ সন্মানীয় ন্যায়াধীশসকলে সময়ে সময়ে এই বিষয়টো আগুৱাই নিছে৷ ভাৰত চৰকাৰেও ন্যায়িক পদ্ধতিত প্ৰযুক্তিৰ সম্ভাৱনাক ডিজিটেল ইণ্ডিয়া মিচনৰ এক প্ৰয়োজনীয় কাম বুলি ভাৱে৷ উদাহৰণস্বৰূপে, ই-আদালত প্ৰকল্প বৰ্তমান মিচন ম’ডত ৰূপায়ণ কৰি থকা হৈছে৷ উচ্চতম ন্যায়ালয়ৰ ই-কমিটীৰ মাৰ্গদৰ্শনত ন্যায়িক পদ্ধতিত প্ৰযুক্তি সংহতকৰণ আৰু ডিজিটাইজেচনৰ কাম তীব্ৰগতিত আগুৱাই গৈছে৷ মই ইয়াত উপস্থিত সকলো মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ সকলো মুখ্য ন্যায়াধীশৰ প্ৰতি অনুৰোধ জনাও যে এই অভিযানক বিশেষ মাত্ৰা প্ৰদান কৰক আৰু ইয়াক আগুৱাই লৈ যাওক৷ ডিজিটেল ইণ্ডিয়াৰ লগতে ন্যায়পালিকাৰ এই একত্ৰীকৰণ বৰ্তমান দেশৰ সাধাৰণ নাগৰিকৰ আশাত পৰিণত হৈছে৷ আপোনালোকে চাওক, বৰ্তমান কেই বছৰমানৰ পূৰ্বে ডিজিটেল লেনদেনক আমাৰ দেশত অসম্ভৱ বুলি ভৱা হৈছিল৷ একাংশই কৈছিল, আচৰিত হৈছিল যে এই কাম আমাৰ দেশত কিদৰে সম্ভৱ? এই কথাও ভৱা হৈছিল যে ইয়াৰ পৰিসৰ কেৱল চহৰসমূহতে সীমাবদ্ধ থাকিব, তাতকৈ আগুৱাই নাযায়৷ কিন্তু বৰ্তমান সৰু চহৰ আৰু গাঁৱতো ডিজিটেল লেনদেন সাধাৰণ কথাত পৰিণত হ’ব ধৰিলে৷ সমগ্ৰ বিশ্বত বিগত বৰ্ষত যিমান ডিজিটেল লেনদেন হ’ল, তাৰ ৪০শতাংশ ডিজিটেল লেনদেন ভাৰতত হ’ল৷ চৰকাৰৰ সৈতে জড়িত সেইবোৰ সেৱা, যিবোৰৰ বাবে পূৰ্বতে নাগৰিকসকলে মাহ মাহ ধৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰিবলগীয়া হৈছিল, সেয়া এতিয়া ম’বাইলতে উপলব্ধ হৈছে৷ তেনেই স্বাভাৱিক, যিসকল নাগৰিকৰ সেৱা আৰু সুবিধাসমূহ অনলাইনত উপলব্ধ হৈ আছে, তেওঁলোকে ন্যায়ৰ অধিকাৰৰ বাবেও সেইদৰেই অপেক্ষা কৰিব৷
বন্ধুসকল,
বৰ্তমান যিহেতু আমি প্ৰযুক্তি আৰু ভৱিষ্যদৰ্শী দৃষ্টিভংগীৰ কথা কৈছো, সেয়েহে ইয়াৰ গুৰুত্বপূৰ্ণ কাৰক হৈছে প্ৰযুক্তি অনুকূল মানৱ সম্পদ৷ প্ৰযুক্তিয়ে আজি যুৱক-যুৱতীসকলৰ জীৱনৰ স্বাভাৱিক অংশীদাৰ হৈ পৰিছে৷ আমি এইটো সুনিশ্চিত কৰিব লাগিব যে এই ক্ষেত্ৰত পাৰ্গত যুৱক-যুৱতীসকললক কিদৰে আমি বৃত্তিগত শক্তিত পৰিণত কৰিম৷ বৰ্তমান বহু দেশত আইন বিশ্ববিদ্যালয়ত ব্লক চেইন, বৈদ্যুতিক আৱিষ্কাৰ, চাইবাৰ নিৰাপত্তা, ৰ’ব’টিকছ, কৃত্ৰিম বুদ্ধিমত্তা আৰু বায়’-এথিকছৰ দৰে বিষয় পঢ়ুৱাম৷ আমাৰ দেশতো যাতে আইনী শিক্ষা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হয়, তাৰবাবে আমি মিলিজুলি প্ৰয়াস কৰিব লাগিব৷
বন্ধুসকল,
আমাৰ শাস্ত্ৰসমূহত কোৱা হৈছে-‘न्यायमूलं सुराज्यं स्यात्’৷ অৰ্থাৎ যিকোনো দেশত সু-শাসনৰ আধাৰ হৈছে ন্যায়৷ সেইবাবে ন্যায় জনসাধাৰণৰ সৈতে জড়িত হ’ব লাগিব, জনসাধাৰণৰ ভাষাত হ’ব লাগিব৷ যেতিয়ালৈকে ন্যায়ৰ আধাৰ সাধাৰণ জনতাই বুজি নাপাব, তেওঁলোকৰ বাবে ন্যায় আৰু ৰাজকীয় আদেশত বহুত পাৰ্থক্য নাথাকে৷ মই বৰ্তমান চৰকাৰৰ এটা বিষয়ৰ ওপৰত অলপ গুৰুত্ব আৰোপ কৰি আছো৷ বিশ্বৰ বহু এনেকুৱা দেশ আছে, য’ত আইন প্ৰস্তুত কৰিলেই এটা আইনী পৰিভাষাত আইন হয়৷ কিন্তু তাৰ লগতে আন এটা আইনী ৰূপো ৰখা হয়৷ যিসকল লোক ভাষাত হয়, সাধাৰণ জনতাৰ ভাষাত হয় আৰু দুয়োটাই মান্য হয় আৰু তাৰবাবে সাধাৰণ জনতাক আইনী দিশবোৰ বুজাত ন্যায়ৰ দুৱাৰ টুকুৰিয়াবলগীয়া নহয়৷ আমি চেষ্টা কৰি আছো যে অনাগত দিনসমূহত আমাৰ দেশতো আইনক এক সম্পূৰ্ণৰূপে আইনী পৰিভাষা হওক, কিন্তু ইয়াৰ লগে লগে সেই কথাকে সাধাৰণ ব্যক্তিসকলে বুজিব পৰা হয়৷ সেই ভাষা আৰু সেই দুয়োটা একেলগে বিধানসভা বা সংসদত গৃহীত কৰক, যাতে আগলৈ সাধাৰণ জনতাই ইয়াৰ আধাৰত নিজৰ কথা ক’ব পাৰে৷ বিশ্বৰ বহু দেশত এই পৰম্পৰা আছে৷ এতিয়া মই এটা দল গঠন কৰিছো, সেয়া অধ্যয়ন কৰিছো৷
বন্ধুসকল,
আমাৰ দেশত আজিও উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ সকলো কাম-কাজ ইংৰাজী ভাষাত হয় আৰু মোৰ ভাল লাগিছে যে চিজিআয়ে নিজে এই বিষয়টো গুৰুত্ব আৰোপ কৰিছে, কাইলৈ বাতৰি কাকততো এই ইতিবাচক খবৰ প্ৰকাশ হ’ব৷ কিন্তু তাৰবাবে বহুত অপেক্ষা কৰিব লাগিব৷
বন্ধুসকল,
এক বিশাল জনসংখ্যাৰ ন্যায়িক প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি ৰায়দানলৈকে বুজি পোৱাটো যথেষ্ট জটিল৷ আমি এই ব্যৱস্থাক সৰল আৰু সাধাৰণ জনতাই গ্ৰহণ কৰিব পৰাকৈ প্ৰস্তুত কৰাটো প্ৰয়োজন৷ আমি আদালতত স্থানীয় ভাষাসমূহক উৎসাহিত কৰা দৰকাৰ৷ইয়াৰ জৰিয়তে দেশৰ সাধাৰণ নাগৰিকসকলৰ ন্যায় প্ৰণালীৰ ওপৰত ভৰসা বৃদ্ধি পাব, তেওঁলোক তাৰ সৈতে জড়িত হোৱাৰ দৰে অনুভৱ কৰিব৷ এতিয়া আমি এইটো প্ৰচেষ্টা কৰিছো যে কাৰিকৰী শিক্ষা আৰু চিকিৎসা শিক্ষা মাতৃভাষাত কিয় হ’ব নোৱাৰে৷ আমাৰ সন্তান, যিসকল বাহিৰত পঢ়িবলৈ যায়, তেওঁলোকে বিশ্বৰ বিভিন্ন ভাষা শিকি, পঢ়ি, পুনৰ মেডিকেল কলেজত অধ্যয়ন কৰে, আমি আমাৰ দেশতো কৰিব পাৰো, মই জানি সুখ পাইছো যে বিভিন্ন ৰাজ্যত মাতৃ ভাষাত কাৰিকৰী শিক্ষা, চিকিৎসা শিক্ষাৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে৷ ভৱিষ্যতে ইয়াৰ বাবে যিসকল দুখীয়া সন্তানেও ভাষাৰ বাবে থমকি ৰৈছিল, তেওঁলোকৰ বাবে পথ মুকলি হ’ব আৰু সেয়াও এক ডাঙৰ ন্যায়৷ এয়া এক সামাজিক ন্যায়৷ সামাজিক ন্যায়ৰ বাবে ন্যায়পালিকাৰ দগা পালালৈকে যোৱাৰ প্ৰয়োজন নাই৷ সামাজিক ন্যায়ৰ বাবে কেতিয়াও ভাষা ডাঙৰ কাৰণ হ’ব পাৰে৷
বন্ধুসকল,
এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু সাধাৰণ মানুহৰ বাবে আইনী জটিলতাও আছে৷ ২০১৫ চনৰ পৰা আমি এনেকুৱা প্ৰায় ১,৮০০বিধ আইন চিহ্নিত কৰিছো, যিবোৰ অপ্ৰাসংগিক হৈ পৰিছে৷ ইয়াৰে ভিতৰত যি কেন্দ্ৰৰ আইন আছিল, তেনেকুৱা ১,৪৫০বিধ আইন আমি আঁতৰ কৰিছো৷ কিন্তু ৰাজ্যসমূহৰ ফালৰ পৰা কেৱল ৭৫আইন বাতিল কৰা হৈছে৷ মই আজি ইয়াত উপস্থিত সকলো মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনাও যে নিজৰ ৰাজ্যৰ নাগৰিকসকলৰ অধিকাৰৰ বাবে তেওঁলোকৰ সহজ জীৱনধাৰণৰ আপোনালোকৰ তাত এই আইনসমূহৰ ইমান বৃহৎ জাল হৈ পৰিছে৷ ম্যাদ উকলা আইনসমূহত জনতা সোমাই পৰে৷ সেই আইনসমূহ নিৰ্মূল কৰাৰ প্ৰতি আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক, জনসাধাৰণে আপোনালোকক বহুত আশীৰ্বাদ দিব৷
বন্ধুসকল,
ন্যায়িক সংস্কাৰ কেৱল এক নীতিগত বিষয় বা নীতি নহয়৷ দেশত অমীমাংসিত হৈ থকা কোটি কোটি গোচৰৰ বাবে নীতিৰ পৰা আদি কৰি প্ৰযুক্তিলৈকে, সম্ভৱপৰ সকলো প্ৰয়াস দেশত হৈ আছে আৰু আমি বাৰে বাৰে ইয়াৰ চৰ্চাও কৰি আছো৷ এই সন্মিলনতো আপোনালোকৰ সকলো বিশেষজ্ঞই এই বৈঠকত অংশগ্ৰহণ কৰিছে৷ সম্ভৱ ন্যায়াধীশসকল এনে বৈঠকলৈ অহাটো যিমান সুযোগ পাইছে, তাতকৈ অধিক সুযোগ মই পাইছো৷ কাৰণ মই বহু বছৰ ধৰি মুখ্যমন্ত্ৰী হিচাপে এই সন্মিলনলৈ আহিছিলো৷ এতিয়া ইয়াত বহাৰ সুযোগ আহিল, সেয়ে ইয়াৰ পৰা আহিছো৷ এক প্ৰকাৰ এই সন্মিলনৰ জ্যেষ্ঠ আছিলো৷
বন্ধুসকল,
এই বিষয়ত মই যেতিয়া কথা পাতিছিলো, তেতিয়া মই এইটো ভাৱিছো যে এই সকলো কাম মানৱীয় সংবেদনশীলতাৰ সৈতে জড়িত৷ মানৱীয় অনুভূতিসমূহকো আমি গুৰুত্ব আৰোপ কৰিব লাগিব৷ বৰ্তমান দেশত প্ৰায় চাৰে তিনি লাখ বন্দী এনে অৱস্থাত যাৰ গোচৰ চলি আছে আৰু কাৰাগাৰত আছে৷ ইয়াৰে অধিকাংশ লোক দুখীয়া বা সাধাৰণ পৰিয়ালৰ৷ প্ৰতিখন জিলাত জিলা ন্যায়াধীশৰ অধ্যক্ষতাত এখন সমিতি আছে, যাতে এই গোচৰসমূহৰ পৰ্যলোচনা হ’ব পাৰে, যিমানদূৰ সম্ভৱ তেওঁলোকক জামিন মুক্তি দিব পাৰে৷ মই সকলো মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক অনুৰোধ জনাও যে মানৱীয় সংবিধানৰ সেই সংবেদনশীলতা আৰু আইনৰ আধাৰত এই গোচৰসমূহ যদি সম্ভৱ হয়, তেতিয়াহ’লে অগ্ৰাধিকাৰ প্ৰদান কৰক৷ সেইদৰে ন্যায়ালয়সমূহত আৰু বিশেষকৈ স্থানীয় পৰ্যায়ত দীৰ্ঘদিনীয়া গোচৰৰ সমাধানৰ বাবে মধ্যস্থতাও এক গুৰুত্বপূৰ্ণ বিষয়৷ আমাৰ সমাজত মধ্যস্থতা, এই ন্যায়ৰ এক পৃথক মানৱীয় অৱধাৰণা৷ যদি আমি চাও তেতিয়া আমাৰ সমাজৰ সেই স্বভাৱ ক’ৰবাত নহয় ক’ৰবাত এতিয়া আছে৷ আমি আমাৰ সেই পৰম্পৰাসমূহ হেৰুওৱা নাই৷ আমি এই গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাটো প্ৰয়োজন আৰু যিদৰে শিৱ চাহাবে ললিত জীক প্ৰশংসা কৰিছে, মইও কৰিব বিচাৰো৷ তেওঁ সমগ্ৰ দেশ ভ্ৰমণ কৰিলে, এই কামৰ বাবে প্ৰতিখন ৰাজ্যলৈ গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, তেওঁৰ ক’ৰোনাৰ সময়তে গৈছে৷
বন্ধুসকল,
গোচৰ কম সময়তেও সমাধান হয়, ন্যায়ালয়ৰ বোজা কম হয় আৰু সামাজিক সম্পৰ্কও সুৰক্ষিত থাকে৷ আমি এই চিন্তাধাৰাৰে সংসদত মধ্যস্থতা বিধেয়কক এটা আম্ব্ৰেলা লেজিছলেচনৰ ৰূপত উত্থাপন কৰিছো৷ আমাৰ সমৃদ্ধ আইন বিশেষজ্ঞৰ সৈতে আমি ‘মধ্যস্থতাৰ জৰিয়তে সমাধান’ৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পাৰো৷ আমি সমগ্ৰ বিশ্বৰ সন্মুখত এক আৰ্হি দেখুৱাব পাৰো৷ মোৰ দৃঢ় বিশ্বাস যে প্ৰাচীন মানৱীয় মূল্যবোধ আৰু আধুনিক দৃষ্টিভংগীৰ জৰিয়তে এই সন্মিলনত এনে সকলো বিষয়ৰ সন্দৰ্ভত আপোনালোক সকলো বিদ্বান ব্যক্তিয়ে বিস্তৃতভাৱে আলোচনা কৰি মন্থন কৰি অমৃত বাহিৰ কৰিব, যিটোৱে সম্ভৱতঃ ভৱিষ্যত প্ৰজন্মৰ বাবে কামত আহিব৷ এই সন্মিলনৰ জৰিয়তে যি নতুন ধাৰণা বাহিৰ হ’ব, যি নতুন সিদ্ধান্ত ওলাব, সেয়া নতুন ভাৰতৰ আকাংক্ষাসমূহ পুৰণ কৰাৰ মাধ্যমত পৰিণত হ’ব৷ সেই বিশ্বাসেৰে মই পুনৰবাৰ আপোনালোক সকলোৰে মাৰ্গদৰ্শনৰ বাবে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু মই চৰকাৰৰ হৈ এই বিশ্বাস দিছো যে দেশৰ ন্যায় ব্যৱস্থাৰ বাবে চৰকাৰসমূহে যি কৰিব বিচাৰে, সেয়া ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক তাৰ সম্পূৰ্ণ প্ৰয়াস কৰা হ’ব, যাতে আমি সকলোৱে মিলি দেশৰ কোটি কোটি নাগৰিকৰ আশা-আকাংক্ষা পুৰণ কৰিব পাৰো আৰু ২০৪৭চনত দেশে যেতিয়া স্বাধীনতাৰ ১০০সংখ্যক বৰ্ষপূৰ্তি পালন কৰিব, যেতিয়া আমি ন্যায়ৰ ক্ষেত্ৰতো আৰু অধিক গৌৰৱেৰে আৰু অধিক সন্মানেৰে তথা অধিক সন্তোষেৰে আগুৱাই যাম, এয়াই মোৰ বহুত বহুত শুভকামনা৷ সকলোকে বহুত বহুত ধন্যবাদ৷
***
DS/ST/DK/DB
Addressing the Joint Conference of Chief Ministers and Chief Justices of High Courts. https://t.co/P1jsj2N1td
— Narendra Modi (@narendramodi) April 30, 2022
हमारे देश में जहां एक ओर judiciary की भूमिका संविधान संरक्षक की है, वहीं legislature नागरिकों की आकांक्षाओं का प्रतिनिधित्व करती है।
— PMO India (@PMOIndia) April 30, 2022
मुझे विश्वास है कि संविधान की इन दो धाराओं का ये संगम, ये संतुलन देश में प्रभावी और समयबद्ध न्याय व्यवस्था का roadmap तैयार करेगा: PM
आज़ादी के इन 75 सालों ने judiciary और executive, दोनों के ही roles और responsibilities को निरंतर स्पष्ट किया है।
— PMO India (@PMOIndia) April 30, 2022
जहां जब भी जरूरी हुआ, देश को दिशा देने के लिए ये relation लगातार evolve हुआ है: PM @narendramodi
2047 में जब देश अपनी आज़ादी के 100 साल पूरे करेगा, तब हम देश में कैसी न्याय व्यवस्था देखना चाहेंगे?
— PMO India (@PMOIndia) April 30, 2022
हम किस तरह अपने judicial system को इतना समर्थ बनाएँ कि वो 2047 के भारत की आकांक्षाओं को पूरा कर सके, उन पर खरा उतर सके, ये प्रश्न आज हमारी प्राथमिकता होना चाहिए: PM @narendramodi
भारत सरकार भी judicial system में technology की संभावनाओं को डिजिटल इंडिया मिशन का एक जरूरी हिस्सा मानती है।
— PMO India (@PMOIndia) April 30, 2022
उदाहरण के तौर पर, e-courts project को आज mission mode में implement किया जा रहा है: PM @narendramodi
आज छोटे कस्बों और यहाँ तक कि गाँवों में भी डिजिटल transaction आम बात होने लगी है।
— PMO India (@PMOIndia) April 30, 2022
पूरे विश्व में पिछले साल जितने डिजिटल ट्रांजेक्शन हुए, उसमें से 40 प्रतिशत डिजिटल ट्रांजेक्शन भारत में हुए हैं: PM @narendramodi
आजकल कई देशों में law universities में block-chains, electronic discovery, cybersecurity, robotics, AI और bioethics जैसे विषय पढ़ाये जा रहे हैं।
— PMO India (@PMOIndia) April 30, 2022
हमारे देश में भी legal education इन international standards के मुताबिक हो, ये हमारी ज़िम्मेदारी है: PM @narendramodi
हमें courts में स्थानीय भाषाओं को प्रोत्साहन देने की जरूरत है।
— PMO India (@PMOIndia) April 30, 2022
इससे देश के सामान्य नागरिकों का न्याय प्रणाली में भरोसा बढ़ेगा, वो उससे जुड़ा हुआ महसूस करेंगे: PM @narendramodi
एक गंभीर विषय आम आदमी के लिए कानून की पेंचीदगियों का भी है।
— PMO India (@PMOIndia) April 30, 2022
2015 में हमने करीब 1800 ऐसे क़ानूनों को चिन्हित किया था जो अप्रासंगिक हो चुके थे।
इनमें से जो केंद्र के कानून थे, ऐसे 1450 क़ानूनों को हमने खत्म किया। लेकिन, राज्यों की तरफ से केवल 75 कानून ही खत्म किए गए हैं: PM
हर जिले में डिस्ट्रिक्ट जज की अध्यक्षता में एक कमेटी होती है ताकि इन केसेस की समीक्षा हो सके, जहां संभव हो बेल पर उन्हें रिहा किया जा सके।
— PMO India (@PMOIndia) April 30, 2022
मैं सभी मुख्यमंत्रियों, high courts के chief justices से अपील करूंगा कि मानवीय संवेदनाओं और कानून के आधार पर इन मामलों को प्राथमिकता दें: PM
आज देश में करीब साढ़े तीन लाख prisoners ऐसे हैं, जो under-trial हैं और जेल में हैं।
— PMO India (@PMOIndia) April 30, 2022
इनमें से अधिकांश लोग गरीब या सामान्य परिवारों से हैं: PM @narendramodi
न्यायालयों में, और ख़ासकर स्थानीय स्तर पर लंबित मामलों के समाधान के लिए मध्यस्थता- Mediation भी एक महत्वपूर्ण जरिया है।
— PMO India (@PMOIndia) April 30, 2022
हमारे समाज में तो मध्यस्थता के जरिए विवादों के समाधान की हजारों साल पुरानी परंपरा है: PM @narendramodi
अमृतकाल में हमारा विजन एक ऐसी न्याय व्यवस्था का होना चाहिए, जिसमें सुलभ, त्वरित और सबके लिए न्याय हो। हम अपने Judicial System को इतना समर्थ बनाएं कि वो 2047 के भारत की आकांक्षाओं को पूरा कर सके, उन पर खरा उतर सके। pic.twitter.com/hFL0mda0lh
— Narendra Modi (@narendramodi) April 30, 2022
सभी मुख्यमंत्रियों और High Courts के Chief Justices से मेरा यह आग्रह है… pic.twitter.com/xkdjTLkcMn
— Narendra Modi (@narendramodi) April 30, 2022
हमें Courts में स्थानीय भाषाओं को प्रोत्साहन देने की जरूरत है। इससे देश के सामान्य नागरिकों का न्याय प्रणाली में भरोसा बढ़ेगा और वो उससे जुड़ा हुआ महसूस करेंगे। pic.twitter.com/sFxM55eSYT
— Narendra Modi (@narendramodi) April 30, 2022