নমস্কাৰ!
নমস্কাৰ বেংগালুৰু!
নমস্কাৰ ছেমিকন ইণ্ডিয়া!
মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মীসকল, ইলেক্ট্ৰনিক্স আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকল; বিনিয়োগকাৰীসকল; শিক্ষাবিদ, কূটনৈতিক বাহিনীৰ সদস্যসকল, আৰু বন্ধুসকল,
ছেমি-কন ইণ্ডিয়াৰ উদ্বোধনী সন্মিলনত আপোনালোক সকলোকে স্বাগতম জনাবলৈ পাই আজি মই অত্যধিক আনন্দিত হৈছোঁ। মই আনন্দিত যে ভাৰতত এনে এখন সন্মিলন অনুষ্ঠিত হৈছে। যিকি নহওক, ছেমিকণ্ডাক্টৰে আমি কল্পনা কৰাতকৈ অধিক উপায়েৰে বিশ্বত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ যোগান শৃংখলাৰ অন্যতম মুখ্য অংশীদাৰ হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰাটো আমাৰ সামূহিক লক্ষ্য। আমি অত্যাধুনিক প্ৰযুক্তি, উচ্চ মানদণ্ড আৰু উচ্চ নিৰ্ভৰযোগ্যতাৰ ওপৰত ভিত্তি কৰি এই দিশত আগুৱাই যাব বিচাৰোঁ।
বন্ধুসকল
মই ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক এক আকৰ্ষণীয় বিনিয়োগ গন্তব্য হোৱাৰ ছয়টা কাৰণ দেখিছোঁ।
প্ৰথমতে, আমি ১.৩ বিলিয়নতকৈও অধিক ভাৰতীয়ক সংযোগ কৰিবলৈ ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ কৰিছোঁ। আপোনালোক সকলোৱে বিত্তীয় অন্তৰ্ভুক্তিকৰণ, বেংকিং আৰু ডিজিটেল অৰ্থ প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ বিপ্লৱৰ বিষয়ে শুনিছে। ইউপিআই হৈছে আজিৰ বিশ্বৰ আটাইতকৈ দক্ষ পৰিশোধ আন্তঃগাঁথনি। আমি স্বাস্থ্যৰ পৰা জনকল্যাণ, অন্তৰ্ভুক্তিকৰণৰ পৰা সৱলীকৰণলৈকে-প্ৰশাসনৰ সকলো ক্ষেত্ৰতে জীৱনত ৰূপান্তৰ আনিবলৈ ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছোঁ। জনমূৰি হিচাপত সৰ্ববৃহৎ তথ্য উপভোক্তাসকলৰ আমি অন্যতম। আৰু এইক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছোঁ।
দ্বিতীয়তে, আমি ভাৰতক পৰৱৰ্তী প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিয়াৰ পথ প্ৰশস্ত কৰিছোঁ। আমি ছয় লাখ গাঁৱক ব্ৰডবেণ্ডৰ সৈতে সংযোগ কৰিবলৈ গৈ আছোঁ। আমি ৫জি, আইঅ’টি আৰু পৰিষ্কাৰ শক্তি প্ৰযুক্তিৰ ক্ষমতা বিকাশত বিনিয়োগ কৰি আছোঁ। আমি তথ্য, এআই আৰু অন্যান্য প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্ভাৱনৰ পৰৱৰ্তী ঢৌ উন্মোচন কৰিবলৈ কাম কৰি আছোঁ।
তৃতীয়তে, ভাৰত শক্তিশালী অৰ্থনৈতিক বিকাশৰ দিশে আগবাঢ়িছে। আমাৰ হাতত পৃথিৱীৰ দ্ৰুততম বিকাশশীল ষ্টাৰ্টআপ ব্যৱস্থা আছে। কেইসপ্তাহমানৰ পিছত নতুন ইউনিকৰ্ণ আহি আছে। ২০২৬ চনৰ ভিতৰত ভাৰতত ছেমিকণ্ডাক্টৰৰ ব্যৱহাৰ ৮০ বিলিয়ন ডলাৰ আৰু ২০৩০ চনৰ ভিতৰত ১১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।
চতুৰ্থতে, আমি ভাৰতত ব্যৱসায় কৰাৰ সহায়ক পৰিৱেশ সৃষ্টি কৰাৰ বাবে ব্যাপক সংস্কাৰ হাতত লৈছোঁ। যোৱা বছৰ, আমি ২৫,০০০ৰো অধিক পুৰণি বিধিনিয়ম বিলোপ কৰিছিলোঁ আৰু অনুজ্ঞাপত্ৰৰ স্বয়ং-নৱীকৰণৰ দিশত জোৰ দিছিলোঁ। একেদৰে, ডিজিটাইজেশ্বনে নিয়ন্ত্ৰক পৰিকাঠামোত গতি আৰু স্বচ্ছতা আনিছে। আজি, আমাৰ হাতত বিশ্বৰ আটাইতকৈ অনুকূল কৰ ব্যৱস্থা আছে।
পঞ্চমতে, ভাৰতীয় যুৱ শক্তিক একবিংশ শতিকাৰ উপযোগী কৰি তুলিবলৈ তেওঁলোকক দক্ষতা আৰু প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট বিনিয়োগ কৰি আছোঁ। ছেমিকণ্ডাক্টৰ ডিজাইনৰ ক্ষেত্ৰত আমাৰ ওচৰত অসাধাৰণ প্ৰতিভা আছে। বিশ্বৰ ছেমিকণ্ডাক্টৰ ডিজাইন অভিযন্তাৰ ২০ শতাংশই ভাৰতীয়। বিশ্বৰ শীৰ্ষ ২৫টা ছেমিকণ্ডাক্টৰ ডিজাইন কোম্পানীৰ প্ৰায় সকলোৰে আমাৰ দেশত তেওঁলোকৰ ডিজাইন বা গৱেষণা কেন্দ্ৰ আছে।
আৰু ষষ্ঠতে, আমি ভাৰতীয় উৎপাদন খণ্ডৰ পৰিৱৰ্তনৰ দিশত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছোঁ। যি সময়ত মানৱজাতিয়ে শতিকাৰ ভয়ংকৰ মহামাৰীৰ বিৰুদ্ধে যুঁজি আছিল, সেই সময়ত ভাৰতে কেৱল দেশখনৰ নাগৰিকসকলৰ স্বাস্থ্যৰ উন্নতিয়েই নহয়, আমাৰ অৰ্থনীতিৰ স্বাস্থ্যৰো উন্নতি সাধন কৰিছে।
বন্ধুসকল,
আমাৰ ”প্ৰডাকচন লিংকড ইনচেণ্টিভ” আঁচনিৰ অধীনত ১৪ টা প্ৰধান খণ্ডত ২৬ বিলিয়ন ডলাৰৰ অধিক ইনচেণ্টিভ আগবঢ়োৱা হৈছে। পৰৱৰ্তী ৫ বছৰত, ইলেক্ট্ৰনিক্স উৎপাদন খণ্ডত অভিলেখ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমি শেহতীয়াকৈ ১০ বিলিয়ন ডলাৰৰ অধিক মুঠ ব্যয়ৰ সৈতে ছেমি-কন ইণ্ডিয়া কাৰ্যসূচী ঘোষণা কৰিছোঁ। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে যিসমূহ কোম্পানীয়ে ছেমিকণ্ডাক্টৰ আৰু ডিচপ্লেৰ উৎপাদন আৰু ডিজাইন কৰিব সেইসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা। আমি অৱগত যে ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশৰ বাবে চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত সহযোগ নিশ্চিত কৰাটো প্ৰয়োজনীয়। এইক্ষেত্ৰত মোৰ দৃষ্টিভংগী মই ছেমিকণ্ডাক্টৰৰ ভাষাতেই কম। আগৰ সময়ত, উদ্যোগবোৰে তেওঁলোকৰ কাম কৰিবলৈ সাজু আছিল, কিন্তু চৰকাৰ আছিল ”নট গেট”ৰ দৰে। যিকোনো উপাদান সেয়ে ”নট গেট”-ত আহি বাতিল হৈ যায়। কিমান যে অপ্ৰয়োজনীয় বিধিনিয়ম আছিল। ব্যৱসায় কৰাৰ পৰিৱেশ নাছিল। কিন্তু, আমি বুজি পাইছো যে চৰকাৰ ”এণ্ড গেট”ৰ দৰে হ’ব লাগিব। যদি উদ্যোগসমূহে কঠোৰ পৰিশ্ৰম কৰে তেন্তে চৰকাৰে আৰু অধিক পৰিশ্ৰম কৰিব লাগিব। মই আপোনাসৱক আশ্বাস দিব বিচাৰো যে আমি ভৱিষ্যতেও এই সহযোগিতা আগবঢ়াই যাম। ছেমি-কন ইণ্ডিয়া কাৰ্যসূচী যাতে ছেমিকণ্ডাক্টৰ ফেব, ডিচপ্লে ফেব, ডিজাইন, এচেম্বলী, টেষ্ট, মাৰ্কিং আৰু পেকেজিঙৰ দৰে ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিটো ক্ষেত্ৰকে নিজৰ আওতাৰ ভিতৰলৈ আনে, সেই বিষয়ে আমি গুৰুত্ব আৰোপ কৰিম।
বন্ধুসকল,
এটা নতুন বিশ্ব শৃংখলা গঠন হৈছে আৰু আমি এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আমি যোৱা কেইবছৰমান ধৰি বিকাশক উৎসাহিত কৰা পৰিৱেশ সৃষ্টি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছোঁ। ভাৰতৰ নতুন প্ৰযুক্তি আৰু প্ৰত্যাহ্বান গ্ৰহণৰ বাবে ৰৈ আছে। আমি নানা সহায়ক নীতিৰ জৰিয়তে বিভিন্ন প্ৰতিকূলতাক যিমান দূৰ সম্ভৱ আপোনাসৱৰ পক্ষত অনাৰ চেষ্টা কৰিছোঁ। আমি দেখুৱাইছোঁ যে ভাৰতে কেৱল কথাই নকয়, কাম কৰিও দেখুৱায়! এইবাৰ আপোনাসৱৰ পাল।
বন্ধুসকল,
আগন্তুক বছৰবোৰত বিশ্বৰ বাবে ছেমিকণ্ডাক্টৰৰ কেন্দ্ৰ স্থল ভাৰতৰ দিশে আমি কেনেদৰে আগবাঢ়িব পাৰোঁ সেই বিষয়ে মই আপোনালোক সকলোৰে পৰা ব্যৱহাৰিক পৰামৰ্শৰ বাবে অপেক্ষা কৰিছোঁ। এই সন্মিলনৰ জৰিয়তে আমি ডমেইন বিশেষজ্ঞসকলৰ সৈতে জড়িত হোৱাৰ লক্ষ্য ৰাখিছোঁ। এক প্ৰাণৱন্ত ছেমিকণ্ডাক্টৰ উদ্যোগ গঢ়ি তুলিবলৈ আৰু কি কৰিব পাৰি বুজিবলৈ আমি অংশীদাৰসকলৰ সৈতে কাম কৰিম। মই নিশ্চিত যে এই সন্মিলনত সমৃদ্ধ আলোচনা হ’ব যিয়ে ভাৰতক এক নতুন ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব।
ধন্যবাদ।
বহুত ধন্যবাদ।
***
DS/VJ/BM/KG
Addressing the inaugural session of Semi-con India Conference being held in Bengaluru. https://t.co/D0mtwSQKmo
— Narendra Modi (@narendramodi) April 29, 2022
It gives me great pleasure today to welcome you all to the inaugural Semi-con India Conference.
— PMO India (@PMOIndia) April 29, 2022
I am glad that such a conference is being held in India.
Afterall, semi-conductors are playing a critical role in the world in more ways than we can imagine: PM @narendramodi
It is our collective aim to establish India as one of the key partners in global semi-conductor supply chains.
— PMO India (@PMOIndia) April 29, 2022
We want to work in this direction based on the principle of Hi-tech, high quality and high reliability: PM @narendramodi
I see six reasons for India being an attractive investment destination for Semi-conductor technologies.
— PMO India (@PMOIndia) April 29, 2022
First, we are building the digital infrastructure to connect over 1.3 billion Indians: PM @narendramodi
UPI is the world's most efficient payment infrastructure today.
— PMO India (@PMOIndia) April 29, 2022
We are using digital technology to transform lives in all sectors of governance from health and welfare to inclusion and empowerment: PM @narendramodi
Second, we are paving the way for India to lead the next technology revolution.
— PMO India (@PMOIndia) April 29, 2022
We are on our way to connect six hundred thousand villages with broadband.
We are investing in developing capabilities in 5G, IoT and clean energy technologies: PM @narendramodi
Third, India is headed for robust economic growth.
— PMO India (@PMOIndia) April 29, 2022
We have the world's fastest growing Startup Eco-system.
New unicorns are coming up every few weeks.
India's own consumption of Semi-conductors is expected to cross 80 billion Dollars by 2026 & 110 Billion Dollars by 2030: PM
Fourth, we have undertaken wide ranging reforms for improving ease of doing business in India.
— PMO India (@PMOIndia) April 29, 2022
Last year, we abolished more than 25,000 compliances & gave push towards auto-renewal of licenses.
Digitization is also bringing speed & transparency to the regulatory framework: PM
Fifth, we are investing heavily in skilling and training young Indians for the needs of 21st century.
— PMO India (@PMOIndia) April 29, 2022
We have an exceptional semi-conductor design talent pool which makes upto 20% of the world's semiconductor design engineers: PM @narendramodi
And Sixth, we have undertaken several measures towards transforming the Indian manufacturing sector.
— PMO India (@PMOIndia) April 29, 2022
At a time when humanity was fighting a once in a century pandemic, India was not only improving the health of our people but also the health of our economy: PM @narendramodi
In earlier times, industries were ready to do their work but the government was like a ''Not Gate''.
— PMO India (@PMOIndia) April 29, 2022
When any input flows into the ''Not Gate'', it gets negated: PM @narendramodi
So many needless compliances and no 'ease of doing business.'
— PMO India (@PMOIndia) April 29, 2022
But, we understand that the government must be like the ''And Gate''.
While the industry works hard, the government must work even harder: PM @narendramodi
India has the appetite for tech and risk-taking.
— PMO India (@PMOIndia) April 29, 2022
We have put the odds in your favour as far as possible through a supportive policy environment.
We have shown that India means business: PM @narendramodi